
আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটি ফেচবুক পোষ্টৰ স্ক্ৰিণশ্বট প্ৰেৰণ কৰি পোষ্টটোত কৰা দাবীৰ সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। পোষ্টটোৰ স্ক্ৰীণশ্বটত দেখা গৈছিল যে ৰাজস্থানৰ দুবাৰৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াই ফোনত কথা পাতি আছে আৰু পোষ্টটোৰ কেপছনত লিখা হৈছে –নিৰ্বাচনৰ আনুষ্ঠানিক ঘোষণা নহওঁতেই ৰবীন্দ্ৰ সিং ভাটিক আগতীয়া অভিনন্দন জনালো বসুন্ধৰা ৰাজে সিন্ধিয়াই।…

আমি সেই ফেচবুক পোষ্টটোৰ সন্ধান কৰিলোঁ। আমি দেখিলোঁ যে ফেচবুক ব্যৱহাৰকাৰীগৰাকীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ৰাজস্থানৰ নিৰ্বাচনৰ ফলাফল ঘোষণা নহওঁতেই ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াই ৰবীন্দ্ৰ সিং ভাটিক বিজয় অভিনন্দন জ্ঞাপন কৰিছে। শেহতীয়াকৈ ৰাজস্থানৰ বিধানসভা নিৰ্বাচন সমাপ্ত হৈছে, আৰু অহা ৩ ডিচেম্বৰত ফলাফল ঘোষণা হোৱাৰ পূৰ্বেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো।

কিন্তু এই দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। কিন্তু তেনেকুৱা কোনো প্ৰাসংগিক ফলাফল নাহিল। ইয়াৰ পাছতে আমি ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ সন্ধান কৰিলোঁ। আমাৰ সন্ধানৰ সময়ত আমি বসুন্ধৰা ৰাজেৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ভিডিঅ’ পালোঁ, যিটো ২০২১ চনৰ ১১ আগষ্টত আপলোড কৰা হৈছিল।

ভিডিঅ’টোৰ বিৱৰণীত এইদৰে লিখা হৈছিল – थ्रोअर नीरज चोपड़ा ने देश का मान बढ़ाया है और हम सभी का सिर गर्व से ऊँचा किया है। #Tokyo2020 में स्वर्ण पदक जीतने पर कल शाम उनसे बात कर उन्हें बधाई दी और सभी की तरफ से हार्दिक आभार भी व्यक्त किया। मैं नीरज के उज्ज्वल भविष्य की कामना करती हूं। (জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই দেশক গৌৰৱান্বিত কৰিছে। যোৱা সন্ধিয়া তেওঁৰ সৈতে কথা পাতি #Tokyo2020 ত স্বৰ্ণ পদক লাভ কৰাৰ বাবে অভিনন্দন জনোৱাৰ লগতে আমাৰ সকলোৰে হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। নীৰজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।)
ইয়াৰ পৰা আমি নিশ্চিত হ’লোঁ যে ভাইৰেল হোৱা ভিডিঅ’টো বসুন্ধৰা ৰাজে সিন্ধিয়াই প্ৰকৃততে নীৰজ চোপ্ৰাক অভিনন্দন জনোৱা ভিডিঅ’হে। মিছা দাবীৰে ভিডিঅ’টো ব্যৱহাৰকাৰীয়ে প্ৰচাৰ কৰিছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ’টোত বসুন্ধৰা ৰাজে সিন্ধিয়াই আচলতে নীৰজ চোপ্ৰাক অলিম্পিকত পদক লাভৰ বাবে অভিনন্দন জনোৱা হে দেখা গৈছে। শেহতীয়া ৰাজস্থান নিৰ্বাচনৰ সৈতে কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ৰাজস্থানৰ বিজেপি নেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াই নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই ৰবীন্দ্ৰ সি ভাটিক বিজয় অভিনন্দন জনোৱাটো সত্যনে? জানক।
Written By: Pranjal SharmaResult: False
