সাক্ষাৎকাৰৰ সময়ত এগৰাকী মহিলাই কান্দি কান্দি এটা বেদনাদায়ক অভিজ্ঞতাৰ কথা কোৱাৰ ভিডিঅ’ সম্প্ৰতি চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। চ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই মহিলাগৰাকী এগৰাকী ইজৰাইলী মহিলা যাক হামাছে বন্দী কৰি নিজৰ সন্তানৰ মাংস খুৱাইছিল।

ভিডিঅ’টো শ্বেয়াৰ কৰি চ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে হামাছৰ সন্ত্ৰাসবাদীয়ে এই ইজৰাইলী মহিলাগৰাকীক অপহৰণ কৰি বলপূৰ্বকভাৱে ১ বছৰীয়া সন্তানৰ মাংস খুৱাইছিল আৰু আন এগৰাকী ১০ বছৰীয়া ছোৱালীক পিতৃ-মাতৃৰ সন্মুখত ধৰ্ষণ কৰি হত্যা কৰিছিল।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

গুগলত প্ৰাসংগিক কীৱৰ্ড চাৰ্চ কৰি আমি ২০১৭ চনত দ্য মিডল ইষ্ট মিডিয়া ৰিচাৰ্চ ইনষ্টিটিউটৰ (MERMI) ফেচবুক পেজত পোষ্ট কৰা একেটা ভিডিঅ’ পালোঁ।তথ্য অনুসৰি সাক্ষাৎকাৰ দিয়া মহিলাগৰাকী আছিল ইয়াজিদী ইৰাকী এমপি, ভিয়ান ডাখিল। সাক্ষাৎকাৰৰ সময়ত তেওঁ আইছিছে ইয়াজিদী লোকৰ ওপৰত কৰা অত্যাচাৰৰ কথা উল্লেখ কৰি আছিল। প্ৰায় ৬৯০০ ইয়াজিদী মহিলা, ডেকা ল’ৰা-ছোৱালীক আইছিছে অপহৰণ কৰিছিল। ৪ৰ পৰা ১০ বছৰৰ ভিতৰৰ সৰু ল’ৰাক পিতৃ-মাতৃৰ পৰা কাঢ়ি লৈ সন্ত্ৰাসবাদী হ’বলৈ প্ৰশিক্ষণ দিয়া হৈছিল।

ইয়াৰ উপৰিও তেওঁ আন এটা কাণ্ডৰ কথা উল্লেখ কৰে য’ত এগৰাকী ইয়াজিদী মহিলাক বহুদিন ভোকাতুৰ কৰি কাৰাগাৰত ৰখা হৈছিল আৰু পিছত তেওঁক তেওঁৰ সন্তানৰ মাংস খুওৱা হৈছিল। পিতৃ-মাতৃ আৰু ভাই-ভনীৰ সন্মুখত আন এগৰাকী ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা হয়।

২০১৭ চনৰ ইণ্ডিপেণ্ডেণ্টৰ প্ৰতিবেদন অনুসৰি ভিডিঅ’টোত দেখা মহিলাগৰাকী হৈছে ইৰাকৰ সাংসদ ভিয়ান ডাখিল। তেওঁ আইছিছৰ পৰিস্থিতি আৰু তেওঁলোকে চয়তানৰ উপাসক বুলি গণ্য কৰা ইয়াজিদী নাগৰিকসকলৰ ওপৰত কৰা অত্যাচাৰৰ কথা কৈছিল।

একেটা ভিডিঅ' ২০১৭ চনৰ জুন মাহৰ ২৬ তাৰিখে MEMRIৰ টুইটাৰতো আপলোড হৈছিল।

তলত ভাইৰেল ভিডিঅ’টোত থকা মহিলাগৰাকী আৰু ইৰাকৰ সাংসদ ভিয়ান ডাখিলৰ মাজত থকা সাদৃশ্য চাব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত দেখা মহিলাগৰাকী হামাছে অপহৰণ কৰা ইজৰাইলী মহিলা নহয়। এয়া ২০১৭ চনৰ এটা পুৰণি ভিডিঅ' য'ত ইৰাকৰ এগৰাকী সাংসদ ভিয়ান ডাখিলে ইয়াজিদী লোকৰ ওপৰত আইছিছৰ অত্যাচাৰৰ কথা কৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টোত দেখা মহিলাগৰাকীক হামাছে অপহৰণ কৰিছিলনে?

Written By: Debanjana Baishya

Result: False