FACT CHECK: পুৰণি দুৰ্ঘটনা এটাৰ ফটো বিতৰ্কিত শিল্পী লাৰ্ছ ভিল্কছৰ মাৰাত্মক দুৰ্ঘটনাৰ ফটো বুলি ভাইৰেল!

International Partly-False

বিতৰ্কিত চুইডিছ শিল্পী লাৰ্ছ ভিল্কছ ২০২১ চনৰ ৪ অক্টোবৰত এটা গাড়ী দুৰ্ঘটনাত নিহত হৈছে । উল্লেখযোগ্য যে এটা কুকুৰৰ সৈতে পয়গম্বৰ মহম্মদক অংকন কৰাৰ পিছত ধৰ্মান্ধসকলৰ দ্বাৰা তেওঁক দুবাৰ হত্যাৰ চেষ্টা চলোৱা হৈছিল । চুইডেনত প্ৰৰোচনাকাৰী শিল্পীজনৰ মৃত্যুৰ অলপ পিছতে, ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰত কিছুমান ছবি ভাইৰেল হৈ পৰিছে আৰু বিভিন্নজনে দাবী কৰিছে যে এই ফটোবোৰ উক্ত দুৰ্ঘটনাৰ হয় । 

ফেচবুকত অসমত ভাইৰেল হৈ পৰা এনে এটা পোষ্টত কোৱা হৈছে “হজৰত মহম্মদ (ছ:) ক অপমান কৰা কাৰ্টুনিষ্টৰ দুৰ্ঘটনাত মৃত্যু,,

বৰ কষ্টকৰ মৃত্যুক সাৱটিলে লাৰ্চ ভাইকচে,,, ছুইডেনৰ ৰাজধানী চহৰৰ পৰা ২০০ কিলোমিটাৰ দূৰত্বত দুখন গাড়ীৰ মাজত সংঘটিত হোৱা এক

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হ’ল,,,”

Facebook Link | Archived Link

এই পোষ্টটোত শিল্পীৰ ছবি আৰু এখন গাড়ী দুৰ্ঘটনাৰ ছবি আছে। 

অনুসন্ধানৰ পাছত ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই জানিব পাৰিছিল যে গাড়ী দুৰ্ঘটনাৰ ছবিখন প্ৰকৃততে ২০১৫ চনত নিউজিলেণ্ডত সংঘটিত এক দুৰ্ঘটনাৰ হয় আৰু শিল্পীজনৰ মৃত্যুৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। কেনেকৈ পঢ়ক…

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে আমি শিল্পীজনৰ মৃত্যুৰ বাতৰিটো সঁচা নে নাই পৰীক্ষা কৰিবলৈ প্ৰাসঙ্গিক কীৱৰ্ডৰ সৈতে এটা গুগল অনুসন্ধান চলাইছিলো। আমি ৪ অক্টোবৰ, ২০২১ তাৰিখে দ্য চান ইউকেত প্ৰকাশিত এক প্ৰতিবেদন দেখিছিলো যাৰ শিৰোনাম আছিল “পয়গম্বৰ মহম্মদৰ অংকনৰ পিছত ধৰ্মান্ধসকলৰ দ্বাৰা দুটা হত্যাৰ চেষ্টাৰ পিছত ৰহস্যজনক গাড়ী দুৰ্ঘটনাত নিহত কিলাৰ স্মেছ চুইডিছ শিল্পী।”

বাতৰি প্ৰতিবেদনত কোৱা হৈছে যে চুইডিছ শিল্পী লাৰ্ছ ভিল্কছ এখন গাড়ী দুৰ্ঘটনাত নিহত হৈছিল যেতিয়া তেওঁ চলাই থকা পুলিচৰ গাড়ীখন ৰাস্তাৰ ভুল দিশে গুচি গৈছিল আৰু এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হৈছিল। চুইডেনৰ ক্ৰোনোবাৰ্গৰ মাৰ্কাৰিডত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। কোৱা হৈছে যে ভিল্কছে ২০০৭ চনত কুকুৰৰ শৰীৰৰ সৈতে পয়গম্বৰ মহম্মদৰ স্কেচ্ছ কৰাৰে পৰা আৰক্ষীৰ নিৰাপত্তাৰ অধীনত বাস কৰি আছিল ।

আমি অনলাইন বিচাৰিলো আৰু ওপৰৰ বাতৰিটোৰ দৰে এই ঘটনাটোৰ বিষয়ে আন বহুতো বাতৰি পঢ়ি চালোঁ কিন্তু সামাজিক মাধ্যমত ভাইৰেল হৈ থকা দুৰ্ঘটনাটোৰ দৰে ছবি ক’তো বিচাৰি পোৱা নাছিলোঁ। গতিকে আমি এটা গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ চলাবলৈ সিদ্ধান্ত লৈছিলো। অনুসন্ধানটোৱে আমাক ২০১৫ চনত নিউজিলেণ্ডত সংঘটিত এটা দুৰ্ঘটনাৰ বাতৰিৰ দুটা ফলাফল দেখুৱাইছিল। 

নিউজিলেণ্ডৰ ওটাগো ডেইলী টাইমছে ২৪ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখে প্ৰকাশিত “দুৰ্ঘটনাৰ ফলত চতুৰ্থ ব্যক্তিৰও মৃত্যু” শীৰ্ষক এক বাতৰি প্ৰতিবেদনত একেখন ছবি প্ৰকাশ কৰিছিল। বাতৰি প্ৰতিবেদনত কোৱা হৈছে যে নিউজিলেণ্ডত গাড়ী দুৰ্ঘটনাত চাৰিজনীয়া আমেৰিকান পৰিয়াল এটাৰ মৃত্যু হৈছিল।

Screenshot Otago Daily Times report

Otago Daily Times Link | Archived Link

আমি একেটা দুৰ্ঘটনাৰ ওপৰত আন এক বাতৰি পাইছিলো, যি ১৯ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখে এনজেড হেৰাল্ডত প্ৰকাশ হৈছিল যাৰ শিৰোনাম আছিল “ট্ৰাক দুৰ্ঘটনাত নিহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিয়াল জীয়েকক নতুন ঘৰত থিতাপি লোৱাত সহায় কৰিবলৈ আহিছিল”। এই প্ৰতিবেদনখনত একেই ছবি আছে যি এতিয়া ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে এইখন শিল্পী লাৰ্ছ ভিল্কছৰ মাৰাত্মক গাড়ী দুৰ্ঘটনাৰ ফটো যি শেহতীয়াকৈ চুইডেনত সংঘটিত হৈছিল।

ফলাফল

ওপৰোক্ত তথ্য পৰীক্ষাৰ পৰা এইটো স্পষ্ট যে যদিও শিল্পী লাৰ্ছ ভিল্কছৰ গাড়ী দুৰ্ঘটনাত মৃত্যু হোৱাৰ বাতৰি সঁচা, কিন্তু ভাইৰেল হৈ থকা দুৰ্ঘটনাটোৰ প্ৰতিচ্ছবি প্ৰকৃততে নিউজিলেণ্ডৰ আৰু ২০১৫ চনৰ হয় । সেয়েহে দাবীটো আংশিকভাৱে মিছা আৰু ই সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলক বিপথে পৰিচালিত কৰিব পাৰে।

Avatar

Title:পুৰণি দুৰ্ঘটনা এটাৰ ফটো বিতৰ্কিত শিল্পী লাৰ্ছ ভিল্কছৰ মাৰাত্মক দুৰ্ঘটনাৰ ফটো বুলি ভাইৰেল!

Fact Check By: Manjori Borkotoky 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *