FACT CHECK: চীনা ‘পিএলএ’ৰ পুৰণি প্ৰশিক্ষণৰ ছবি শেহতীয়াকৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ সময়ৰ বুলি ভাইৰেল হৈছে

False International

ঘোঁৰাত উঠি থকা পিপলছ লিবাৰেচন আৰ্মীৰ কেইজনমান জোৱানৰ ছবি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে আৰু এই দাবী কৰা হৈছে যে এইয়া ইণ্ডো-চীন সীমান্তৰ শেহতীয়া ঘটনাৰ হয়।

শিৰোনামটোত দাবী কৰা হৈছে যে যেতিয়া পিএলএ জোৱানসকলে শেহতীয়াকৈ উত্তৰাখণ্ডৰ সীমান্তত ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল তেতিয়া ছবিখন তোলা হৈছিল। 

ফেচবুকত অসমত ভাইৰেল হৈ পৰা এনে এটা পোষ্টত কোৱা হৈছে : 

“মোদীৰ লাল চকুক কোনো ভ্ৰুক্ষেপ নকৰি 

ঘোঁৰাত অহা চীনা সৈন্যই ভাৰতৰ ভূমিৰ দহ

কিলোমটাৰ গভীৰতালৈ প্ৰবেশ কৰি ভাৰতৰে

দলং ভাঙি থৈ গ’ল, গদি মিডিয়া আৰু ভক্ত

লাজতে কৰিলে আত্মগোপন। উত্তৰাখণ্ডৰ

ভাৰত চীন সীমান্তত হোৱা এই ঘটনাটোক

গাপ দিবলৈ বহু চেষ্টা কৰিও বিফ’ল হল গদি

মিডিয়া আৰু অন্ধভক্ত।“

Facebook Post | Archived Link

ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই জানিব পাৰিলে যে ছবিখন পুৰণি আৰু উত্তৰাখণ্ডৰ নহয়, বৰঞ্চ জিনজিয়াঙত অনুষ্ঠিত হোৱা এক সামৰিক প্ৰশিক্ষণৰ হয়। ইয়াত তথ্য পৰীক্ষা কৰা হৈছে…

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে, আমি ভাইৰেল ছবিখন য়াণ্ডেক্সত এক ৰিভাৰ্চ ইমেজ চাৰ্চ চলাইছিলো। ফলত আমি প্ৰবন্ধ আৰু বাতৰি প্ৰতিবেদনৰ কেইটামান লিংক পাইছিলো য’ত একেখন ছবি ব্যৱহাৰ কৰা হৈছে। 

এনে এটা ৱেবছাইট য’ত ছবিখন শেহতীয়াকৈ প্ৰকাশ কৰা হৈছে ‘দা ফেডাৰেল’ য’ত ইয়াক ২৮ ছেপ্টেম্বৰ, ২০২১ তাৰিখে প্ৰকাশিত এক প্ৰতিবেদনত “চীনা সৈন্যসকলে যোৱা মাহত ঘোঁৰাত ভাৰতত প্ৰৱেশ কৰিছিল: প্ৰতিবেদন” শীৰ্ষক শিৰোনামৰ সৈতে ব্যৱহাৰ কৰা হৈছে। প্ৰবন্ধটোত কোৱা হৈছে যে যোৱা মাহত প্ৰায় ১০০ জন চীনা সৈন্য ঘোঁৰাত ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল বুলি জনা গৈছে।

“সূত্ৰৰ উদ্ধৃতিৰে নিউজ১৮ৰ এক প্ৰতিবেদন অনুসৰি, চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ ১০০ জন সৈন্যই উত্তৰাখণ্ডৰ বাৰাহোটিত ঘোঁৰাত প্ৰৱেশ কৰিছিল আৰু ‘তিনি ঘণ্টা’ আছিল।

ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি তেওঁলোকে ৫৫ টা ঘোঁৰালৈ টুনজুন-লা পাছৰ মাজেৰে আহিছিল আৰু ভাৰতীয় ভূখণ্ডৰ ভিতৰত কমেও ৫ কিলোমিটাৰ সোমাই আহিছিল,” বাতৰি প্ৰতিবেদনত কোৱা হৈছে। 

ছবিখনৰ শিৰোনামটোত অৱশ্যে কোৱা হৈছে যে ই এক প্ৰতিনিধিত্বমূলক ছবি যিয়ে স্পষ্ট কৰে যে ই একে ঘটনাৰ নহয়।

Screenshot, news report, The Federal

The Federal Link

আমি দেখা পোৱা আন এটা লিংকে আমাক চাইনা মিলিটাৰী নামৰ এটা ৱেবছাইটলৈ লৈ গৈছিল, য’ত ২৪ আগষ্ট, ২০২০ তাৰিখে প্ৰকাশিত জিনজিয়াঙৰ এটা প্ৰশিক্ষণৰ ওপৰত এটা প্ৰবন্ধ আছে, যাৰ শিৰোনাম আছিল “পিএলএ সীমান্ত প্ৰতিৰক্ষা সৈন্যই জিনজিয়াঙৰ মালভূমিত ঘোঁৰা চালনাৰ প্ৰশিক্ষণ লয়।” প্ৰবন্ধটোত কোৱা হৈছে , “শেহতীয়াকৈ পিএলএ জিনজিয়াং মিলিটাৰী কমাণ্ডৰ অধীনত কাশগৰ মিলিটাৰী চাব-কমাণ্ডৰ এটা সীমান্ত প্ৰতিৰক্ষা ৰেজিমেণ্টত নিযুক্ত ১২ জন সেৱা সদস্যই চীনৰ জিনজিয়াঙৰ পামিৰ মালভূমিত ৩,৬০০ মিটাৰ উচ্চতাত সামৰিক ঘোঁৰা চলোৱাত এমাহধৰি প্ৰশিক্ষণ লৈছিল, যিয়ে সীমান্ত ৰক্ষী অভিযানত সৈন্যৰ সামৰ্থ্য যথেষ্ট উন্নত কৰিছে।” 

Screenshot, article, China Military

China Military Link

ভাইৰেল ছবিখন, একেটা অনুশীলনৰ আন কিছুমান ছবিৰ সৈতে প্ৰবন্ধটোত প্ৰকাশ কৰা হৈছে।

আমি ৱেবছাইটটোৰ হোমপেজত পৰীক্ষা কৰিছিলো আৰু দেখিছিলো যে চীন মিলিটাৰী চীনা পিপলছ লিবাৰেচন সেনাৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা হৈছে।

Screenshot, China Military homepage

China Military Homepage Link

ফলাফল

ওপৰোক্ত তথ্য পৰীক্ষাৰ পৰা এইয়া স্পষ্ট যে এইখন চীনা ‘পিএলএ’ জোৱানে শেহতীয়াকৈ ভাৰতৰ উত্তৰাখণ্ডত ঘোঁৰাত প্ৰৱেশ কৰা সময়ৰ ছবি বুলি ভাইৰেল হোৱা দাবীটো ভুৱা। এই ছবিখন আচলতে এক সামৰিক প্ৰশিক্ষণৰ যি ২০২০ চনত চীনৰ জিনজিয়াঙৰ পামিৰ মালভূমিত অনুষ্ঠিত কৰা হৈছিল।

Avatar

Title:চীনা ‘পিএলএ’ৰ পুৰণি প্ৰশিক্ষণৰ ছবি শেহতীয়াকৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ সময়ৰ বুলি ভাইৰেল হৈছে

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *