গোলাবৰ্ষণৰ এই ভিডিঅ’টো ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ নহয়।

International Partly-False

ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ বহুতো ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ইয়াৰ মাজতে গোলাবৰ্ষণৰ এক ভিডিঅ’ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ বুলি ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। একেটা ভিডিঅ’ আমি ফেচবুকতো পালোঁ।

এই ভিডিঅ’টোৰ ৯ ছেকেণ্ডত থকা দৃশ্যাংশত গোলাবৰ্ষণৰ ভিডিঅ’টো দেখা গৈছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ।

প্ৰথমে আমি ইউটিউবত ৩ বছৰ আগেয়ে “World on the Edge” নামৰ এটা চেনেলে আপলোড কৰা ভিডিঅ’ পালোঁ। সেই ভিডিঅ’টো আছিল ভাইৰেল দৃশ্যাংশৰ সৈতে একেই। ভিডিঅ’টোৰ বিৱৰণীত লিখা আছিল যে এই দৃশ্যটো ছিৰিয়াৰ।

আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ। তেতিয়া আমি Telegraph- channel নামৰ আন এটা ইউটিউব চেনেলত এই একেটা ভিডিঅ’ পালোঁ। তাতো উল্লেখ কৰা হৈছিল যে ভিডিঅ’টো ছিৰিয়াৰ।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দৃশ্যাংশটো ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ নহয়। এই ভিডিঅ’টো ২০২০ চনৰেপৰা চ’চিয়েল মেডিয়াত উপলব্ধ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:গোলাবৰ্ষণৰ এই ভিডিঅ’টো ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ নহয়।

Written By: FactCrescendo Assamese 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *