কিছুদিন পূৰ্বে হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলত অনুপ্ৰৱেশ কৰি নাগৰিক আৰু সেনা জোৱানক হত্যা কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে গাজা ষ্ট্ৰিপক ৰকেটেৰে প্ৰতিহত কৰি অঞ্চলটোৰ বহু আন্তঃগাঁথনি ধ্বংস কৰি পেলায়।

এই পটভূমিতে এজন সৈনিকে এজন মানুহৰ ডিঙিত আঁঠু বেঁকা কৰি হেচি ধৰাৰ বাবে ভুক্তভোগীৰ নাকৰ পৰা তেজ ওলোৱা দেখা পোৱা এখন ফটো এখন ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে আৰু এই দাবীত ব্যাপকভাৱে প্ৰচাৰিত হৈছে যে ইয়াত এজন ইজৰাইলী সৈনিকে এজন পেলেষ্টাইনী শিশুক হত্যা কৰা দেখা গৈছে। আমাৰ 24*7 Factline Number 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে ফটোখন প্ৰেৰণ কৰি এই দাবীৰ সত্যতা জানিবলৈ বিচাৰিছিল।

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি আমাৰ তদন্ত আৰম্ভ কৰিছিলোঁ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ চলাই, যাৰ ফলাফল আমি ৩০ মে’ ২০২০ তাৰিখে এটা ফেচবুক পেজে পোষ্ট কৰা একেখন ফটো লাভ কৰিছিলোঁ য’ত উল্লেখ কৰা হৈছিল যে ফটোখন চিলিৰ।

Archived Link

অধিক সন্ধানত আমি ২০১৬ চনৰ ২ অক্টোবৰত নিউজ ৱেবছাইট এল ডাইনামোৱে প্ৰকাশ কৰা আন এটা ফেচবুক পোষ্ট পাইছিলোঁ য’ত উল্লেখ কৰা হৈছিল যে “এফ চাবলেফটেনেণ্ট ভেনেগাছে ৰাজহুৱা পথত যথেষ্ট অস্বাভাৱিক পদ্ধতিৰে কৰা এক আঁচোৰৰ বাবে ভুক্তভোগীজনক এনেদৰে আঁঠুৰে হেচি ৰখাই দিছিল।” পোষ্টটোৰ লগত এটা ৱেবছাইট লিংক আছিল য’ত উল্লেখ কৰা হৈছিল যে এই কাণ্ড চিলিৰ ভালপাৰাইছ’ত সংঘটিত হৈছে।

আমি লক্ষ্য কৰিলোঁ যে বিষয়াজনে “এফ ভেনেগাছ ভি” নামৰ টেগ এটা পিন্ধিছে । কী-ৱৰ্ড চাৰ্ছ কৰোঁতে ২০১৬ চনৰ অক্টোবৰ মাহত চিলিৰ ‘এডিএন ৰেডিঅ’’ নামৰ এটা ৰেডিঅ’ ষ্টেচনৰ পৰা প্ৰকাশিত এটা প্ৰবন্ধ পোৱা গ’ল। লেখাটোত কোৱা হৈছে যে ছবিখনত দেখা মানুহজন হৈছে ছেকেণ্ড লেফটেনেণ্ট এফ ভেনেগাছ যিয়ে চিলিত এজন লোকক গ্ৰেপ্তাৰ কৰাৰ সময়ত ডিঙিত আঁঠুৰে হেচি ধৰিছিল। ভুক্তভোগীৰ নামটো হৈছে ডিয়েগো বুলি উল্লেখ কৰা হৈছে।

চিলিৰ এটা ৱেবছাইট এল মষ্ট্ৰাডৰত ২০১৬ চনৰ অক্টোবৰ মাহত প্ৰকাশিত এটা লেখাৰ অনুবাদ অনুসৰি “ফ্ৰেণ্টে ফটোগ্ৰাফিকো চাইটে প্ৰকাশ কৰা ছবিবোৰত আপুনি দেখিব যে কেনেকৈ ছেকেণ্ড লেফটেনেণ্ট এফ ভেনেগাছে ভালপাৰাইছ’ৰ এখন দেৱালত খুচৰি থকা এজন যুৱকক মাটিত হেচি ধৰি ৰাখিছে। ভুক্তভোগীৰ বন্ধুসকলে তেওঁক মুক্তিৰ বাবে অনুৰোধ কৰাৰ সময়তে ভুক্তভোগীৰ মুখ আৰু নাকৰ পৰা তেজ ওলাইছিল।”

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ২০১৬ চনৰ অক্টোবৰ মাহৰ এই ফটোখনত দেখা গৈছে যে চিলিৰ এজন ছেকেণ্ড লেফটেনেণ্টে এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে এনেকৈ নিৰ্যাতন চলাইছিল। এই ছবিখন মিছাকৈ শ্বেয়াৰ কৰা হৈছে যে ইয়াত ইজৰাইলী সৈনিকে পেলেষ্টাইনী শিশুক হত্যা কৰা দেখা গৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইজৰাইলী সৈন্যই এইদৰে আঁঠুৰে হেচি ধৰি পেলেষ্টাইনৰ শিশুক হত্যা কৰিছে নেকি? জানক সত্যটো।

Written By: Pranjal Sharma

Result: False