
শেহতীয়াকৈ এগৰাকী যুৱতীয়ে কান্দি কান্দি মাইকত কথা কৈ থকা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পৰিয়ালৰ লোক আৰু তেওঁ নেতান্যাহুৰ ভাতৃৰ মৃত্যু হোৱা বুলি স্পষ্টীকৰণ দি এইদৰে কন্দা-কটা কৰিছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ২৯ চেপ্তেম্বৰৰ এটা ফেচবুক পোষ্ট পালোঁ য’ত এই ভিডিঅ’টো আপলোড কৰা হৈছিল। ভিডিঅ’টোৰ কেপশ্বন আছিল, “These are the same Israeli families who post selfies of their son soldiers torching people alive in Gaza, now crying at the funeral.
Degeneration. (এই একেবোৰ ইজৰাইলী পৰিয়ালেই গাজাত নিজৰ পুত্ৰ সৈন্যই জীৱন্তে মানুহক জ্বলাই দিয়াৰ চেলফি পোষ্ট কৰে, এতিয়া অন্ত্যেষ্টিক্ৰিয়াত কান্দিছে।
অৱক্ষয়।”)

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো মধ্য প্ৰাচ্যৰ বৰ্তমানৰ সংঘাতৰ আগৰেই।
এইবাৰ আমি এই ভিডিঅ’টো ২০২৪ চনৰ ১৩ অক্টোবৰত ফেচবুকত আপলোড হোৱা দেখিলোঁ।

পোষ্টটোৰ কেপশ্বনৰ অসমীয়া অনুবাদ এনেধৰণৰ, “ইজৰাইলী নাথানিয়েল হাৰ্ছকোভিচৰ অন্ত্যেষ্টিক্ৰিয়াৰ পৰা
কালি উত্তৰ গাজাৰ জাবালিয়াত আল-কাছাম ব্ৰিগেডে কৰা আক্ৰমণত নিহত হয়।
তেওঁ কৈছে: #LetUsLive ৷”
ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ভেৰিফাইড ফেচবুক পেজ পালোঁ য’ত গাজা ষ্ট্ৰিপত নিহত হোৱা মেজৰ নাথানিয়েল হাৰ্ছকোভিচৰ বিষয়ে এটা ভিডিঅ’ ৰিপ’ৰ্ট আপলোড কৰা হৈছিল। এই ভিডিঅ’টোত আমি ভাইৰেল ভিডিঅ’টোত দেখুওৱা ছোৱালীজনীক দেখা পালোঁ।

ভিডিঅ’টোত নাথানিয়েল হাৰ্ছকোভিচৰ অন্ত্যেষ্টিক্ৰিয়াৰ দৃশ্য দেখা গৈছে।
তদুপৰি বেঞ্জামিন নেতান্যাহুৰ ভাতৃৰ মৃত্যু হোৱা বুলি কোনো বিশ্বাসযোগ্য বাতৰি আমি নাপালোঁ।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু মধ্য প্ৰাচ্যৰ বৰ্তমানৰ সংঘাতৰ সৈতে সম্পৰ্কিত নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত নেতান্যাহুৰ পৰিয়ালৰ সদস্যক দেখুওৱা হোৱা নাই। এইটো ২০২৪ চনৰ অক্টোবৰৰ এটা পুৰণি ভিডিঅ’ য’ত ইজৰাইলী সৈনিক নাথানিয়েল হাৰ্ছকোভিচৰ অন্ত্যেষ্টিক্ৰিয়া দেখুওৱা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


