
ছ’চিয়েল মিডিয়াত বিভিন্ন ভাষাত ভাইৰেল হৈ পৰা এটা পোষ্টত শেহতীয়াকৈ দাবী কৰা হৈছে যে নেডাৰলেণ্ড চৰকাৰে ঘোষণা কৰিছে যে পঞ্চম শ্ৰেণীৰ পৰা বিদ্যালয়সমূহত ভগৱৎ গীতাৰ অধ্যয়ন বাধ্যতামূলক কৰা হৈছে। এনে ধৰণৰ কিছুমান পোষ্ট এখন ছবিৰ সৈতে শ্বেয়াৰ কৰা হৈছে আনহাতে কিছুমান ভিডিঅ’ৰ সৈতে শ্বেয়াৰ কৰা হৈছে।
ফেক্ট ক্ৰেচেণ্ডো অসমীয়ায়ে উক্ত ভাইৰেল দাবিটোৰ সত্যতা নিৰূপণ কৰিবলৈ অনুৰোধ কৰি ইয়াৰ ২৪x৭ হোৱাটছএপ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ত এটা বাৰ্তা পাইছিল।
হোৱাটছএপ ব্যৱহাৰকাৰীজনে এটা ভিডিঅ’ৰ সৈতে এটা ফেচবুক পোষ্টৰ লিংক শ্বেয়াৰ কৰিছে যিটো ২০১৯ চনত ভাইৰেল হৈছিল। পোষ্টটোৰ শিৰোনামটোত লিখা আছে, “নেদাৰলেণ্ডত পঞ্চম শ্ৰেনীৰ পাঠ্যক্ৰমত শ্ৰীমদ্ভাগৱত গীতা বাধ্যতামুলক কৰা হৈছে।
গণ্ডাই গণ্ডাই চেকুলাৰ ভুতে লম্ভা সকলৰ বিচৰনস্থলী ভাৰতত সম্ভব হবনে ? চৰকাৰে সাৰ পাবনে ?”

ফেক্ট ক্ৰেচেণ্ডোৱে অনুসন্ধানৰ পাছত জানিব পাৰিছিল যে দাবীটো মিছা আৰু ভিত্তিহীন। নেদাৰলেণ্ড চৰকাৰে গীতাক বাধ্যতামূলক বিষয় হিচাপে ঘোষণা কৰি কোনো আইন গৃহীত কৰা নাই। ভিডিঅ’টোও পুৰণি আৰু ই লণ্ডনৰ হয়, নেডাৰলেণ্ডৰ নহয়।
সত্যতা নিৰূপন পদ্ধতি
আমি প্ৰথমে ইনভিড-উই ভেৰিফাই টুল ব্যৱহাৰ কৰি ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰিছিলো আৰু ইউটিউব ব্যৱহাৰকাৰী ‘Arise Again O Bharata’ৰ দ্বাৰা আপলোড কৰা “সংস্কৃত: লণ্ডনৰ ছেইণ্ট জেমছ স্কুলত সংস্কৃত শিকোৱাৰ দিন” শিৰোনামৰ সৈতে ২০১২ চনৰ এক ইউটিউব ভিডিঅ’ বিচাৰি পালোঁ। দাবীটোৰ সৈতে ভাইৰেল ভিডিঅ’টোত থকা ক্লিপিংটো এই ইউটিউব ভিডিঅ’টোৰ ১.৩৫ মিনিটৰ পৰা প্ৰায় ৪.১০ মিনিটলৈকে লোৱা হৈছে।
তাৰ পিছত আমি দাবীটো প্ৰমাণিত কৰিবলৈ এটা কীৱৰ্ড অনুসন্ধান চলাইছিলো। ফলাফলবোৰৰ ওপৰত কোনো সঠিক তথ্য উপলব্ধ নহয়।
তাৰ পিছত আমি নেডাৰলেণ্ড চৰকাৰৰ ৱেবছাইটত অনুসন্ধান আৰম্ভ কৰিলোঁ। আমি সেই দেশৰ বিদ্যালয়সমূহত কি বিষয়ৰ প্ৰয়োজন তাৰ এখন তালিকা দেখিছিলো।
এইবোৰ বিষয়:
- ডাচ্
- ইংৰাজী
- গণিত
- সামাজিক আৰু পৰিস্থিতিবিজ্ঞান (ভূগোল, ইতিহাস, জীৱবিজ্ঞান, নাগৰিকত্ব, পথ সুৰক্ষা আৰু ৰাজনৈতিক অধ্যয়নসহ)
- সৃষ্টিশীল অভিব্যক্তি (সংগীত, অংকন আৰু হস্তশিল্প সহ)
- ক্ৰীড়া
বিদ্যালয়ৰ বিষয়ৰ এই তালিকাত ‘গীতা’ৰ কোনো উল্লেখ নাই।

Government of Netherlands website | Archived Link
এই ৱেবছাইট অনুসৰি, প্ৰায় সকলো ব্যক্তিগত বিদ্যালয়ত ধৰ্মীয় শিক্ষা বাধ্যতামূলক, যদিও আইন অনুসৰি ৰাজহুৱা বিদ্যালয়ত ধৰ্মীয় শিক্ষা প্ৰদান কৰা নহয়। যদি অভিভাৱকে যিকোনো ধৰ্মীয় বিষয়ক অতিৰিক্ত বিষয় হিচাপে শিকাবলৈ অনুৰোধ কৰে, ইয়াক বিদ্যালয়ে ব্যৱস্থা কৰে।
নেডাৰলেণ্ড হৈছে ১৬১ নিযুত জনসংখ্যাৰ এখন দেশ। ‘নেডাৰলেণ্ডত হিন্দু ধৰ্ম’ শীৰ্ষক এক প্ৰতিবেদন অনুসৰি, সেই দেশত হিন্দুৰ সংখ্যা ১.৫ নিযুতৰ পৰা ২ নিযুতৰ ভিতৰত।
‘দ্য হিন্দু পাৰস্পেক্টিভ’ নামৰ এটা ৱেবছাইটৰ ২০১৩ চনৰ পৰিসংখ্যা অনুসৰি, নেডাৰলেণ্ডৰ হিন্দু জনসংখ্যা প্ৰায় ১.৫ নিযুতৰ পৰা ২ নিযুত।

The Hindu Perspective | Archived Link
তেওঁলোকৰ বেছিভাগেই হেগৰ বাসিন্দা। দেশত মুঠ পাঁচখন চৰকাৰী অনুদান প্ৰাপ্ত হিন্দু প্ৰাথমিক বিদ্যালয় আছে। এই বিদ্যালয়সমূহ হিন্দু সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত হয় আৰু ৰাষ্ট্ৰীয় বিদ্যালয় হিচাপে গণ্য কৰা হয়। দেশৰ আন বিদ্যালয়সমূহৰ দৰে একে পাঠ্যক্ৰম শিকোৱা হয়।
ফলাফল
তথ্যবোৰ পৰীক্ষা কৰাৰ পিছত, ফেক্ট ক্ৰেচেণ্ডোয়ে এই সিদ্ধান্তত উপনীত হৈছে যে ওপৰোক্ত দাবীটো ভুল আৰু ভিত্তিহীন। নেদাৰলেণ্ড চৰকাৰে গীতাক বাধ্যতামূলক বিষয় হিচাপে ঘোষণা কৰি কোনো আইন গৃহীত কৰা নাই। লগতে, ভিডিঅ’টো ২০১২ চনৰ আৰু লণ্ডনত দৃশ্যগ্ৰহণ কৰা হৈছিল আৰু নেডাৰলেণ্ডৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

Title:লণ্ডনৰ পুৰণি ভিডিঅ’ নেডাৰলেণ্ডৰ বিদ্যালয়সমূহত গীতাৰ অধ্যয়ন বাধ্যতামূলক কৰা হৈছে বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে
Fact Check By: Manjori BorkotokyResult: False
