এইটো কাটাৰৰ ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ৰ ভিডিঅ’ হয়নে?

False International

কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ পিছত ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে এখন ষ্টেডিয়ামৰ খেলপথাৰত সহস্ৰাধিক ৰাইজে নমাজ পঢ়ি থকা এটা ভিডিঅ’। ফেচবুক ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ভিডিঅ’টোত কাটাৰ ফুটবল ষ্টেডিয়ামত নামাজ পঢ়া দেখা গৈছে।

এই ধৰণৰ কেবাটাও পোষ্ট ফেচবুকত আপলোড তথা শ্বেয়াৰ হোৱা দেখা গৈছে । 

Facebook Link | Archived Link

আমি দাবীটোৰ বিষয়ে এক ফেক্ট-চেক কৰাৰ সিদ্ধান্ত লৈছিলো আৰু তদন্তৰ অন্তত দেখা গ’ল যে চলি থকা কাটাৰ ফিফা বিশ্বকাপ ২০২২ৰ সৈতে এই ভিডিঅ’টোৰ কোনো সম্পৰ্ক নাই । ভিডিঅ’টো ২০১৯ চনৰ ৰাছিয়াৰ কাজানৰ আক বাৰ্ছ এৰিনাৰ হয় ।

সত্যতা নিৰূপণ পদ্ধতি

ষ্টেডিয়ামৰ আসনত লিখা ‘কাজান’ আমি পৰ্যবেক্ষণ কৰিলোঁ। এই বিষয়ে আমি গুগলত এটা কীৱৰ্ড চাৰ্চ চলাইছিলো যাৰ ফলাফলৰ ফলত ২০১৯ চনত এটা ভেৰিফাইড চেনেলে ইউটিউবত পোষ্ট কৰা একেটা ভিডিঅ’ বিচাৰি পালোঁ ।

২০১৯ চনৰ ১০ জুনত পোষ্ট কৰা ভিডিঅ’টোৰ কেপচনত লিখা আছে, “ষ্টেডিয়ামত প্ৰাৰ্থনা কৰা |… কাজান ষ্টেডিয়াম ৰাছিয়াত নামাজ।” ‘ইছলামৰ বাৰ্তা’ নামৰ চেনেলটোৱে ৰাছিয়াৰ কাজান ষ্টেডিয়ামত নামাজ বুলি ভিডিঅ’টোক অভিহিত কৰিছে।

‘নেপাল মুছলিম কমিউনিটি’ নামৰ এটা ফেচবুক পেজত ২০১৯ চনৰ ৪ জুনত, “ৰাছিয়াৰ কাজানৰ কাজান এৰিনা ষ্টেডিয়ামত প্ৰাৰ্থনা কৰা ঈদ উলফিতৰৰ চালাহ” বুলি শিৰোনাম দি এই ভিডিঅ’টো পোষ্ট কৰা হৈছিল । 

আন এটা ফেচবুক পেজত উল্লেখ কৰা হৈছে যে ভিডিঅ’টো ২০১৯ চনৰ ২৫ মে’ৰ আৰু ইয়াৰ কেপচন ‘Prayers at Kazan Stadium, Tatarstan (May 25th 2019)। কাজানত ৰাছিয়াৰ অন্যতম বৃহৎ ব্ৰেকিং ফাষ্ট অনুষ্ঠিত হৈছিল। ১৫ হাজাৰ লোকৰ বাবে আয়োজন কৰা ইফতাৰৰ আয়োজন কৰা হৈছিল, যিটো কাজানত এতিয়ালৈকে সৰ্বাধিক সংখ্যক লোকৰ বাবে আয়োজন কৰা হৈছিল।” 

ভিডিঅ’টোত দেখা পোৱা ষ্টেডিয়ামখন হৈছে ৰাছিয়াৰ কাজানৰ আক বাৰ্ছ এৰিনা। তলত ষ্টেডিয়ামখনৰ গুগল ষ্ট্ৰীট ভিউ চাব পাৰিব।

যিহেতু এই ভিডিঅ’টো ২০১৯ চনত ইণ্টাৰনেটত উপলব্ধ, সেয়েহে ইয়াৰ চলি থকা ফিফা বিশ্বকাপ কাটাৰ ২০২২ৰ সৈতে কোনো সম্পৰ্ক স্পষ্টভাৱে নাই। ভিডিঅ’টো কাটাৰৰ নহয়, ৰাছিয়াৰ কাজানৰ।

ফলাফল

ফেক্ট ক্ৰেচেণ্ডোৱে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটোক মিছা বুলি বিবেচনা কৰিছে । ভাইৰেল ভিডিঅ’টোত ২০১৯ চনত ৰাছিয়াৰ কাজান ষ্টেডিয়ামত অনুষ্ঠিত হোৱা নামাজ দেখা গৈছে। চলিত ফিফা বিশ্বকাপ কাটাৰ ২০২২ৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এইটো কাটাৰৰ ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ৰ ভিডিঅ’ হয়নে?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *