এই ভিডিঅ’টোত থকা গায়িকাগৰাকী সুমন কল্যাণপুৰ নহয়

False Social

এগৰাকী বৃদ্ধা মহিলাই গান গোৱাৰ ভিডিঅ’ হোৱাটছ‌এপযোগে ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত মহিলাগৰাকীৰ সৈতে এজন পুৰুষে গানটো গাই থকা দেখা গৈছে। হোৱাটছ‌এপত এই ভিডিঅ’টো শ্বেয়াৰ কৰি এই দাবী কৰা হৈছে যে বৃদ্ধাগৰাকী আন কোনো নহয়, তেওঁ হ’ল এসময়ৰ বিখ্যাত গায়িকা সুমন কল্যাণপুৰ।

ভাইৰেল পোষ্টটোৰ লগতে লিখা হৈছে- ৮৪ বছৰ বয়সত সুমন কল্যাণপুৰে এই গীতটো গাইছে। Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

ভাইৰেল ভিডিঅ’টোৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি আমি ফেচবুক পেজত ভিডিঅ’টো পাইছিলোঁ। ৩১ ডিচেম্বৰ ২০২১ তাৰিখে পোষ্ট কৰা এই ভিডিঅ’টোৰ লগত ভিডিঅ’টোত দেখা পোৱা মহিলা গায়িকাগৰাকী হৈছে জুহুৰ বাসিন্দা অৰুণা প্ৰকাশ।

পোষ্টটোত শ্বেয়াৰ কৰা ভিডিঅ’টোৰ মঞ্চত থকা বেনাৰখনত লিখা আছে, “আন্তঃৰাষ্ট্ৰীয় বয়স্ক ব্যক্তি দিৱস ২০২১ উদযাপন কৰিবলৈ আম্বাগোপাল ফাউণ্ডেচনে আপোনাক আদৰণি জনাইছে”। এই তথ্য ব্যৱহাৰ কৰি কীৱ’ৰ্ড চাৰ্চ কৰি আমি ০২ অক্টোবৰ, ২০২১ তাৰিখে আম্বাগোপাল ফাউণ্ডেশ্যনৰ ফেচবুক পেজত পোষ্ট কৰা একেটা ভিডিঅ’ পাইছিলোঁ। এই অনুষ্ঠানৰ ফটো আম্বাগোপাল ফাউণ্ডেচনৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছে ৷

তাত আমি আন এটা ফেচবুক পোষ্ট পাইছিলোঁ য’ত মহিলাগৰাকীৰ ভিডিঅ’ প্ৰকাশ কৰা হৈছে। ভিডিঅ’টোত মহিলাগৰাকীয়ে নিজকে মুম্বাইৰ অৰুণা প্ৰকাশ বুলি পৰিচয় দি কয় যে ডাঃ হৰিশ শ্বেট্টীয়ে নিৰ্ধাৰিত নিৰামিষ আহাৰ গ্ৰহণ কৰি ছমাহ ধৰি বাতবিষৰ পৰা আৰোগ্য লাভ কৰিছিল।

আমি যেতিয়া ভিডিঅ’টোত গান গোৱা মহিলাগৰাকীৰ বিষয়ে অধিক তথ্য বিচাৰিছিলোঁ তেতিয়া ২০২০ চনৰ মে’ মাহত অৰুণা প্ৰকাশৰ বিষয়ে দ্য টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰাএটা লেখা পাইছিলোঁ ।

আম্বাগোপাল ফাউণ্ডেশ্যনৰ সৈতে আমি যোগাযোগ কৰাত , তেওঁলোকে আমাক স্পষ্ট কৰি দিছিল যে ভিডিঅ’টোত থকা মহিলাগৰাকী হৈছে অৰুণা প্ৰকাশ।

সুমন কল্যাণপুৰ কোন?

সুমন কল্যাণপুৰ ১৯৬০ আৰু ১৯৭০ চনৰ এগৰাকী বিখ্যাত ভাৰতীয় পাৰ্শ্বগায়িকা। ২০১৯ চনৰ এটা অনুষ্ঠানৰ সময়ত সুমন কল্যাণপুৰৰ লাইভ ভিডিঅ’ ইয়াত চাব পাৰিব ৷ ইয়াৰ উপৰিও সুমন কল্যাণপুৰৰ সম্পূৰ্ণ জীৱন কাহিনী তলৰ ভিডিঅ’টোত চাব পাৰিব।

ফলাফল 

গতিকে আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোত থকা গায়িকাগৰাকী সুমন কল্যাণপুৰ নহয় বৰং অৰুণা প্ৰকাশহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ’টোত থকা গায়িকাগৰাকী সুমন কল্যাণপুৰ নহয়

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *