

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ১৩ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ।
বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে কেইবাশ ৰোগী চিনাক্ত হৈছে আৰু কেইবাজনৰো মৃত্যু হৈছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
চয়নিকা নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা মাৰ্চ ২৩, ২০২০ তাৰিখে এখন ফটো আপলোড কৰা হৈছিল য’ত দাবী কৰা হৈছে যে অসম চৰকাৰে ডাক্তৰ আৰু চিকিৎসা কৰ্মী সকলক যাবতীয় পোছাক আৰু মাস্ক যোগাৰ দিব পৰা নাই । ফটোখনত এজন মানুহক পলিথিনেৰে সমগ্ৰ গা-মূৰ মেৰিয়াই লোৱা দেখা গৈছে । ফটোখনৰ ওপৰত “অসমৰ চিকিৎসা কৰ্মী সকলে যাবতীয় পোছাক আৰু মাস্কৰ অভাৱত বায়’মেডিকেল ৱেষ্ট পেলাবলৈ ব্যৱহাৰ কৰা প্লাষ্টিক বেগ পিন্ধিব লগা হৈছে” বুলি লিখা আছে । উক্ত পোষ্টটো ৭৮ বাৰ শ্বেয়াৰ হৈছে আৰু ভাইৰেল হৈ পৰিছে ।
এনে ধৰণৰ পোষ্ট বিভিন্নজনে আৰু শ্বেয়াৰ কৰিছে ।


সঁচাকৈ এই ফটোখনত দেখা পোৱা অসমৰ চিকিৎসা কৰ্মীজনে যাবতীয় পোছাক আৰু মাস্কৰ অভাৱত বায়’মেডিকেল ৱেষ্ট পেলাবলৈ ব্যৱহাৰ কৰা প্লাষ্টিক বেগ পিন্ধিব লগা হৈছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি ভাইৰেল ফেচবুক পোষ্টবোৰৰ কমেণ্টছ বোৰ পঢ়িলোঁ আৰু গম পালোঁ যে ভাইৰেল ফটোখনৰ উৎস হ’ল এক টুইটাৰ পোষ্ট । উক্ত টুইটাৰ পোষ্টটোত লিখা আছে যে উক্ত ফটোখন অসমৰ ডিব্ৰুগড় স্থিত অসম মেডিকেল কলেজৰ হয় ।

ইয়াৰ পাছত আমি অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্টত এই বিষয়ে এক টুইট দেখা পালোঁ । তেওঁ স্পষ্ট কৰিছে যে যাবতীয় পোছাক আৰু মাস্ক যোগান ধৰা হৈছে আৰু কোনোবাই উদ্দেশ্যপ্ৰণোদিতভাৱে মিছা তথ্য এনেদৰে বিয়পাইছে । তেওঁ লগতে পুলিচক এই বিষয়ে এক তদন্ত কৰিবলৈ নিৰ্দেশ দিছে ।

আমি অসম মেডিকেল কলেজৰ অধীক্ষক ডাক্তৰ ইন্দ্ৰ নাথ চুতীয়াৰ সৈতে এই বিষয়ে যোগাযোগ কৰিলোঁ । তেওঁ আমাক জনালে যে আচলতে এই ভাইৰেল ফটোখন এজন ডাক্তৰে ডিউটি শেষ হোৱাৰ পাছত ধেমালিতে তোলা ফটো হয় । তেওঁলোকৰ ওচৰত যাৱতীয় পোছাক আৰু মাস্ক যথেষ্ট আছে আৰু বেছিকৈ লাগিব পাৰে বুলি অৰ্ডাৰ দিয়াও আছে বুলি তেওঁ আমাক লগতে জনালে ।
ফলাফল
এই ভাইৰেল ফটোখনত দেখা পোৱা অসমৰ চিকিৎসা কৰ্মীজনে যাবতীয় পোছাক আৰু মাস্কৰ অভাৱত বায়’মেডিকেল ৱেষ্ট পেলাবলৈ ব্যৱহাৰ কৰা প্লাষ্টিক বেগ পিন্ধিব লগা হোৱা নাই । এইখন আচলতে ধেমালিতে তোলা ফটো হয় আৰু অসম মেডিকেল কলেজত যাৱতীয় পোছাক আৰু মাস্ক যথেষ্ট আছে ।

Title:এই ভাইৰেল ফটোখনত অসমৰ চিকিৎসা কৰ্মীজনে যাবতীয় পোছাক আৰু মাস্কৰ অভাৱত প্লাষ্টিকৰ বেগ পিন্ধিছে নেকি?
Fact Check By: Manjori BorkotokyResult: False