
শেহতীয়াকৈ সমগ্ৰ ভাৰতবৰ্ষতে এখন নথি চচিয়েল নেটৱৰ্ক যেনে হোৱাটচ এপ, ফেচবুকত, ইত্যাদিত ভাইৰেল হৈ পৰিছিল । অসমতো এই নথিখন এখন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে প্ৰকাশ কৰা অফিচিয়েল নথি বুলি প্ৰচাৰ হয় । এই নথিখনৰ মতে যিসকল চৰকাৰী চাকৰিয়ালে ৩৩ বছৰ চাকৰি কৰিছে, বা যাৰ ৬০ বছৰ বয়স হৈছে বা হব, যিটোৱেই আগতীয়াকৈ আহে, তেওঁক অৱসৰ দিয়া হব ১/৪/২০ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ ৷ ইয়াৰ পাছতেই সমগ্ৰ অসমতে, বিশেষকৈ অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল সকলৰ মাজত হাহাকাৰ লাগে ।
বিষয়টোয়ে আৰু বেছি প্ৰচাৰ লাভ কৰে যেতিয়া অসমীয়া বাতৰি কাকত, দৈনিক জনমভূমিয়েও অক্টোবৰ ২, ২০১৯ তাৰিখে এটা বাতৰি প্ৰকাশ কৰিলে যে “৩৩ বছৰ সম্পূৰ্ণ কৰা চৰকাৰী চাকৰিয়ালৰ হব অৱসৰ” । ইয়াত পঢ়িব পাৰে – Archived Link
প্ৰণালী
সত্যেসত্তেতা জানিবলৈ আমি এই বিষয়টোৰ লগত সম্পৰ্ক থকা কিছুমান কিৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰিলোঁ । ফলত আমি বহুতো ৰাষ্ট্ৰীয় বাতৰি পৰিবেশন কৰা এজেঞ্চী (ANI) আৰু বাতৰিকাকত (টাইমচ অৱ ইণ্ডিয়া, হিন্দুস্তান টাইমচ) এই বিষয়ৰ ওপৰত ওলোৱা বাতৰি দেখিলোঁ । ছেপ্টেম্বৰ ২৪, ২০১৯ তাৰিখে প্ৰকাশ হোৱা এই বাতৰিবোৰত চৰকাৰী উদ্ধৃতিৰে বাতৰি কৰিছে যে উপৰোক্ত ধৰণৰ অৱসৰ বিধিৰ বিষয়ে চৰকাৰে কোনো চিন্তাই কৰা নাই আৰু এইয়া উৰা বাতৰি বাদে একো নহয় ।
ফলাফল
উপৰোক্ত নথিখন ভুৱা হয় ।

Title:৩৩ বছৰ সম্পূৰ্ণ কৰা চৰকাৰী চাকৰিয়ালৰ হব নেকি অৱসৰ?
Fact Check By: Manjori BorkotokyResult: False