
Representative Image
হাথৰাছ কাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা এগৰাকী মহিলাৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ লগত সংগতি থকা বিভিন্ন পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অসমৰ বাহিৰত অন্য ভাষাত তেনেকুৱা এটা পোষ্ট শ্বেয়াৰ কৰি থকা হৈছে, যিটোৰ ভিডিঅ’ত এজন লোকক এটা দলে আক্ৰমন কৰি তেওঁৰ কাপোৰ কানি ফালি পেলোৱা দেখা গৈছে। ভিডিঅ’টোৰ কেপছনত লিখা হৈছে যে এই ভিডিঅ’টো অসমৰ আৰু লোকজনক ধৰ্ষণত অভিযুক্ত হোৱাৰ বাবে এইদৰে অত্যাচাৰ আৰু নগ্ন কৰা হৈছে।

Original Link- Facebook | Archived Link
ভিডিঅ’টোৰ কিছু তদন্ত কৰাৰ পিছত ফেক্ট ক্ৰেছচেণ্ডয়ে এই তথ্য লাভ কৰিছে যে অসমৰ বুলি প্ৰচাৰ কৰা উক্ত ভিডিঅ’টো ভুৱা।
সত্য কি, জানো আহক ।
প্ৰণালী
ভিডিঅ’টো এটা বিশেষ ছফ্টৱেৰৰ দ্বাৰা বিভিন্ন কীফ্ৰেমত ভাগ কৰি লৈ আমি গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰি চালো আৰু ২০১৫ চনৰ ১২ মাৰ্চত ইউটিউবত হেডলাইনছ টুডেই আপলোড কৰা এটা ভিডিঅ’ পালো।

Original Link- YouTube | Archived Screenshot
ভিডিঅ’টোৰ বৰ্ণনাত লিখা হৈছিল যে গণপ্ৰহাৰৰ বলি হোৱা লোকজন নাগালেণ্ডৰ ফেক জিলাৰ মেৰুলীত এজনী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ বাবে এইদৰে ৰাইজৰ ৰোষত পৰিছিল।
বাতৰিটোত দেখুওৱা দৃশ্যাৱলী ভাইৰেল বোৱা ভিডিঅ’টোৰ সৈতে একেই।
এগৰাকী নাবালিকা ২০১৪ চনৰ ১৭ চেপ্তেম্বৰত নিখোজ হোৱাৰ গোচৰ তৰা হৈছিল আৰু তাৰ এদিন পিছত তাইৰ মৃতদেহ উদ্ধাৰ হৈছিল এখন অৰন্যত। অভিযুক্তজন নাবালিকাৰ প্ৰতিবেশী আছিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।
যেতিয়া আমি গুগলত বিচাৰি চালো, আমি পালো ২০১৫ চনৰ ১২ মাৰ্চত ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা এটা বাতৰি,যত উল্লেখ কৰা হৈছে যে ফেক জিলাৰ মেলুৰীত এদল উন্মত্ত জনতাই মনিপুৰৰ ইবোবি সিং নামৰ এজন লোকক নাবালিকাক নিৰ্যাতন চলোৱা আৰু হত্যা কৰাৰ বাবে গণপ্ৰহাৰ কৰিছিল। বাতৰিটোত ইয়াকো উল্লেখ কৰা আছিল যে সেইদল উন্মত্ত লোকে লোকজনৰ দেহটো ৰাজহুৱা স্থানত চেপ্তেম্বৰৰ ১৮তাৰিখে ওলমাই থৈছিল।

Original Link- Indian Express | Archived Link
ফলাফল:
আমাৰ তদন্তই প্ৰকাশ কৰিছে যে সেই ভিডিঅ’টো আচলতে নাগালেণ্ডৰ ফেক জিলাৰ মেলুৰীত সংঘটিত এটা ঘটনাৰ হয়। এই ঘটনাটো ২০১৪চনৰ চেপ্টেম্বৰত সংঘটিত। এই ঘটনাৰ দৃশ্য অসমত ৰেকৰ্ড কৰা বুলি কৰা দাবীটো সম্পূৰ্ণ মিছা।