মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি টুনিশা শৰ্মা গৰ্ভৱতী নাছিল

Communal False

টেলিভিছন ধাৰাবাহিক আলিবাবা: দস্তান-ই-কাবুল আৰু ফিতুৰ আদিৰ দৰে চিনেমাত কাম কৰা অভিনেত্ৰী টুনিশা শৰ্মা (২০)ই যোৱা ২৪ ডিচেম্বৰত আত্মহত্যা কৰে।  এইগৰাকী যুৱ শিল্পীৰ আত্মহত্যাই সকলোকে স্তম্ভিত কৰি তুলিলে।

অৱশ্যে মৃত অভিনেত্ৰীগৰাকীৰ মাতৃয়ে টুনিশা শৰ্মাৰ প্ৰাক্তন প্ৰেমিক তথা সহ অভিনেতা শ্বীজান খানে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ অভিযোগৰ পিছতে মুম্বাই আৰক্ষীয়ে খানক জিম্মাত লৈছে।

এই ঘটনা পোহৰলৈ অহাৰ পাছত টুনিশাই কিয় ইমান কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য হ’ল সেই সম্পৰ্কে কেইবাটাও দাবী ছ’চিয়েল মিডিয়াত আলোচনা কৰা দেখা গৈছে। আনকি একাংশই এই ঘটনাত লাভ জেহাদৰ কোণ থকা বুলিও অভিযোগ উত্থাপন কৰিছে। কিছুমানে এইটোও দাবী কৰিছে যে শ্বীজানৰ সৈতে সম্পৰ্কৰ ফলত টুনিশা গৰ্ভৱতী হৈছিল, কিন্তু তাৰ পিছত শ্বীজানে তেওঁক বিয়া কৰাবলৈ অস্বীকাৰ কৰিছিল আৰু যাৰ ফলত টুনিশা শৰ্মাই আত্মহত্যা কৰিছিল।

Twitter Link | Archived Link

এই টুইটটোত filmibeat.com নামৰ ৱেবছাইট এটাৰ এটা ৰিপৰ্টৰ স্ক্ৰীণশ্বট দেখিবলৈ পোৱা গৈছে য’ত লিখা আছে যে টুনিশা শৰ্মা গৰ্ভৱতী আছিল আৰু তেওঁৰ প্ৰেমিকজনে তেওঁক বিয়া কৰাবলৈ অস্বীকাৰ কৰিছিল। এই প্ৰতিবেদনেই টুইটাৰ ব্যৱহাৰকাৰীজনে উত্থাপন কৰা লাভ জেহাদৰ অভিযোগৰ ভিত্তি গঠন কৰিছিল।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

মৃত্যুৰ সময়ত টুনিশা গৰ্ভৱতী নাছিল। এই উৰাবাতৰিৰ বিষয়ে সোধাত আৰক্ষীয়ে কি ক’লে চাওঁ আহক।

টুনিশা শৰ্মাৰ আত্মহত্যাৰ গোচৰৰ তদন্ত অব্যাহত আছে মুম্বাই আৰক্ষীয়ে। এই গোচৰৰ তদন্ত কৰি থকা এচিপি চন্দ্ৰকান্ত জাধৱে কালি সংবাদমেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমক এই গোচৰৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে টুনিশাৰ মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে শ্বীজান খানক আত্মহত্যাত প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। তেওঁ কয় যে, “টুনিশা আৰু শ্বীজানে একেলগে কাম কৰিছিল আলিবাবা: দস্তান-ই-কাবুল নামৰ এখন ধাৰাবাহিকত  যিখন চ’নী টিভিত প্ৰচাৰিত হয়। শ্বুটিঙৰ সময়ত টুনিশা আৰু শ্বীজানৰ বন্ধুত্ব হয় আৰু পিছলৈ তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ পৰিবৰ্তিত হয় । ১৫ দিন পূৰ্বে শ্বীজানৰ টুনিশাৰ সৈতে ব্ৰেকআপ হৈছিল আৰু ইয়াৰ ফলত টুনিশাই মেক আপ ৰুমত ফাঁচী দি আত্মহত্যা কৰিছিল। টুনিশাৰ মাকৰ অভিযোগৰ ভিত্তিত শ্বীজানৰ বিৰুদ্ধে ৱালিভ থানাত আই পি চিৰ ৩০৬ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আজি ৱছাই আদালতত অভিযুক্তক দাখিল কৰা হয় আৰু আদালতে অভিযুক্তক ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ পঠিয়াইছে।”

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিওঁতে এচিপি জাধৱে কয়, “মৰণোত্তৰ পৰীক্ষাৰ পৰা স্পষ্ট হৈ পৰিছে যে মৃত্যুৰ কাৰণ হ’ল ফাঁচী লাগি উশাহ বন্ধ হোৱা।” গৰ্ভৱতী নেকি বুলি সোধাত এচিপি জাধৱে কয় যে মৰণোত্তৰ পৰীক্ষাত কোনো গৰ্ভধাৰণ দেখা পোৱা নাই। তেওঁ লাভ জেহাদৰ কোনো কোণকো অস্বীকাৰ কৰে। তেওঁ কয়, “এতিয়ালৈকে কৰা তদন্তত লাভ জেহাদ বা শ্বীজানৰ আন এগৰাকী মহিলাৰ সৈতে প্ৰেমৰ কোনো কোণ প্ৰকাশ পোৱা নাই।”

ফলাফল

মুম্বাই আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে টুনিশা শৰ্মা গৰ্ভৱতী নাছিল। তেওঁৰ মৰণোত্তৰ পৰীক্ষাত দেখা গ’ল যে তেওঁ আত্মহত্যা কৰাৰ সময়ত গৰ্ভৱতী নাছিল। আৰক্ষীয়েও এই পৰ্যন্ত লাভ জেহাদৰ কোনো কোণ বিচাৰি পোৱা নাই বুলিও জানিবলৈ দিয়ে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি টুনিশা শৰ্মা গৰ্ভৱতী নাছিল

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *