FACT CHECK: আমেৰিকান শিল্পীৰ শিল্পকৰ্ম ‘হাৰিকেন শ্বাহিনৰ’ ভিডিঅ’ বুলি ভাইৰেল হৈছে!

False International

অসমৰ হোৱাটছএপত টৰ্ণেডৰ দৰে দেখা যোৱা এটা ভিডিঅ’ ভাইৰেল হৈ আছে। ২২ ছেকেণ্ড দীঘল ভিডিঅ’টোৰ সৈতে “ওমানৰ পাৰত ঘূৰ্ণীবতাহ শ্বাহিন।। ডুবাইৰ বুৰ্জ খলিফাৰ পৰা তোলা ফটো। আশ্চৰ্যজনক ভিডিঅ’গ্ৰাফী…। সৃষ্টিকৰ্ত্তাজনৰ মহত্ত্বালৈ চাওক” বুলি এটা বাৰ্তা সন্নিবিষ্ট আছে ।

ফেক্ট ক্ৰেচেণ্ডোৱে ইয়াৰ ২৪x৭ ফেক্টলাইন নম্বৰ ৯০৪ ৯০৫ ৩৭৭০-ত উক্ত ভাইৰেল দাবীটো প্ৰমাণিত কৰাৰ অনুৰোধৰ সৈতে এক বাৰ্তা পাইছিল। Archived Link

ফেক্ট ক্ৰেচেণ্ডোৱে বিচাৰি পাইছিল যে দাবীটো মিছা। এই তথ্য পৰীক্ষাৰ সম্পর্কে তলত উল্লেখ কৰা হৈছে: 

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে প্ৰাসঙ্গিক কীৱৰ্ডৰ সৈতে গুগল অনুসন্ধান চলোৱা হৈছিল আৰু শেহতীয়াকৈ মধ্য প্ৰাচ্যত সংঘটিত হাৰিকেন শ্বাহিনৰ যিকোনো ফটো বা ভিডিঅ’ বিচৰা হৈছিল । কিন্তু আমি ভাইৰেল ভিডিঅ’টোৰ দৰে দেখাত একেই ফটো বা ভিডিঅ’ বিচাৰি পোৱাত ব্যৰ্থ হৈছিলো। 

Primetimezone link

তাৰ পিছত আমি প্ৰাসঙ্গিক কীৱৰ্ডৰ সংমিশ্ৰণ কৰি আন এক অনুসন্ধান চলাইছিলো আৰু তাৰ পিছত ১৯ মে,  ২০১৯ তাৰিখে প্ৰকাশিত এটা প্ৰবন্ধ বিচাৰি পাইছিলো য’ত কোৱা হৈছিল যে ভিডিঅ’টো প্ৰকৃততে শিল্পী ব্ৰেণ্ট শ্বাভনোৰৰ এক ডিজিটেল শিল্পকৰ্ম হয়। 

Instagram Link

আমি শিল্পী ব্ৰেণ্ট শ্বাভনোৰৰ ছ’চিয়েল মিডিয়া একাউণ্টবোৰ পৰীক্ষা কৰিছিলো আৰু ১৯ মে’, ২০১৯ তাৰিখে আপলোড কৰা একেটা শিল্পকৰ্মৰ সন্মুখীন হৈছিলো। 

Brent Shavnore Website Link

আমি তেওঁৰ ৱেবছাইটটো পৰীক্ষা কৰিছিলো আৰু তাত একে ধৰণৰ শিল্পকৰ্ম আপলোড কৰা দেখিছিলো। ছাইটটোত কোৱা হৈছে যে তেওঁ এজন প্ৰাক্তন ইউএছ মেৰিন কৰ্পৰ ব্যক্তি যি এতিয়া ভিডিঅ’গ্ৰাফী, ফটোগ্ৰাফী আৰু কলাত ব্যস্ত আছে। 

ফলাফল 

ওপৰোক্ত তথ্য পৰীক্ষাৰ পৰা এইটো স্পষ্ট যে ভাইৰেল ভিডিঅ’টো ডুবাইৰ বুৰ্জ খলিফাৰ পৰা দৃশ্যগ্ৰহণ কৰা হাৰিকেন শ্বাহিনৰ নহয় বৰঞ্চ এজন আমেৰিকান শিল্পী ব্ৰেণ্ট শ্বাভনোৰৰ এক শিল্পকৰ্ম হয়। দাবীটো মিছা হয়।

Avatar

Title:আমেৰিকান শিল্পীৰ শিল্পকৰ্ম ‘হাৰিকেন শ্বাহিনৰ’ ভিডিঅ’ বুলি ভাইৰেল হৈছে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *