শেহতীয়াকৈ ইৰাণে ইজৰাইলৰ ওপৰত কৰা ড্ৰোণ আৰু ৰকেট আক্ৰমণৰ বিভিন্ন ভিডিঅ' চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এনে সময়তে ফেচবুকত এটা ভিডিঅ' ভাইৰেল হৈছে য'ত কেপশ্বন লিখা আছিল এইদৰে,

"ব্ৰেকিং

➡️ ❗ইৰাণ 🇮🇷 মাত্ৰ কেই ঘণ্টাৰ আগতে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰাৰ সময়ত ইজৰাইলৰ লোহাৰ গম্বুজটো বিফল হৈ পৰিল।

➡️❗ইৰাণৰ পিছত য়েমেনে 🇾🇪 ইজৰাইলৰ ওপৰতো নিজৰ ড্ৰোন নিক্ষেপ কৰিলে আৰু...

➡️❗লেবানন 🇱🇧 মাত্ৰ উত্তৰ ইজৰাইলৰ ওপৰত আক্ৰমণ

➡️❗অৱশেষত ইজৰাইলে তৃতীয় বিশ্বযুদ্ধ আৰম্ভ কৰাত সফল হ’ল!"

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ'টোত থকা এটা ৱাটাৰমাৰ্ক লক্ষ্য কৰিলোঁ। তাত লিখা আছিল এইদৰে,

" ASHKELON, ISRAEL

Credit: clashreport via X"

এই কথাখিনিকে সমল হিচাপে লৈ আমি ইউটিউবত প্ৰাসংগিক কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ আৰু তেতিয়া ইউটিউবত দ্য টেলিগ্ৰাফৰ চেনেলত ২০২৩ চনৰ ১২ অক্টোবৰত আপলোড হোৱা এটা ভিডিঅ' পালোঁ যিটো আছিল ভাইৰেল ভিডিঅ'টোৰ সৈতে একেই।

ভিডিঅ'টোৰ কেপশ্বনত লিখা আছিল যে সেয়া ইজৰাইলৰ আইৰণ ড'মে হামাছৰ ৰকেটক এছকেলনত প্ৰতিৰোধ কৰাৰ দৃশ্য সেয়া।

Archived Link

ভিডিঅ'টোৰ বিৱৰণত লিখা আছিল এইদৰে,"ইজৰাইলৰ সেনাই বৃহস্পতিবাৰে গাজাত হামাছৰ লক্ষ্যস্থানত “বৃহৎ পৰিসৰৰ আক্ৰমণ” চলাইছে বুলি কয় যদিও কোনো সবিশেষ প্ৰকাশ কৰা নাই।

পেলেষ্টাইনৰ ভূখণ্ডত স্থল আক্ৰমণ চলাবলৈ সেনাই কৰা জল্পনা-কল্পনাৰ মাজতে এই কথা প্ৰকাশ পাইছে।"

আমি পুনৰ কী-ৱ'ৰ্ড চাৰ্চ কৰি ইক'নমিক টাইমছত ২০২৩ চনৰ ১৭ অক্টোবৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। তাত সংলগ্ন ভিডিঅ'সমূহতো ভাইৰেল ভিডিঅ'টো আমি দেখিলোঁ।

এই সম্পৰ্কে আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

উল্লেখযোগ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে এক বৃহৎ ৰকেট আক্ৰমণ কৰিছিল। তাৰ প্ৰত্যুত্তৰত ইজৰাইলৰ এণ্টি মিছাইল চিষ্টেম আইৰণ ড'মৰদ্বাৰা প্ৰায় ৫০০০ ৰকেট প্ৰতিহত কৰা হৈছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ । এয়া ইজৰাইলৰ ওপৰত ইৰাণৰ শেহতীয়া আক্ৰমণৰ দৃশ্য নহয় বৰং ২০২৩ চনৰ অক্টোবৰ মাহত হোৱা ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইজৰাইল আৰু ইৰাণৰ মাজত হোৱা শেহতীয়া যুদ্ধৰ দৃশ্য বুলি পুৰণি ভিডিঅ' ভাইৰেল।

Written By: Debanjana Baishya

Result: False