২০২২ আৰু ২০২৩চনৰ পুৰণি ফটোকে ২০২৫চনৰ জানুৱাৰীৰ তীব্বত ভূমিকম্পৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।  

যোৱা ৭ জানুৱাৰী ২০২৫ত অসমৰ এটি ফেচবুক পেজত কেইখনমান ফটো আপলোড কৰি সেইকেইখন অতি শেহতীয়াকৈ নেপাল সীমান্তৱৰ্তী তীব্বতৰ শ্বিজাঙত অহা ভূমিকম্পৰ ফটো বুলি দাবী কৰিছে। পোষ্টটোত একেখন ফটোকে দুবাৰ ব্যৱহাৰ কৰা হৈছে আৰু তাত মুঠ চাৰিখন ফটো আছে। পোষ্টটোত লিখিছে- নেপালৰ সীমান্তৱৰ্তী তিব্বতৰ পাহাৰীয়া অঞ্চল শ্বিজাঙত মঙলবাৰে পুৱা এক ঘণ্টাৰ ভিতৰতে একেৰাহে ছটাকৈ ভূমিকম্প সংঘটিত […]

Continue Reading

ভিডিঅ’টোৰ আটাইবোৰ দৃশ্যাংশ চীনৰ শেহতীয়া বানপানীৰ নহয়।

শেহতীয়াকৈ প্ৰচণ্ড ধুমুহা বৰষুণৰ পাছত দক্ষিণ চীনৰ ঘন জনবসতিপূৰ্ণ পাৰ্ল ৰিভাৰ ডেল্টাত চহৰসমূহ বানপানীয়ে বুৰাই পেলাইছে। সোমবাৰলৈকে সমগ্ৰ প্ৰদেশখনতে প্ৰায় ১ লাখ ১০ হাজাৰ লোকক খালী কৰা হৈছে, আনহাতে ২৫ হাজাৰ ৮০০ লোক জৰুৰীকালীন আশ্ৰয় শিবিৰত আছে বুলি ছিনহুয়াই প্ৰকাশ কৰিছে। এনে সময়তে চীনত হোৱা বানপানীৰ দৃশ্য বুলি চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিভিন্ন ফটো […]

Continue Reading

ভিডিঅ’টোত সঁচাকৈয়ে ৰবটে নৃত্য প্ৰদৰ্শন কৰিছে নেকি?

দুগৰাকী মহিলাৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছে আৰু এই দাবী কৰা হৈছে যে তেওঁলোক প্ৰকৃততে চীনৰ চাংহাইত অনুষ্ঠান পৰিৱেশন কৰা ৰবট। ভিডিঅ’টোৰ কেপচনত লিখা আছে “এই নৃত্যটো ভালদৰে চাওক। চাংহাইৰ ডিজনীলেণ্ডত নাচি থকা এই দুগৰাকী মানুহ নৃত্যশিল্পী নহয়, চীনত নিৰ্মিত দুটা ৰবটহে। নৃত্যৰ দৈৰ্ঘ্য মাত্ৰ পাঁচ মিনিট। কিন্তু এই […]

Continue Reading

চীনদেশত সঁচাকৈয়ে পোক পৰুৱাৰ বৰষুণ হৈছেনে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা ভিডিঅ’ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে পথত ৰখাই থোৱা গাড়ীবোৰৰ ওপৰত পোক সদৃশ কিছুমান বস্তু পৰি আছে। দাবী কৰা হৈছে যে এয়া চীনৰ দৃশ্য আৰু তাত পোক পৰুৱাৰ বৰষুণ হৈছে। তেনে এটা পোষ্ট আমি ফেচবুকত পালোঁ য’ত লিখা আছিল এইদৰে – “চীনত পোক পৰুৱাৰ বৰষুণ! অসংখ্য পোক-পৰুৱাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে […]

Continue Reading

এইখন শেহতীয়াকৈ লাডাখত চীন-ভাৰত সংঘৰ্ষত মৃত্যুবৰণ কৰা চীনা সৈন্যৰ তালিকা নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ ২০ গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে । দুয়োখন দেশৰ মাজত পৰিস্থিতি যথেষ্ট উত্তেজনা পূৰ্ণ হৈ আছে । সংঘৰ্ষত চীনৰ ফালৰ সৈন্যৰ হতাহতিৰ বিষয়ে কোনো তথ্য বৰ্তমানলৈকে ৰাজহুৱা কৰা হোৱা নাই ।  এনে সময়তে ছচিয়েল মিডিয়াত এই বিষয়ে বিভিন্ন […]

Continue Reading

পুৰণি ভিডিঅ’ এটা শেহতীয়াকৈ ছিক্কিমৰ ভাৰত-চীন সীমান্তত দুই দেশৰ জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰা হৈছে!

সংৰক্ষিত লিংক সম্প্ৰতি ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত আমি কিছু সৈন্য বাহিনীৰ লোকক বাক বিতণ্ডাত লিপ্ত হোৱা দেখিছোঁ । দাবী কৰা হৈছে যে এইটো শেহতীয়াকৈ ছিক্কিমৰ ভাৰত-চীন সীমান্তত দুই দেশৰ জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ হয় ।  উক্ত ভিডিঅ’টো বৰপিপাল মিউজিক নামৰ এটা ফেচবুক পে’জৰ পৰা ১০ মে’, ২০২০ তাৰিখে […]

Continue Reading

ক’ৰনা ভাইৰাছ চীনৰ এক বায়’এটেক হয় আৰু এই সংক্ৰান্তত এজন বষ্টন ইউনিভাৰ্চিটিৰ প্ৰফেছৰক আটক কৰা হৈছে বুলি ভাইৰেল হোৱা মেছেজটো ভুৱা হয়!

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৮২ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু লাখ লাখ মানুহ আক্রান্ত হৈ […]

Continue Reading

চীনত আৰক্ষী আৰু চিকিৎসা কৰ্মীয়ে ক’ৰনা ভাইৰাছত আক্ৰান্ত ব্যক্তিক ৰাস্তাৰ পৰা এনেদৰে আটক কৰা নাই!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ […]

Continue Reading

বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰে হোলীৰ সময়ত চীনা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ মানা কৰি এই সাৱধানবাণী প্ৰকাশ কৰিছে নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত দুহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । […]

Continue Reading

চীন চৰকাৰে ক’ৰনা ভাইৰাছত আক্রান্ত ২০০০০ নাগৰিকক হত্যা কৰিবলৈ অনুমতি দিবলৈ ছুপ্ৰীম কোৰ্টৰ ওচৰত আবেদন জনাইছে নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত পাঁচশজনতকৈ অধিকৰ মৃত্যু হৈছে আৰু লাখতকৈ অধিক মানুহ আক্ৰান্ত হৈ আছে । […]

Continue Reading