এই ফটোখন ২০২৩ চনৰ ২৮ আগষ্টৰ নহয়।

False Social

শেহতীয়াকৈ জুবিন গাৰ্গে যোৱা ২৮ তাৰিখে কটন বিশ্ববিদ্যালয়ত অসম জাতীয় পৰিষদৰ বিষয়ে কৰা এটা মন্তব্যৰ বাবে চ’চিয়েল মেডিয়াত বিভিন্নজনে সমালোচনা কৰা দেখা গৈছে। ইয়াৰ মাজতে এখন ফটো শ্বেয়াৰ হৈছে য’ত জুবিন গাৰ্গক দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা প্ৰমুখ্যে বিজেপিৰ অন্যান্য কৰ্মকৰ্তাসকলৰ সৈতে। দাবী কৰা হৈছে যে এই ফটোখন সেইদিনা ৰাতি ৮:৩০ বজাৰ। ফটোখনত দ্য ক্ৰছকাৰেণ্টৰ ল’গ’ ব্যৱহাৰ কৰা হৈছিল।

Facebook Link | Archived Link

এই সম্পৰ্কে অনুসন্ধান কৰিবলৈ আমাৰ হোৱাটচ‌এপ নম্বৰ ৯০৪৯০৫৩৭৭০ লৈও অনুৰোধ কৰা হৈছিল।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি কিছু তথ্য পালোঁ।

আমি প্ৰথমে ফেচবুকত ৰূপম জ্যোতি দাস নামৰ এটা প্ৰ’ফাইলত ২০২১ চনৰ মাৰ্চ মাহৰ ১৯ তাৰিখে আপলোড হোৱা এখন ফটো পালোঁ, যিখন আছিল ভাইৰেল ফটোখনৰ সৈতে সাইলাখ একেই।

Facebook Link | Archived Link

তদুপৰি আমি লক্ষ্য কৰিলোঁ যে ফটোখনত ভাইৰেল ফটোখনৰ নিচিনাকৈ তাৰিখৰ ৱাটাৰমাৰ্ক নাছিল।

তলত দুয়োখন ফটোৰে তুলনা চাব পাৰিব।

এই সন্দৰ্ভত আমি বৃন্দাবন থিয়েটাৰৰ মুখ্য পৰিচালক জয়ন্ত কাকতিৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেখেতে স্পষ্টভাৱে কয় যে সেইদিনা উল্লিখিত সময়ত জুবিন গাৰ্গ চন্দ্ৰপুৰ হাইস্কুল খেলপথাৰত আয়োজিত বৃন্দাবন থিয়েটাৰৰ নাট্যবৰ্ষ মুকলি অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত আছিল। তেওঁৰ লগতে সেই অনুষ্ঠানত উপস্থিত থাকে পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক অতুল বৰা, বিশিষ্ট চিকিৎসক নভনীল বৰুৱা, জ্যেষ্ঠ অভিনেতা ভৱেশ বৰুৱা, থিয়েটাৰখনৰ তিনিওজন নাট্যকাৰ ক্ৰমে ৰাজদ্বীপ, প্ৰনৱ বৰুৱা,পল্লৱ পৱন তথা পৰিচালক পৱন মহন্ত আদি।

তদুপৰি এই একেখন ফটো ২০২১ চনত অন্য দাবীৰে ভাইৰেল হৈছিল। এই সম্পৰ্কে আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই কৰা ফেক্ট চেক চাব পাৰিব ইয়াত

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। দাবী কৰাৰ নিচিনাকৈ ভাইৰেল ফটোখন ২০২৩ চনৰ ২৮ আগষ্টৰ নহয় বৰং পুৰণি।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোখন ২০২৩ চনৰ ২৮ আগষ্টৰ নহয়।

Written By: Fact Crescendo Team 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *