ইজৰাইলী মহিলাই আৰবৰ পুৰুষক প্ৰত্যাক্ৰমণ কৰা বুলি ভাইৰেল হোৱা এই ভিডিঅ’টো এখন সমৰ কলা বিদ্যালয়ৰ স্ক্ৰিপ্টেড ষ্টাণ্ট ভিডিঅ’হে।

অলপতে এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত শ্বেয়াৰ হোৱা দেখা গৈছে। ভিডিঅ’টোত তিনিগৰাকী ছোৱালীক কেইজনমান ব্যক্তিয়ে আগচি ধৰি দুৰ্ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁতে ছোৱালীকেইজনীয়ে আটাইকেইজন ব্যক্তিক মৰিয়াই পলাবলৈ সক্ষম হোৱা দেখা গৈছে। দাবী কৰা হৈছে যে সেই ছোৱালীকেইগৰাকী ইজৰাইলী আৰু ব্যক্তিকেইজন আছিল আৰবৰ। তেনে এটা পোষ্ট আমি ফেচবুকতো পালোঁ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড […]

Continue Reading

পুৰণি ভিডিঅ’কে গাজাৰ আল শ্বিফা হাস্পতালত হোৱা গুলীবৰ্ষণৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে? সত্যটো জানক।     

ইজৰাইল-পেলেষ্টাইনৰ সংঘাত এতিয়াও শান্ত হোৱা নাই। নিতৌ নতুন ভুল তথ্য সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে অসমৰ হোৱাটছএপত। দাবী কৰা হৈছে যে সেই দৃশ্যটো গাজাৰ আল শ্বিফা হাস্পতালত ইজৰাইলীয়ে কৰা গুলীবৰ্ষণৰ দৃশ্য। আমাৰ 24*7 ফেক্টলাইন নম্বৰলৈ সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই দৃশ্যটো সত্য হয়নে নহয় জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।  […]

Continue Reading

গাজাত পেলেষ্টাইনৰ সমৰ্থকে গাধৰ দেহত ইজৰাইলৰ পতাকা আঁকি জীৱন্তে জ্বলাই দিছে নেকি? সত্যটো জানক।     

শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা এক্স(পূৰ্বৰ টুইটাৰ) পোষ্টৰ স্ক্ৰিণশ্বট ভাইৰেল হৈ পৰিছে। টুইটটোত এখন ফটো সংলগ্ন কৰি ইংৰাজীতে লিখা কথাখিনিৰ ভাবানুবাদ এনেধৰণৰ-কল্পনা কৰকচোন, গাজাৰ এই মানুহবোৰ কিমান অসভ্য, বৰ্বৰ আৰু জন্তুৰ দৰে! এটা গাধৰ গাত ইজৰাইলৰ পতাকা আঁকি ইজৰাইল বনাই তাৰ পিছত গাধটোৰ ওপৰত পেট্ৰল ছটিয়াই জীৱিত অৱস্থাত জ্বলাই দিলে। এই জন্তুবোৰ জীৱনত কেতিয়াও মানুহ নহয়।  […]

Continue Reading

জৱাহৰলাল নেহৰুৰ পিতৃ মুছলমান নাছিল। নেহৰু পৰিয়াল সম্পৰ্কে কৰা ভাইৰেল দাবীটো ভুৱা।

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু সম্পৰ্কে এটা বিশেষ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। পোষ্টটোত জৱাহৰলাল নেহৰুৰ পৰিয়াল সম্পৰ্কে কিছুমান দাবী উত্থাপন কৰা হৈছে। যেনে মতিলাল নেহৰুৰ পাঁচগৰাকী পত্নী আছিল, জৱাহৰলাল নেহৰুৰ প্ৰকৃত পিতৃৰ নাম আছিল মোবাৰক আলী, জৱাহৰলাল নেহৰু আৰু মহম্মদ আলী জিন্না সম্পৰ্কীয় ভাতৃ আছিল ইত্যাদি। এই সকলো তথ্যৰ উৎস জৱাহৰলাল নেহৰুৰ ব্যক্তিগত সচিব […]

Continue Reading

গ্লেন মেক্সৱেলে শচীন তেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰা নাছিল।

শেহতীয়াকৈ ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ সময়ত আফগানিস্তানৰ বিৰুদ্ধে দল অষ্ট্ৰেলিয়াই অলৌকিকভাৱে জয়লাভ কৰিছিল।এটা সময়ত অষ্ট্ৰেলিয়াৰ বাবে লক্ষ্যত উপনীত হোৱাটো অসম্ভৱ যেন লাগিছিল যদিও গ্লেন মেক্সৱেলৰ দ্বৈত শতকেৰে অষ্ট্ৰেলিয়াৰ ছেমি ফাইনেলত স্থান নিশ্চিত হৈছিল। এই পটভূমিত গ্লেন মেক্সৱেলে শচীন টেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰাৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে জয়ৰ পিছত অষ্ট্ৰেলিয়াৰ […]

Continue Reading

প্ৰধানমন্ত্ৰী মোদীয়ে সঁচাকৈ এইদৰে বহু মহিলাৰ সৈতে গৰ্বা নাচিছে নেকি? সত্যটো জানক।     

শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এটা ৩০ ছেকেণ্ডৰ বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱা ভিডিঅ’টোত আমি দেখিবলৈ পাওঁ যে বহুকেইগৰাকী মহিলাই ৰঙীন সাজ-পোছাক পৰিধান কৰি বহু উৎসাহ আৰু উদ্যমেৰে গৰ্বা নৃত্য কৰিছে। লগতে সেই দলটোত আমি লক্ষ্য কৰিলোঁ ক’লা ৱেইষ্টকোট পিন্ধা এজন পুৰুষে মহিলাসকলৰ সৈতে নৃত্য প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছে। এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে এই দাবীৰে […]

Continue Reading

হিজবুল্লাহৰ এণ্টি শ্বিপ ক্ষেপনাস্ত্ৰৰ এই ভিডিঅ’টো পুৰণি।

ইজৰাইল আৰু হামাছৰ সংঘাতৰ পটভূমিত কিছুমান এণ্টি শ্বিপ ক্ৰুজ ক্ষেপণাস্ত্ৰ দেখুওৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এইবুলি যে হিজবুল্লাহে তেওঁলোকৰ এণ্টি শ্বিপ ক্ষেপণাস্ত্ৰৰ ফুটেজ প্ৰকাশ কৰিছিল যেতিয়া আমেৰিকাৰ বাহক গোটসমূহে পূব ভূমধ্যসাগৰত আছিল। হিজবুল্লাহ হৈছে লেবাননৰ ছিয়া ইছলামিক ৰাজনৈতিক দল আৰু উগ্ৰপন্থী সংগঠন। পোষ্টটোৰ কেপশ্বনত লিখা আছিল এইদৰে – ““Hezbollah published footage of […]

Continue Reading

২০১৫চনতে ষ্টান গ্ৰেনেডত আহত সাংবাদিকৰ ফটো শেহতীয়া ইজৰাইল-হামাছ সংঘাতৰ সময়ৰ বুলি শ্বেয়াৰ কৰা হৈছে।   

শেহতীয়াভাৱে মূৰ আৰু মুখত বেণ্ডেজ বান্ধি লাইভ ৰিপ’ৰ্টিং কৰা এগৰাকী সাংবাদিকৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দাবীৰে যে পূব জেৰুজালেমত ইজৰাইলী গ্ৰেনেডৰ আক্ৰমণত আহত হোৱাৰ পাছতো তেওঁ পুনৰ এইদৰে ৰিপ’ৰ্টিং কৰিছিল। ফটোখন শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীসকলে দাবীটো শেহতীয়া ইজৰাইল-পেলেষ্টাইন সংঘাতৰ সৈতে জড়িত কৰিছে। আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ এই ফটোখন প্ৰেৰণ কৰি এগৰাকী […]

Continue Reading

এই দৃশ্যটো জুবিন গাৰ্গ অসুস্থ হৈ পৰাৰ ঠিক আগৰ দৃশ্য নহয়।    

৮/১১/২০২৩ বুধবাৰে নিজৰ ষ্টুডিঅ’ত কৰ্মৰত হৈ থকা অৱস্থাত ৰাতিপুৱা প্ৰায় ৮বাজি ৩০মিনিটত হঠাতেই অসুস্থ হৈ পৰে অসমৰ সবাটোকৈ জনপ্ৰিয় গায়ক, গীতিকাৰ,সংগীত পৰিচালক চিত্ৰ নিৰ্মাতা, পৰিচালক, অভিনেতা জুবিন গাৰ্গ। গুৱাহাটী মহানগৰীৰ জোনালীস্থিত তেওঁৰ নিজৰ বাসস্থানৰ সৈতে সংলগ্ন নতুন ষ্টুডিঅ’ত গীতৰ কাম কৰি থকা অৱস্থাতেই অচেতন হৈ পৰে তেওঁ। ততাতৈয়াকৈ জনপ্ৰিয় সংগীতকাৰগৰাকীক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱাই চিকিৎসাৰ […]

Continue Reading

কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ছবি অযোধ্যা ষ্টেচনৰ প্ৰকৃত ছবি বুলি ভাইৰেল হৈছে।

অযোধ্যাত নিৰ্মীয়মান ৰাম মন্দিৰ উদ্বোধনৰ দিন ওচৰ চাপিছে। ২০২৪ চনৰ ২২ জানুৱাৰীত ৰামচন্দ্ৰৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব। এনে সময়তে কিছুমান বিশেষ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে এই দাবীৰে যে এয়া অযোধ্যাৰ ৰেলৱে ষ্টেচনৰ দৃশ্য। ফেচবুকতো ব্যৱহাৰকাৰীয়ে এই ফটোসমূহ বহুলভাৱে শ্বেয়াৰ কৰা দেখা গৈছে। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াত, ইয়াত, ইয়াত, ইয়াত […]

Continue Reading