FACT CHECK: বাংলাদেশৰ ২০২০চনৰ ফেৰী দুৰ্ঘটনাৰ ফটো নিমাতীঘাটৰ নাওঁ দুৰ্ঘটনাৰ ফটো বুলি প্ৰচাৰ!

False Social

যোৱা বুধবাৰে, ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলীৰ কমলাবাৰীৰ পৰা যাত্ৰা কৰা এখন ফেৰী আৰু যোৰহাটৰ নিমাতীঘাটৰ পৰা যাত্ৰা কৰা এখন নাওৰ মাজত খুন্দা লগাৰ ফলত এক শোকাবহ নাওঁ দুৰ্ঘটনা ঘটে । উক্ত দূৰ্ঘটনাৰ পাছত ৮৭গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমানলৈ চৰকাৰী তথ্যৰ মতে দুগৰাকী সন্ধানহীন হৈ থকাৰ লগতে পৰিমিতা দাস নামৰ এগৰাকী যুৱতীৰ কালি মৃত্যু হয়।  এনডিআৰএফ আৰু এছডিআৰএফে যুদ্ধকালীন তৎপৰতাৰে লুইতৰ বুকুত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । 

এনে সময়তে এখন বিশেষ ফটো ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । উক্ত ফটোখনত উদ্ধাৰ অভিযানৰ অন্তত বডী বেগত সুমুৱাই ৰখা বহুতো মৃতদেহ যেন লগা আকৃতি দেখা গৈছে । আব্দুল হাচিব নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা উক্ত ফটোখন আপলোড কৰা হৈছে আৰু দাবী কৰা হৈছে যে এইখন শেহতীয়াকৈ যোৰহাটৰ নিমাতীঘাটৰ কাষত হোৱা নাওঁ দুৰ্ঘটনাৰ ছবি । “নিমাতি ঘাটৰ আকস্মিক দুৰ্ঘটনা,,, অতিকৈ মৰ্মান্তিক, অসহনীয়,,  😭😭” বুলি শিৰোনামা দি উক্ত ফেচবুক পোষ্টটো ৯ ছেপ্টেম্বৰ, ২০২১ তাৰিখে আপলোড কৰা হৈছে । উক্ত ফেচবুক পোষ্টটো বৰ্তমানলৈকে ৪৮ বাৰ শ্বেয়াৰ কৰা হৈছে আৰু ক্ৰমাৎ ভাইৰেল হব ধৰিছে । 

Facebook Link | Archived Link

ইয়াৰ উপৰিও উক্ত ভাইৰেল ফটোখন নিমাতীঘাটৰ নাওঁ দুৰ্ঘটনাৰ ফটো বুলি Whatsappৰ যোগেদিও ভাইৰেল হৈ পৰাৰ খবৰ আমালৈ আহিছে।  

একেই দাবী আমি আমাৰ 24×7 ফেক্টলাইন নম্বৰ 9049053770ত সত্যতা নিৰূপনৰ বাবে লাভ কৰো। Archived Link

আমি, ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই, এই সম্পৰ্কে অনুসন্ধান কৰিবলৈ সিদ্ধান্ত ললোঁ যিহেতু বুধবাৰৰ নিমাতীঘাটৰ নাওঁ দুৰ্ঘটনাত বৰ্তমানলৈকে কেৱল এগৰাকী যুৱতীৰ মৃতদেহ পোৱা গৈছে ।  অনুসন্ধানৰ শেষত আমি জানিব পাৰিলোঁ যে উক্ত ফটোখন আচলতে নিমাতীঘাটৰ নাওঁ দুৰ্ঘটনাৰ নহয় বৰঞ্চ ফটোখন বাংলাদেশত সংঘটিত হোৱা এক ফেৰী দুৰ্ঘটনাৰ হে ফটো হয় । 

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে আমি উক্ত ভাইৰেল ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে বিচাৰিলোঁ । আমি বিভিন্ন নিউজ ৰিপৰ্টত উক্ত ফটোখন ব্যৱহাৰ হোৱা দেখিলোঁ । 

এনডিটিভি’ৰ নিউজ ৱেবছাইটত প্ৰকাশিত এক বাতৰি দেখি আমি জানিব পাৰিলোঁ যে উক্ত ফটোখন আচলতে বাংলাদেশত ২৯ জুন, ২০২০ তাৰিখে সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ হয় । ২৩ জন লোক উক্ত দুৰ্ঘটনাত মৃত্যু বৰণ কৰিছিল আৰু ফটোখনত দেখা বডী বেগৰ ভিতৰত থকা মৃতদেহ বোৰ তেওঁলোকৰ বুলি ধৰিব পৰা গৈছে । বাতৰিটোত সকলো স্পষ্টকৈ লিখা আছে। 

Screenshot NDTV news report

NDTV Link

ইয়াৰ পাছত উক্ত নাওঁ দুৰ্ঘটনাৰ সম্পর্কে আমি আন এক বাতৰি (একেই ভাইৰেল ফটোখন ব্যৱহাৰ কৰি) ডেক্কান হেৰাল্ড নামৰ বাতৰি কাকতৰ ৱেবছাইটত প্ৰকাশ হোৱা দেখিলোঁ । উক্ত বাতৰিটোতও স্পষ্টকৈ লিখা আছে যে উক্ত ভাইৰেল ফটোখন বাংলাদেশত ২৯ জুন, ২০২০ তাৰিখে সংঘটিত হোৱা এক ফেৰী দুৰ্ঘটনাৰ হয় । 

Screenshot Deccan Herald news report

Deccan Herald Link

ইয়াৰ উপৰিও যিহেতু বৰ্তমানলৈকে অসমৰ নিমাতীঘাটৰ নাওঁ দুৰ্ঘটনাত যিহেতু কেৱল এগৰাকী যুৱতীৰ মৃত্যু হৈছে আৰু আন দুজন নিখুঁজ ব্যক্তিৰ বৰ্তমান লৈকে কোনো খবৰ পোৱা হোৱা নাই, মৃতদেহ থকা উক্ত ফটোখন যে বুধবাৰৰ ঘটনাৰ নহয়, সেইয়া স্পষ্ট । 

ফলাফল

উক্ত ভাইৰেল ফটোখন আচলতে বুধবাৰৰ নিমাতীঘাটৰ নাওঁ দুৰ্ঘটনাৰ নহয় বৰঞ্চ ফটোখন বাংলাদেশত ২০২০ চনত সংঘটিত হোৱা এক ফেৰী দুৰ্ঘটনাৰ হে হয় । উক্ত ফটোখন নিমাতীঘাটৰ নাওঁ দুৰ্ঘটনাৰ বুলি প্ৰচাৰ কৰি জনসাধাৰণৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰা হৈছে ।

Avatar

Title:বাংলাদেশৰ ২০২০চনৰ ফেৰী দুৰ্ঘটনাৰ ফটো নিমাতীঘাটৰ নাওঁ দুৰ্ঘটনাৰ ফটো বুলি প্ৰচাৰ!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *