এইখন শেহতীয়াকৈ লাডাখত চীন-ভাৰত সংঘৰ্ষত মৃত্যুবৰণ কৰা চীনা সৈন্যৰ তালিকা নহয়!

False International
siga.png

ফেচবুক লিংকসংৰক্ষিত লিংক

শেহতীয়াকৈ লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ ২০ গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে । দুয়োখন দেশৰ মাজত পৰিস্থিতি যথেষ্ট উত্তেজনা পূৰ্ণ হৈ আছে । সংঘৰ্ষত চীনৰ ফালৰ সৈন্যৰ হতাহতিৰ বিষয়ে কোনো তথ্য বৰ্তমানলৈকে ৰাজহুৱা কৰা হোৱা নাই । 

এনে সময়তে ছচিয়েল মিডিয়াত এই বিষয়ে বিভিন্ন উৰা বাতৰি ভাইৰেল হৈ পৰা দেখা গৈছে । সম্প্ৰতি ‘ছিগা ছিটিগা এন্টাৰটেইনমেন্ট’ নামৰ এক ফেচবুক পে’জৰ পৰা ৫৬টা নামৰ এখন লিষ্ট আপলোড কৰা হৈছে আৰু দাবী কৰা হৈছে যে এইসকল শেহতীয়া সংঘৰ্ষত মৃত্যু বৰণ কৰা চীনা সৈন্য হয় । ফেচবুক পোষ্টটো ২০ জুন, ২০২০ তাৰিখে আপলোড কৰা হৈছে আৰু ধীৰে ধীৰে ভাইৰেল হব ধৰিছে । 

সঁচাকৈ এই তালিকাখনত লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু বৰণ কৰা চীনা সৈন্যৰ নাম আছে নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি তালিকাখনত থকা প্ৰথম নাম কেইটা গুগল চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে তেওঁলোক বৰ্তমানৰ চীনৰ সৈন্যৰ নহয় যদিয়ো সেই নামৰ চীনৰ জেনেৰেল এটা সময়ত আছিল ।

WhatsApp Image 2020-06-21 at 11.09.41.jpeg
WhatsApp Image 2020-06-21 at 11.09.41 (1).jpeg

আমি ইয়াৰ পাছত কিছুমান বিশেষ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু প্ৰাক্তন চীনা জেনেৰেলৰ এখন তালিকা পালোঁ । আমি দেখিলোঁ যে ভাইৰেল হোৱা তালিকাখনৰ প্ৰথম ৩১টা নাম এই প্ৰাক্তন চীনা জেনেৰেলৰ ১৯৫৫ চনৰ তালিকাখনৰ পৰা লোৱা হৈছে । 

WhatsApp Image 2020-06-21 at 11.16.57.jpeg

আমি আৰু দেখিলোঁ যে বাকীবোৰ নাম ১৯৯৩ আৰু ১৯৯৪ চনৰ প্ৰাক্তন চীনা জেনেৰেলৰ তালিকাখনৰ পৰা লোৱা হৈছে । 

WhatsApp Image 2020-06-21 at 11.13.56.jpeg

এই চীনা জেনেৰেলবোৰৰ মাজৰ বহুতৰ ইতিমধ্যে মৃত্যু হৈছে বা তেঁওলোক উচ্চ পদস্থ বিষয়া হৈ আছে আৰু সীমান্তত থকাটো সম্ভৱ নহয় । গতিকে উক্ত তালিকাখন ভুৱা হয় । 

ফলাফল

উক্ত ভাইৰেল তালিকাখন ভুৱা হয় । তালিকাখনত থকা নামবোৰ চীনৰ প্রাক্তন আৰ্মী জেনেৰেলৰ হয়, বৰ্তমান সীমান্তত থকা চীনা সৈন্যৰ নহয় । উক্ত ভুৱা তালিকাখনে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে ।

Avatar

Title:এইখন শেহতীয়াকৈ লাডাখত চীন-ভাৰত সংঘৰ্ষত মৃত্যুবৰণ কৰা চীনা সৈন্যৰ তালিকা নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *