
ইউনিফৰ্ম পৰিহিত বহুকেইজন ব্যক্তিৰ মাজত হিজাব পিন্ধা এগৰাকী ছোৱালীয়ে পিছফালে মহাৰাষ্ট্ৰ পুলিচৰ বোৰ্ড লগোৱা এখন মেজত বহি থকা এখন ফটো এই দাবীৰে ভাইৰেল কৰা হৈছে যে তেওঁ প্ৰথম মুছলমান আইপিএছ বিষয়া, যি উৰ্দূ মাধ্যমৰ পৰা নিৰ্বাচিত হৈছে।
অসমত এই ফটোখন সেই দাবীৰে সৈতে এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে আপলোড কৰিছিল,যিটো বহুবাৰ শ্বেয়াৰ কৰা হৈছিল আৰু ভাইৰেল হৈ পৰিছিল । তেওঁ সেইটো প্ৰথমে ২০২০ৰ ২৮আগষ্টত পোষ্ট কৰিছিল আৰু সেইটো পুনৰ শ্বেয়াৰ কৰি পাঁচদিন আগত ভাইৰেল কৰা হৈছিল। সেই বিশেষ পোষ্টটো ৬৪বাৰলৈ শ্বেয়াৰ কৰিছিল।

Original Link- Facebook | Archived Link
সেই ফটোখন আমাৰ ফেক্টলাইন নম্বৰ 904 905 3770 লৈ প্ৰেৰণ কৰি তাৰ সত্যতা জানিব বিচৰা হৈছিল । Archived Link
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই সেই পোষ্টটোৰ সত্যতা নিৰূপনৰ সিদ্ধান্ত গ্ৰহন কৰিলো আৰু জানিব পাৰিলো যে দাবীটো ভূৱা আৰু সেই ছোৱালীগৰাকী আইপিএছ বিষয়া নহয়। ফটোখনত দেখা ছোৱালীজনী হৈছে ১৪বছৰীয়া সহৰীশ্ব কনৱল, যাক প্ৰতিকী অৰ্থত মহাৰাষ্ট্ৰৰ বুলধানাত ২০২০ৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাকক্ষনত এদিনৰ বাবে ডিএছপি হিচাপে ঘোষণা কৰিছিল ।
সত্যতা নিৰূপন পদ্ধতি
ৰিভাৰ্ছ ইমেজ ছাৰ্ছ আৰু প্ৰাংসগিক শব্দৰে ছাৰ্চ কৰি আমি ফটোখনৰে সৈতে দেশদূত.কমৰ এটা বাতৰি লাভ কৰিলো। দেশদূত হৈছে এখন ভাৰতীয় বাতৰি কাকত, যিখন মহাৰাষ্ট্ৰৰ উত্তৰ অংশৰ পৰা মাৰাঠি ভাষাত প্ৰকাশ হয়।
বাতৰিটোৰ প্ৰথমটো দফা অনুবাদ কৰাৰ পিছত আমি জানিব পাৰিলো যে ছোৱালীজনী প্ৰকৃততে আইপিএছ বিষয়া নহয়। বিতৰিটোৰ মতে, ” আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে জিলা পৰিষদ উৰ্দূ হাইস্কুলৰ নৱম শ্ৰেনীৰ ছাত্ৰীয়ে প্ৰতিকী অৰ্থত জিলা আৰক্ষী অধীক্ষকৰ পদবী গ্ৰহন কৰিছিল।”

Original Link: Deshdoot | Archived Link
এই তথ্যৰ সহায়ত অধিক সন্ধান কৰাৰ অন্তত, আমি সেই বিষেশ খবৰটো সম্পৰ্কত টাইমছ অৱ ইণ্ডিয়াৰ এটা বিশেষ বাতৰি লাভ কৰিলো, যিটোৱে স্পষ্ট কৰিলে যে সেই ছোৱালীজনী এজনী আইপিএছ বিষয়া নহয়।

Original Link- Times of India | Archived Link
ফলাফল
ভাইৰেল ফটোখনত দেখা সেই ছোৱালীজনী এজনী আইপিএছ বিষয়া নহয় আৰু সেই দাবীটো ভূৱা । তেওঁ প্ৰকৃততে সহৰীশ্ব কনৱল, যাক ২০২০ৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰতীকাত্মকভাৱে এদিনৰ বাবে ডিএছপি পতা হৈছিল মাহৰাষ্ট্ৰৰ বুলধানাত।
