মক প’ল ভিডিঅ’ প্ৰকৃত ভোটগ্ৰহণৰ ভিডিঅ’ বুলি ভাইৰেল।

Misleading Political

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ৰ অন্ত পৰিল। ১৯ এপ্ৰিলৰ পৰা প্ৰথম পৰ্যায় আৰম্ভ হৈছিল, তাৰ পিছত ২৬ এপ্ৰিলৰ পৰা দ্বিতীয় পৰ্যায়। তৃতীয় পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন ৭ মে’ত অনুষ্ঠিত হ’ব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচন সম্পৰ্কীয় বহুতো ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে। ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত দাবী কৰা হৈছে যে একেজন ভোটাৰে একেৰাহে পাঁচটা ভোট বিজেপিৰ সপক্ষে দিছে।

 ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে এই কেপশ্বনেৰে, “পদুমৰ চিনত এবাৰ দুবাৰকৈ ৫ বাৰ EVMৰ বুটাম টিপি সামাজিক মাধ্যমত প্ৰচাৰ ভিডিঅ’। কৰিমগঞ্জৰ ভোট কেন্দ্ৰৰ এই ঘটনাৰ পাছতে তোলপাৰ। নিৰ্বাচন আয়োগৰ কাষ চাপিল বিৰোধী।”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি গুগলত কীৱৰ্ড ছাৰ্চ কৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ আৰু তেতিয়া ২৯ এপ্ৰিলত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত প্ৰতিবেদন এখন পালোঁ। প্ৰতিবেদন অনুসৰি, “অসমৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ এজন প’লিং এজেণ্টে বিজেপি প্ৰাৰ্থীৰ বাবে ইভিএমত পাঁচবাৰকৈ ভোটদান কৰা বুলি কোৱা ভিডিঅ’ প্ৰচাৰৰ পিছত জিলা নিৰ্বাচনী বিষয়াই ভোটগ্ৰহণ বিষয়াসকলক কাৰণ দেখুৱাৰ জাননী জাৰি কৰে।

প্ৰতিবেদনত আৰু কোৱা হৈছে, এক বিবৃতিত ডি ই অ’ৰ কাৰ্যালয়ে কৈছিল যে আনুষ্ঠানিকভাৱে ভোটদান আৰম্ভ হোৱাৰ পূৰ্বে হোৱা “মক প’ল”ৰ সময়ত ভিডিঅ’টো ৰেকৰ্ড কৰা হৈছিল। ‘পদ্ধতি অনুসৰি মক প’লৰ সময়ত প’লিং এজেণ্টসকলক প্ৰাৰ্থীৰ সপক্ষে কেইটামান ভোট দিবলৈ অনুমতি দিয়া হয়। অন্যান্য ভোটগ্ৰহণ এজেণ্টৰ ভাষ্য গ্ৰহণ কৰা হৈ আছে আৰু এই সন্দৰ্ভত ভোটগ্ৰহণ বিষয়াসকলক কাৰণ দেখুৱাৰ জাননী প্ৰদান কৰা হৈছে।’-বিবৃতিটোত কোৱা হৈছে।

নিৰ্বাচনী প্ৰক্ৰিয়াৰ অখণ্ডতা নিশ্চিত কৰিবলৈ মানক পদ্ধতিৰ অংশ হিচাপে চৰকাৰী ভোটগ্ৰহণৰ পূৰ্বে এটা মক প’ল কৰা হয়, আৰু প্ৰকৃত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ আগতে ইভিএমসমূহ শূন্যলৈ ৰিছেট (Reset) কৰা হয়।

অধিক অনুসন্ধানত আমি কৰিমগঞ্জৰ জিলা নিৰ্বাচনী বিষয়াৰ প্ৰেছ বিজ্ঞপ্তি পালোঁ জিলা উপায়ুক্ত কৰিমগঞ্জৰ অফিচিয়েল টুইটাৰ হেণ্ডেলে ২০২৪ চনৰ ২৮ এপ্ৰিলত পোষ্ট কৰিছিল এই প্ৰেছ বিজ্ঞপ্তি। ডি ই অ’ই নিশ্চিত কৰিছিল যে ভিডিঅ’টোৰ মক প’লৰ সময়ত কৰা হৈছিল আৰু পিছলৈ প্ৰকৃত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে ক্ল’জ ৰিজাল্ট ক্লিয়াৰ (Close Result Clear) (চি আৰ চি) কৰা হৈছিল। প্ৰেছ বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে ভাইৰেল ভিডিঅ’টোত দেখা পোৱা ব্যক্তিজন হৈছে চেঞ্জুৰৰ আব্দুল চাহিদ যি কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা নিৰ্দলীয় প্ৰাৰ্থী আব্দুল হামিদৰ প’লিং এজেণ্ট।

Twitter Link | Archived Link 

এইবাৰ আমি ২৮ এপ্ৰিল, ২০২৪ তাৰিখে জিলা নিৰ্বাচনী বিষয়াই জাৰি কৰা আন এখন প্ৰেছ বিজ্ঞপ্তি পালোঁ য’ত পুনৰ উল্লেখ কৰা হৈছিল যে ভিডিঅ’টো কেৱল মক প’লৰ সময়তহে লোৱা হৈছিল আৰু প্ৰকৃত ভোটগ্ৰহণৰ সৈতে জড়িত নহয়। তাত কোনো ধৰণৰ নিয়ম উলংঘা হোৱা নাছিল।

Twitter Link | Archived Link 

ভাৰতৰ নিৰ্বাচন আয়োগেও ভাইৰেল ভিডিঅ’টো সম্পৰ্কে ২৯ এপ্ৰিল, ২০২৪ তাৰিখে টুইট কৰি কয় যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন সম্পৰ্কে ভুৱা দাবীৰে এক্সত এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে। এই পোষ্টত উত্থাপিত অভিযোগসমূহ মিছা & বিভ্ৰান্তিকৰ। উল্লেখ কৰা ভিডিঅ’টো অসমৰ ম’ক প’লৰ সৈতে জড়িত, প্ৰকৃত ভোটগ্ৰহণৰ সৈতে জড়িত নহয়। ইতিমধ্যে ডি ই অ’ কৰিমগঞ্জে এই অভিযোগক “মিছা আৰু বিভ্ৰান্তিকৰ” বুলি অভিহিত কৰি স্পষ্ট কৰি দিছে।

Archived Link 

গতিকে এই সকলো তথ্যৰ পৰা জানিব পৰা গ’ল যে ভাইৰেল ভিডিঅ’টো এক মক প’লৰহে। ইয়াৰ প্ৰকৃত ভোটগ্ৰহণৰ সৈতে সম্পৰ্ক নাই।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ভিডিঅ’টো অসমৰ কৰিমগঞ্জত প্ৰকৃত ভোটগ্ৰহণৰ পূৰ্বে হোৱা এক ম’ক প’লৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মক প’ল ভিডিঅ’ প্ৰকৃত ভোটগ্ৰহণৰ ভিডিঅ’ বুলি ভাইৰেল।

Fact Check By: Debanjana Baishya 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *