এই ফটোখনত মণিপুৰৰ ছাত্ৰ -ছাত্ৰী দুগৰাকীৰ হত্যাকাৰী হাতত বটল আৰু বন্দুক লৈ সঁচাকৈয়ে বহি আছেনে?

মণিপুৰৰ পৰিস্থিতি এতিয়াও অপৰিবৰ্তিত। শেহতীয়াকৈ দুগৰাকী নিখোজ মেইটেই ছাত্ৰ- ছাত্ৰীৰ মৃতদেহৰ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ লগে লগে সকলো স্তম্ভিত হৈ পৰিছে। এই ছাত্ৰ – ছাত্ৰী দুগৰাকী হ’ল ১৭ বছৰীয়া লুৱাংগবি লিনথৈংগাম্বি হিজাম আৰু ২০বছৰীয়া  ফিজাম হেমনজিৎ সিং। এনে সময়তে ফেচবুকত এটা পোষ্ট শ্বেয়াৰ হৈছে এই কেপশ্বনেৰে- The two teenager was killed by Arambai Tengol […]

Continue Reading

মন্দাৱস্থাৰ বাবে চুৰাটৰ হীৰা ব্যৱসায়ীয়ে পথত হীৰা দলিয়াইছিল নেকি?

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত এদল লোকে পথত কিবা এটা সংগ্ৰহ কৰা দেখা গৈছে। এই ভাইৰেল ভিডিঅ’টোৰ লগে লগে দাবী কৰা হৈছে যে হীৰা বজাৰৰ বিশাল মন্দাৱস্থাৰ বাবে বিচলিত হৈ পৰা হীৰা ব্যৱসায়ীসকলে পথত হীৰা দলিয়াই দিছিল, সেইবোৰ গুজৰাটৰ চুৰাট চহৰৰ পথত মানুহে সংগ্ৰহ কৰি আছিল। এনে দাবীৰে এটা পোষ্ট আমি ফেচবুকতো […]

Continue Reading

ৱাহিদা ৰেহমান বুলি আন মহিলাৰ নৃত্যৰত ভিডিঅ’ ভাইৰেল? সত্যটো কি জানক।  

আমাৰ দেশৰ সম্পদস্বৰূপা প্ৰবীন অভিনেত্ৰী, একালৰ দৰ্শকৰ নয়নৰ মনি ৱাহিদা ৰেহমানলৈ শেহতীয়াভাৱে ভাৰতীয় চিনেমা জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফালকে সন্মান ঘোষণা কৰাৰ লগে লগে সমগ্ৰ দেশতেই উলাহৰ ঢৌ দেখা গৈছে। বিভিন্নজনে অভিনেত্ৰীগৰাকীলৈ সন্মান আৰু শুভকামনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত তেখেতৰ মোহময়ী সময়ৰ বিভিন্ন ফটো, অভিনয় কালৰ বিভিন্ন ভিডিঅ’ প্ৰচাৰ হৈছে।  তেনে এক প্ৰেক্ষাপটতেই এটি […]

Continue Reading

কানাডাৰ ৰাজপথত খালিস্তানী সমৰ্থকে গুজৰাটী লোকক মুকলিকৈ ভাবুকি প্ৰদান কৰিছে নেকি? সত্যটো কি জানক।  

শেহতীয়াকৈ চেপ্তেম্বৰৰ ১৮ তাৰিখে কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ এটা শিখ মন্দিৰৰ পাৰ্কিং এলেকাত শিখ বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জৰক গুলীয়াই হত্যা কৰা হৈছিল। এই বিষয়ত ভাৰতক দোষাৰোপ কৰিছিল কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে। যাৰ বাবে দুয়োখন দেশৰ মাজত কুটনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছে। অৱশ্যে ভাৰতে এই হত্যাকাণ্ডৰ লগত কোনো ধৰণে জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে। কিন্তু কানাডাৰ খালিস্তানীসকলে […]

Continue Reading

হিজাব পিন্ধা মুছলমান ছাত্ৰীক শ্ৰেণীকোঠাত প্ৰহাৰ কৰা ভিডিঅ’টো ভাৰতৰ নেকি? সত্যটো কি জানক।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ খুব্বাপুৰ গাঁৱত এখন ব্যক্তিগত বিদ্যালয়ৰ এজন শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে, যিয়ে এগৰাকী সাত বছৰীয়া শিশুক মুছলমান সহপাঠীক আঘাত কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন হৈছে। ভাইৰেল ভিডিঅ’ এটাত শিক্ষকজনে শাৰী পাতি থকা ল’ৰা-ছোৱালীক কান্দি থকা সহপাঠীজনক অধিক জোৰেৰে আঘাত কৰিবলৈ কৈছে আৰু তেওঁৰ ধৰ্মকো উপহাস কৰি আছে। এই পটভূমিত […]

Continue Reading

ফটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত দেখা কুমাৰ আৰু মুচিজন একেজনেই ব্যক্তি নেকি?

১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন আছিল আৰু সেইদিনা তেওঁ দিল্লীৰ গাতে লাগি থকা দ্বাৰকাত নিৰ্মিত প্ৰদৰ্শনী-সমাৱেশ কেন্দ্ৰটো উদ্বোধন কৰে। শিপিনী আৰু হস্তশিল্প কৰ্মীৰ বাবে বিশ্বকৰ্মা আঁচনিও উদ্বোধন কৰে। একে সময়তে তেওঁ প্ৰদৰ্শনী কেন্দ্ৰত প্ৰদৰ্শনী কৰি থকা শিপিনী আৰু হস্তশিল্প কৰ্মীসকলক লগ পায় আৰু তেওঁলোকৰ কৰ্মৰাজি দেখি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। সেই সময়ৰ দুখন ছবি […]

Continue Reading

পৰ্টুগালৰ বিশ্ব যুৱ দিৱসৰ দৃশ্যকে মৰক্কোৰ ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে।  

শেহতীয়াভাৱে মৰক্কোত ভয়ংকৰ ভূমিকম্প হোৱাৰ পাছত সমগ্ৰ বিশ্বতে ভুৱা খবৰ, ভুল তথ্য, বিভ্ৰান্তিকৰ ফটো, ভিডিঅ’ আদি ভাইৰেল হৈ পৰিছে।  ভিন্ন প্ৰান্তৰ ফেচবুক ব্যৱহাৰকাৰীয়ে বিভিন্ন ভুল তথ্য বিয়পাই থকা দেখা গৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ফেচবুক লিংক পঠিয়াই তাৰ সত্যতা নিৰূপণৰ আহ্বান জনাইছিল।  Archived Link লিংকটো খুলি চাই আমি দেখিলোঁ যে বহু মানুহ […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ন’বেল বঁটাৰ বাবে প্ৰস্তাৱ কৰা হৈছে নেকি?

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ন’বেল বঁটাৰ বাবে প্ৰস্তাৱ কৰা হোৱা বুলি এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত শ্বেয়াৰ হৈছে। ন’বেল শান্তি বঁটা কমিটিৰ ডেপুটি লীডাৰ এচলে টোজেৰ এক সাক্ষাৎকাৰৰ উদ্ধৃতি দি টাইমছ নাও নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে বাতৰি পৰিৱেশন কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ন’বেল শান্তি বঁটাৰ বাবে এগৰাকী ডাঙৰ প্ৰতিদ্বন্দীৰ অন্যতম। আমাৰ হোৱাটচ‌এপ নম্বৰলৈও একেটা ভিডিঅ’ […]

Continue Reading

 মৰক্কোৰ ভূমিকম্পৰ বুলি তুৰস্কৰ অট্টালিকাৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে।  

শেহতীয়াভাৱে মৰক্কোত ভয়ংকৰ ভূমিকম্প হোৱাৰ পাছত সমগ্ৰ বিশ্বতে ভুৱা খবৰ, ভুল তথ্য, বিভ্ৰান্তিকৰ ফটো, ভিডিঅ’ আদি ভাইৰেল হৈ পৰিছে। অসমতো যোৱা দুটা দিনত এটা ভিডিঅ’ মানুহৰ হোৱাটছএপত বিয়পি কৰিছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে মৰক্কোৰ ভূমিকম্পৰ ফলত এটা অট্টালিকা খহি পৰিছে। সেই ভিডিঅ’টো আমাৰ দৃষ্টিগোচৰ হৈছে।  Archived Link তদুপৰি আমি সেই ভিডিঅ’টো এক্স(পূৰ্বৰ টুইটাৰত)তো প্ৰচাৰিত […]

Continue Reading

এই দৃশ্য অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰৰ হয়নে?

এটা অট্টালিকাৰ ভিতৰৰ অংশ, পৰম্পৰাগতভাৱে সজাই তোলা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত সোণালী সজ্জা আৰু দেৱালত চিত্ৰ অংকন কৰা এটা বৃহৎ হল দেখুওৱা হৈছে। দাবী কৰা হৈছে যে এয়া অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰৰ দৃশ্য। একে দাবীৰে এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল। Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান […]

Continue Reading