শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ এটা মন্তব্য আপলোড কৰি প্ৰচাৰ কৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে মাল্লিকাৰ্জুন খাৰ্গেই কৈছে যে “কংগ্ৰেছ পাৰ্টী শেষ হৈ গ’ল, কংগ্ৰেছ পাৰ্টী মৰি গ’ল,কংগ্ৰেছক এতিয়া আৰু কোনেও বচাব নোৱাৰে।” সেই ভিডিঅ’টো আপলোড কৰি ব্যৱহাৰকৰ্তাই কেপছন লিখিছে- এইটো আকৌ কি কলে

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভিডিঅ’টো ভালকৈ শুনি লৈ তাক কী-ফ্ৰেমত ভাগ কৰি ল’লোঁ। তাৰ পাছত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোঁতে আমি গুজৰাটৰ আহমদাবাদত দলটোৰ সভাপতি খাৰ্গেই জনসাধাৰণক সম্বোধি দিয়া ভাষণটো তথা সমগ্ৰ অনুষ্ঠানটোৰেই ১ঘণ্টা ১ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’টো যোৱা ৩ মে’ ২০২৪ত Indian National Congress (ভাৰতীয় জাতীয় কংগ্ৰেছ)ৰ আনুষ্ঠানিক ইউটিউৱ চেনেলটোত আপলোড কৰা ৰূপত পালোঁ। আমি সেই ভাষণটো শুনিলোঁ। তাত ১৪ মিনিট ৩০ চেকেণ্ডৰ পৰা ১৪ মিনিট ৫০ চেকেণ্ডৰ ভিতৰত ভাইৰেল হোৱা ভিডিঅ’টোৰ অংশটো শুনিবলৈ পালোঁ।

Archived Link

আমি জানিব পাৰিলোঁ যে মল্লিকাৰ্জুন খাৰ্গেই আচলতে নিজৰ ভাষণ প্ৰসংগত কৈছিল যে কিছুমান লোকে এইদৰে কয় যে “কংগ্ৰেছ পাৰ্টী শেষ হৈ গ’ল, কংগ্ৰেছ পাৰ্টী মৰি গ’ল,কংগ্ৰেছক এতিয়া আৰু কোনেও বচাব নোৱাৰে।” ভাষণত তেওঁ প্ৰকৃততে বিৰোধীয়ে কোৱা সেই কথাক নস্যাত কৰি কংগ্ৰেছৰ শক্তিৰ কথা কোৱা দেখা যায়। তাৰ অৰ্থ হৈছে খাৰ্গেই ভাষণত কৈছিল যে কিছুমান লোকে কংগ্ৰেছ পাৰ্টী শেষ হৈ যোৱা বুলি কোৱা কথাটো সত্য নহয় বা কংগ্ৰেছ পাৰ্টী এতিয়াও মৰি যোৱা নাই, শেষ হৈ যোৱা নাই।

আমি গুজৰাটত কংগ্ৰেছে আয়োজন কৰা সেই সভাৰ সম্পূৰ্ণ ভিডিঅ’টো সভাপতি খাৰ্গেই নিজৰ এক্স হেণ্ডেলতো সেই দিনাই শ্বেয়াৰ কৰা ৰূপত পালোঁ।

শেহত আমি ভাইৰেল হোৱা ভিডিঅ’টো আৰু প্ৰকৃত ভিডিঅ’টো তুলনা কৰি চালোঁ। আৰু নিশ্চিত হ’লোঁ যে কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ দলটো শেষ হৈ যোৱা বুলি কোৱা নাই। তেওঁ বৰং কিছুমান লোকে কংগ্ৰেছ দলটো শেষ হৈ যোৱা বুলি কোৱা কথাষাৰক নস্যাত হে কৰিছে।

এইখিনি তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে দাবীটো প্ৰসংগ সংগতিহীন। মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ দলটো শেষ হৈ যোৱা বুলি কোৱা নাই। লোকে তেনেকৈ কোৱা কথাটোত নস্যাত কৰিবলৈ গৈ হে সেই কথা উল্লেখ কৰিছিল। মূল ভিডিঅ’ৰ এটা অংশ কাটি ভাইৰেল কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো প্ৰসংগ সংগতিহীন। মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ দলটো শেষ হৈ যোৱা বুলি কোৱা নাই। লোকে তেনেকৈ কোৱা কথাটোত নস্যাত কৰিবলৈ গৈ হে সেই কথা উল্লেখ কৰিছিল। মূল ভিডিঅ’ৰ এটা অংশ কাটি ভাইৰেল কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ দলটো মৰি গৈছে, শেষ হৈ গৈছে বুলি সঁচাকৈ কৈছিল নেকি? সত্যতা জনক।

Fact Check By: Pranjal Sharma

Result: Missing Context