২০২৪ চনৰ ১ জানুৱাৰীৰ বিয়লি মধ্য জাপানত ৭.৫ মাত্ৰাৰ ভূমিকম্পৰ ফলত বহু অট্টালিকা ভাঙে, জুই লাগে তথা পূব ৰাছিয়ালৈকে চুনামী সতৰ্কবাণীৰ সূচনা কৰে। সেয়ে জাপানৰ ক্ষতিগ্ৰস্ত উপকূলীয় অঞ্চলসমূহ খালী কৰিবলৈ বাসিন্দাসকলক নিৰ্দেশ দিয়া হয়। এই ভূমিকম্পৰ ফলত জাপানৰ পশ্চিম উপকূল আৰু চুবুৰীয়া দেশ দক্ষিণ কোৰিয়াত প্ৰায় ১ মিটাৰ পৰ্যন্ত ঢৌৰ সৃষ্টি হয় আৰু কৰ্তৃপক্ষই কয় যে ইয়াৰ পিছত আৰু বৃহৎ ঢৌ আহিব পাৰে।

ইয়াৰ মাজতে ভূমিকম্পৰ সময়ত চিকিৎসালয়ৰ ভিতৰত শিশুক বচাবলৈ দৌৰি থকা আতংকিত নাৰ্ছ কেইগৰাকীমানক দেখুওৱা এটা ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু শেহতীয়াকৈ জাপানত সংঘটিত হোৱা ভূমিকম্পৰ বুলি দাবী কৰা হৈছে। ভিডিঅ’টোৰ কেপচনত লিখা আছে, “চাওক যেতিয়া জাপানৰ এখন চিকিৎসালয়ত ৭.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পই নাৰ্ছসকলক আতংকিত কৰি তোলে। জাপানৰ জনসাধাৰণক সুৰক্ষিত আৰু আপোনাৰ প্ৰাৰ্থনাত ৰাখক”।

এই ভিডিঅ'টো এই একেটা দাবীৰে আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ'ৰৱাৰ্ড কৰা হৈছিল।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ'টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি দেখিলোঁ যে এই ভিডিঅ'টো টি আৰ টি চেনেলত আপলোড কৰা হৈছিল আৰু কেপশ্বনত লিখা আছিল এইদৰে,"Nurse rushes to rescue children as massive earthquake hits”, অৰ্থাৎ"বৃহৎ ভূমিকম্পৰ সময়ত নাৰ্ছে শিশুসকলক উদ্ধাৰ কৰিবলৈ লৰালৰি কৰে"।

ভিডিঅ'টোৰ বৰ্ণনাত লিখা হৈছিল,"“A nurse risks her life to rescue children as an earthquake violently rattles the hospital she works at in Türkiye’s Gaziantep. Nurse Seyma Alakus reportedly lost her relatives in Hatay province during earthquakes that have impacted 10 of Türkiye’s provinces and left tens of thousands dead”, অৰ্থাৎ "এগৰাকী নাৰ্চে শিশুক উদ্ধাৰ কৰিবলৈ নিজৰ জীৱন বিপন্ন কৰে যেতিয়া ভূমিকম্পই তুৰস্কৰ গাজিয়ান্টেপত তেওঁ কাম কৰা চিকিৎসালয়খনক ভয়ানকভাৱে জোকাৰি গৈছিল। নাৰ্ছ ছেইমা আলাকুছে হাটাই প্ৰদেশত তুৰ্কিয়েৰ ১০খন প্ৰদেশত প্ৰভাৱ পেলোৱা ভূমিকম্পৰ সময়ত নিজৰ আত্মীয়ক হেৰুৱাইছে বুলি জানিব পৰা গৈছে”।

অধিক অনুসন্ধানত আমি আন এটা ইউটিউব ভিডিঅ’ৰ সন্মুখীন হ’লোঁ যাৰ শিৰোনাম আছিল “চিচিটিভি ফুটেজত দেখা গৈছে যে এগৰাকী নাৰ্ছে শিশুক বচাবলৈ দৌৰিছে যেতিয়া তুৰস্কত ভূমিকম্প আহে”। ইয়াত লগতে উল্লেখ কৰা হৈছে যে “গাজিয়াণ্টেপ প্ৰদেশৰ ইনায়েট টপকুঅ’গ্লু হস্পিতালৰ নাৰ্ছ ছেইমা আলাকুছে অট্টালিকাটোত ভূমিকম্প অনুভৱ কৰাৰ লগে লগে যিমান পাৰি সিমান শিশুক বচাবলৈ দৌৰিছিল। দক্ষিণ তুৰস্কৰ দুটা শক্তিশালী ভূমিকম্পৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা চহৰসমূহৰ ভিতৰত গাজিয়ান্টেপ অন্যতম। প্ৰায় ৯০ হাজাৰ লোক আহত হোৱাৰ লগতে মৃত্যুৰ সংখ্যা ৩১ হাজাৰৰো অধিক হৈছে”।

বাতৰি অনুসৰি গাজিয়াণ্টেপ হস্পিতালৰ স্পেচিয়েল বেবী কেয়াৰ ইউনিটৰ নাৰ্ছসকলে ৰোগীক ৰক্ষা কৰিবলৈ নিজৰ জীৱন বিপন্ন কৰিছিল।

গতিকে এই ভিডিঅ'টোৰ জাপানৰ শেহতীয়া ভূমিকম্পৰ লগত কোনো সম্পৰ্ক নাই।

উল্লেখযোগ্য যে ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পই দক্ষিণ আৰু মধ্য তুৰস্ক আৰু উত্তৰ আৰু পশ্চিম ছিৰিয়াত আঘাত কৰিছিল। গাজিয়াণ্টেপৰ পৰা পশ্চিম–উত্তৰ-পশ্চিমে ৩৭ কিলোমিটাৰ (২৩ মাইল) দূৰত্বত আছিল ইয়াৰ অভিকেন্দ্ৰ। ভূমিকম্পৰ ফলত ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে লাখ লাখ লোকৰ মৃত্যু হৈছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো জাপানৰ শেহতীয়া ভূমিকম্পৰ নহয় বৰং ২০২৩ চনৰ ফেব্ৰুৱাৰীত তুৰস্কত হোৱা ভূমিকম্পৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো জাপানৰ শেহতীয়া ভূমিকম্পৰ নহয়।

Written By: Debanjana Baishya

Result: Misleading