ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধ‌ই অষ্টম দিনত ভৰি দিলে। ইয়াৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুয়ে তেওঁৰ পুত্ৰক দেশৰ সেনাবাহিনীলৈ পঠিওৱা বুলি এখন ফটো ভাইৰেল হৈছে চ'চিয়েল মেডিয়াত।

ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে - "দেশপ্ৰেমৰ উৎকুষ্ট নিদৰ্শন-ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে তেওঁৰ পুত্ৰক এজন সৈনীক হিচাপে দায়িত্ব পালন কৰিবলৈ দেশৰ সেনাবাহিনীলৈ পঠাইছে।"

Facebook Link | Archived Link

এনেধৰণৰ পোষ্ট ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ভাইৰেল ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি একাধিক বাতৰিৰ ৰিপ'ৰ্ট পালোঁ যিয়ে নিশ্চিত কৰিলে যে ভাইৰেল ফটোখন শেহতীয়া নহয়, আচলতে ২০১৪ চনৰহে।

২০১৪ চনৰ ১ ডিচেম্বৰত প্ৰকাশিত টাইমছ অৱ ইজৰাইলৰ প্ৰতিবেদনতো একেখন ফটো আছিল।

২০১৪ চনৰ ডিচেম্বৰ মাহত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কনিষ্ঠ পুত্ৰ আভনাৰ নেতানিয়াহুৱে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীত (আইডিএফ) বাধ্যতামূলক সামৰিক সেৱা আৰম্ভ কৰে। সেই সময়ত প্ৰধানমন্ত্ৰী নেতানিয়াহু আৰু তেওঁৰ পত্নী চাৰায়ে নিজৰ পুত্ৰক সামৰিক সেৱা আৰম্ভ কৰাৰ সময়ত বিদায় দিবলৈ এমুনিচন হিল সংগ্ৰহ স্থানত উপস্থিত আছিল।

১৯৪৯ চনৰ ইজৰাইলৰ নিৰাপত্তা সেৱা আইন অনুসৰি ইহুদী, ড্ৰুজ বা চাৰ্কাচিয়ান ইজৰাইলী নাগৰিকৰ বাবে ১৮ বছৰ বয়স হ’লে বাধ্যতামূলক সামৰিক সেৱাৰ প্ৰয়োজন হয়।

আন ইজৰাইলী আৰবী, ধাৰ্মিক মহিলা, বিবাহিত ব্যক্তি আৰু শাৰীৰিক বা মানসিকভাৱে অযোগ্য বুলি গণ্য কৰাসকলক বাধ্যতামূলক সামৰিক সেৱাৰ পৰা ৰেহাই দিয়া হৈছে।

তালিকাভুক্ত হোৱাৰ পিছত পুৰুষে ন্যুনতম ৩২ মাহ আৰু মহিলাই ন্যুনতম ২৪ মাহ সেৱা আগবঢ়োৱাৰ আশা কৰা হয়।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

২০১৭ চনত আভনাৰ নেতানিয়াহুৱে বাধ্যতামূলক সামৰিক সেৱা সমাপ্ত কৰে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। এই ফটোখন ২০১৪ চনৰ, যেতিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পুত্ৰ আভনাৰ নেতান্যাহুয়ে আই ডি এফত সামৰিক সেৱা আৰম্ভ কৰিছিল। সাম্প্ৰতিক পৰিঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পুত্ৰৰ এই ফটোখন শেহতীয়া নহয়।

Written By: FactCrescendo Assamese

Result: Misleading