যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছত চ'চিয়েল মেডিয়াত নেপালৰ বিমান দুৰ্ঘটনা বুলি দাবী কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। তেনেধৰণৰ দাবীৰে এটা পোষ্ট "Northeast View" নামৰ এটা ফেচবুক পেজৰ পৰা শ্বেয়াৰ হোৱা দেখা গ'ল। পোষ্টটোৰ কেপশ্বনত লিখা আছিল এইদৰে "নেপালৰ অভিশপ্ত বিমান দুৰ্ঘটনা, পাইলট হোৱাৰ সপোন সপোন হয়েই ৰ'ল অঞ্জুৰ"।

Facebook Link | Archived Link

ভিডিঅ'টো বহুকেইখন ফটো আৰু ভিডিঅ' ক্লিপ সন্নিৱিষ্ট কৰি নিৰ্মাণ কৰা হৈছিল। কিন্তু ভিডিঅ'টোৰ ১৭ৰ পৰা ১৮ ছেকেণ্ডলৈ থকা এখন ফটো, যিখন আছিল দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ফটো, সেয়া নেপালৰ পোখৰাত হোৱা বিমান দুৰ্ঘটনাৰ নাছিল, বৰং সেয়া আছিল নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ওচৰত ২০১২ চনত হোৱা বিমান দুৰ্ঘটনাৰহে।

এই সম্পৰ্কে আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই পূৰ্বতেই এটা প্ৰতিবেদন প্ৰকাশ কৰিছোঁ। অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

গতিকে ভিডিঅ'টোত সন্নিৱিষ্ট আনবোৰ ফটো অথবা ভিডিঅ' ক্লিপ নেপালৰ পোখৰাত হোৱা বিমান দুৰ্ঘটনাৰ হয়নে নহয় এয়া জানিবলৈ আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লো।

সত্যতা নিৰূপণ পদ্ধতি

আমি আমাৰ অনুসন্ধান আৰম্ভ কৰিছিলোঁ গুগলত কীৱ'ৰ্ড চাৰ্চ কৰি। তেতিয়া আমি ২০১৩ চনৰ মে' মাহৰ ২ তাৰিখে চি এন এনৰ দ্বাৰা প্ৰকাশিত এটা ভিডিঅ' পালোঁ য'ত কেপশ্বন আছিল এইদৰে "কিদৰে ৭৪৭ আফগানিস্তানত দুৰ্ঘটনাগ্ৰস্ত হ'ল"। প্ৰতিবেদন অনুসৰি ২০১৩ চনৰ ২৯ এপ্ৰিলত আফগানিস্তানৰ বাগ্ৰাম বায়ুসেনাৰ ঘাটিত বয়িং ৭৪৭ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই ভিডিঅ'টো আছিল ভাইৰেল ভিডিঅ'টোৰ প্ৰথম ৯ ছেকেণ্ড আৰু ২৬-৩৫ ছেকেণ্ডত থকা ভিডিঅ' ক্লিপটোৰ সৈতে সাইলাখ একেই।

গাৰ্ডিয়ান আৰু বিবিচিৰ এক প্ৰতিবেদন অনুসৰি এই দুৰ্ঘটনাত বিমানখনৰ সাতজন আমেৰিকান ক্ৰু মেম্বাৰৰ মৃত্যু হৈছিল। আফগানিস্তানৰ বাগ্ৰাম বিমান ঘাটিত দুৰ্ঘটনাগ্ৰস্ত হয় এইখন আমেৰিকাৰ অসামৰিক মালবাহী বিমান। নাটোৰ আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সহায়ক বাহিনীয়ে (ইছাফে) জনোৱা মতে, দুৰ্ঘটনাৰ সময়ত ঘাটিটোৰ ভিতৰত বা ইয়াৰ আশে-পাশে উগ্ৰপন্থী কাৰ্যকলাপৰ কোনো খবৰ পোৱা হোৱা নাছিল।

আমি পুনৰ ভিডিঅ'টো কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া ভিডিঅ'টোত সন্নিৱিষ্ট আন ফটো তথা ভিডিঅ' ক্লিপৰ সত্যতা প্ৰমাণ কৰা প্ৰতিবেদন কিছুমান আমি দেখিবলৈ পালোঁ।

অনুগ্ৰহ কৰি ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত পঢ়ক।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো আংশিকভাৱে মিছা। ভিডিঅ'টোৰ প্ৰথম ৯ ছেকেণ্ড তথা ২৬-৩৫ ছেকেণ্ডত সন্নিৱিষ্ট ভিডিঅ' ক্লিপটো নেপালৰ পোখৰাত হোৱা বিমান দুৰ্ঘটনাৰ নহয় বৰং ২০১৩ চনত আফগানিস্তানত হোৱা বিমান দুৰ্ঘটনাৰহে হয়। তদুপৰি ১৭-১৮ ছেকেণ্ডত সন্নিৱিষ্ট ফটোখনো ২০১২ চনত নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ওচৰত হোৱা বিমান দুৰ্ঘটনাৰহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:নেপালৰ পোখৰাত হোৱা বিমান দুৰ্ঘটনাৰ ভিডিঅ' বুলি পুৰণি ভিডিঅ' ভাইৰেল

Fact Check By: Debanjana Baishya

Result: Partly False