শেহতীয়াকৈ জ্ঞানবাপী মছজিদ চৌহদৰ ভিতৰত শিৱলিংগ আৱিষ্কাৰ হোৱা বুলি দাবীৰ উঠাৰ পাছত এই বাতৰিয়ে সমগ্ৰ দেশতে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে । বিষয়টো এতিয়াও সমাধান হোৱা নাই কিন্তু তাৰ বিপৰীতে ছ’চিয়েল মিডিয়াত এই বিষয়ে একাধিক বাতৰি ভাইৰেল হৈ পৰিছে আৰু বিভিন্ন ফটো বা ভিডিঅ’ মছজিদৰ ভিতৰত আৱিষ্কাৰ হোৱা শিৱলিংগৰ বুলি দাবী কৰা হৈছে।

সেইসময়তে, বাৰাণসীৰ জ্ঞানবাপী মছজিদত শিৱলিংগ আৱিষ্কাৰ হোৱাৰ দাবী উত্থাপন হোৱাৰ পিছত কাশীত এক উদযাপন কৰা হৈছে বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ আপলোড কৰা হৈছে ।

ওপৰত উল্লেখ কৰা দাবীৰ সৈতে অসমৰ বিভিন্ন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো আপলোড কৰিছে।

Facebook Link | Archived Link

Facebook Link | Facebook Link

আমি, 'ফেক্ট ক্ৰেচেণ্ড অসমীয়া'ই, তদন্ত কৰাৰ সিদ্ধান্ত লৈ অতি সোনকালেই গম পালোঁ যে সেই বিশেষ ভিডিঅ’টো পুৰণি আৰু ইয়াৰ লগত জ্ঞানবাপী মছজিদত শেহতীয়াকৈ হোৱা সমীক্ষাৰ সময়ত পোৱা বুলি দাবী কৰা শিৱলিংগৰ কোনো সম্পৰ্ক নাই।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰি ইউটিউবত এটা চাৰ্চ কৰিলোঁ আৰু আমি এটা ইউটিউব চেনেলত একেটা ভিডিঅ’ পাইছিলোঁ। এই ইউটিউব ব্যৱহাৰকাৰীয়ে ২০১৯ চনৰ ১২ আগষ্টত ভিডিঅ’টো প্ৰকাশ কৰিছিল, “MANJIRA DAMROO JULOOS” শিৰোনামেৰে ।

আগষ্ট, ২০১৯ৰ পৰা অন্ততঃ এই ভিডিঅ’টো অনলাইনত উপলব্ধ হোৱাটোৱে স্পষ্ট কৰি দিয়ে যে শেহতীয়াকৈ জ্ঞানবাপী মছজিদৰ ভিতৰত এটা শিৱলিংগ আৱিষ্কাৰ কৰা বুলি দাবী উত্থাপন হোৱাৰ লগত এই ভিডিঅ’টোৰ কোনো সম্পৰ্ক নাই।

তাৰ পিছত আমি এই ভিডিঅ'টোৰ তলত দিয়া কমেন্টবোৰ পঢ়িবলৈ পাওঁ। তাত বহুতে এইটো বাৰাণসীৰ ভিডিঅ' বুলি কোৱাৰ বিপৰীতে একাংশই 'উজ্জয়ন'ৰ হয় বুলি দাবী কৰিছিল ।

ইয়াৰ পিছত আমি অধিক তথ্য লাভ কৰিবলৈ বাৰাণসীৰ স্থানীয় সাংবাদিক জিতেন্দ্ৰ কুমাৰ শ্ৰীবাস্তৱৰ সৈতে যোগাযোগ কৰিলোঁ। তেওঁ আমাক কৈছিল যে, “শেহতীয়াকৈ ইয়াত এনে কোনো উদযাপন বা শোভাযাত্ৰা অনুষ্ঠিত হোৱা নাছিল ৷ এই ভিডিঅ'টো পুৰণি।"

এই ভিডিঅ'টো ক'ৰ পৰা আহিছে তেওঁলোকে নিশ্চিত কৰিব পৰা নাই। কিন্তু তেওঁ আমাক জনালে যে এই ভিডিঅ'ত দেখা মানুহবোৰ 'দামৰু' দলৰ মানুহ ।

ইয়াৰ পাছত ফেক্ট ক্ৰেচেণ্ডোৱে "শ্ৰী শনিদেৱ দামৰু দল"ৰ এজন সদস্যৰ সৈতে কথা পাতিছিল। তেওঁ আমাক জনাইছে যে ভাইৰেল হৈ থকা ভিডিঅ’টো, “উজ্জয়নৰ মহাকালেশ্বৰৰ। বানাৰসত এনে দামৰু খেলা নহয়, বৰং ডাঙৰ ডাঙৰ দামৰু খেলা হয়। আৰু শেহতীয়াকৈ ইয়ালৈ এনে কোনো শোভাযাত্ৰা উলিওৱা হোৱা নাই।”

এই তথ্য মনত ৰাখি ফেক্ট ক্ৰেচেণ্ডোৱে উজ্জয়নৰ প্ৰেছ ক্লাবৰ পৰা অৰ্পন শৰ্মা নামৰ স্থানীয় সাংবাদিকৰ সৈতে যোগাযোগ কৰে। আমি এই ভিডিওটোও তেওঁলোকক পঠাইছিলো আৰু ইয়াৰ বিষয়ে তথ্য পাবলৈ চেষ্টা কৰিছিলো ।

তেওঁ আমাক ক’লে যে “ এই ভিডিঅ’টো কেৱল উজ্জয়নৰ। আচলতে ইয়াত মহাকালৰ যাত্ৰা ওলাই আহে, এয়া তেওঁৰ ভিডিঅ'। আৰু এই ভিডিঅ’টোত বজাই থকা দামৰু আৰু মঞ্জিৰৰ সুৰটো কেৱল উজ্জয়নত বজোৱা হয় আৰু ক’তো নহয়।”

তাৰ পিছত আমি উজ্জয়নৰ দামৰু দল ভাসমা ৰামৈয়া ভক্ত মণ্ডলৰ “লোকেশ নামদেৱ”ৰ লগত কথা পাতিলোঁ৷ তেওঁ আমাক ক’লে যে, “ এই ভিডিঅ’টো উজ্জয়নৰ ৰাজকীয় যাত্ৰাৰ। ইয়াত দেখা পোৱা মানুহবোৰ আমাৰ ইয়াৰ নহয়। আমি ভগৱান শিৱৰ পালকিৰ পিছফালে আছো আৰু মণ্ডলৰ অংগ নহয় এইসকল লোক পালকিৰ সন্মুখত আছে। এইসকল লোক স্থানীয় মানুহ নহয়, বাহিৰৰ পৰা আহিছে। এই ভিডিঅ'টো দুবছৰ আগৰ । আমিও ইয়াৰ লগত জড়িত আছিলো। মহাকাল মন্দিৰৰ পৰা আৰম্ভ কৰি পাটনী বজাৰ হৈ শিপ্ৰা নদীলৈ এই যাত্ৰা হৈছিল। তাতে শিৱক পূজা কৰা হয় আৰু তাৰ পিছত গোপাল মন্দিৰ হৈ পুনৰ মহাকাল মন্দিৰলৈ যায়।

ফলাফল

এই বিশেষ ভিডিঅ’টো পুৰণি আৰু ইয়াৰ জ্ঞানবাপী মছজিদত শেহতীয়াকৈ কৰা সমীক্ষাৰ সময়ত শিৱলিংগ পোৱা বুলি উত্থাপন হোৱা দাবীৰ লগত কোনো সম্পৰ্ক নাই। এই ভিডিঅ'টো বাৰাণসীৰ নহয়, উজ্জয়নৰ ভিডিঅ'।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো পুৰণি আৰু জ্ঞানবাপী মছজিদত শেহতীয়াকৈ শিৱলিংগ উদ্ধাৰ হৈছে বুলি উত্থাপন হোৱা দাবীৰ লগত কোনো সম্পৰ্ক নাই!

Fact Check By: Manjori Borkotoky

Result: False