

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে যিহেতু ৫০জনতকৈ অধিক ৰোগী এতিয়ালৈকে চিনাক্ত হৈছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
এনে এক ফেচবুক পোষ্ট অসমত ধীৰে ধীৰে ভাইৰেল হব ধৰিছে য’ত যোগ গুৰু ৰামদেৱক ডাক্তৰ-নাৰ্ছে এখন হস্পিটেলৰ বিচনাত ঘেৰি থকা দেখা গৈছে । যোগ গুৰুজনক যথেষ্ট দুৰ্বল দেখা গৈছে । দাবী কৰা হৈছে যে ক’ৰনা ভাইৰাছৰ পৰা বাচিবলৈ ৰামদেৱে বেছিকৈ গোবৰ আৰু গো-মূত্ৰ খোৱাৰ ফলত এইমছ্ হস্পিটালত ভৰ্তি হবলগীয়া হৈছে ।
আকাশ আলি নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা যোৱা ৬ মাৰ্চ তাৰিখে উক্ত ফটোখন আপলোড হৈছে । পোষ্টটোত তেওঁ লগতে, “কোৰোনা ভাইৰাছৰ পৰা হাত সাৰিবলৈ ৰামদেৱে খালে# গবৰ আৰু গো-মূত্ৰ#দুখৰ বিষয় বেছিকৈ খোৱাৰ ফলত বৰ্তমান এইমছ্ হস্পিটালত ভৰ্তি হৈ আছে😂😂 আৰু বা পিছলৈ কি শুনা পাও🤔😲😲” বুলি লিখিছে । উক্ত পোষ্টটো ৮ বাৰতকৈ অধিক শ্বেয়াৰ হৈছে আৰু ১২টা কমেণ্টছ আছে ।
সঁচাকৈ ক’ৰনা ভাইৰাছৰ পৰা বাচিবলৈ ৰামদেৱে বেছিকৈ গোবৰ আৰু গো-মূত্ৰ খোৱাৰ ফলত এইমছ্ হস্পিটালত ভৰ্তি হবলগীয়া হৈছে নেকি? সঁচাকৈ এইখন তাৰেই ফটো নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি ভাইৰেল ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে ফটোখন ২০১১ চনৰে হয় যেতিয়া ৰামদেৱে ক’লা টকাৰ বিৰুদ্ধে অনশন কৰিছিল আৰু পাছত স্বাস্থ্যৰ গুৰুতৰ অৱনীতি হোৱাৰ বাবে অনশন ভাঙিব লগীয়া হৈছিল আৰু দেহৰাডুনৰ এখন হস্পিটেলত ভৰ্তি হবলগীয়া হৈছিল । উক্ত ফটোখনৰ ক’ৰনা ভাইৰাছ আৰু গোবৰ-গোমূত্ৰৰ লগত কোনো সম্পৰ্ক নাই । এই বিষয়ে ইণ্ডিয়া টুডেই ২০১১ চনতে প্ৰকাশ কৰা এক ৰিপৰ্টত উক্ত ভাইৰেল ফটোখন দেখা পালোঁ । ‘ক’লা টকাৰ বিৰুদ্ধে বাবা ৰামদেৱে অন্ত পেলাইছে অনশন’ বুলি শিৰোনামা দিয়া ৰিপৰ্টটোত ভাইৰেল ফটোখনৰ সৈতে আন কেইবাখনো ফটো আছে । উক্ত ফটোখন দেহৰাডুন হস্পিটেলত জুন ১২, ২০১১ তাৰিখে তোলা হৈছিল ।

আমি এই সম্পৰ্কে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি চাৰ্ছ কৰিলোঁ আৰু এই সম্পৰ্কে ‘দা হিন্দু’ নামৰ বাতৰি কাকতখনৰ ৱেবচাইটত প্ৰকাশিত এক বাতৰি দেখা পালোঁ । ৯ দিন অনশন কৰাৰ পাছত ৰামদেৱৰ স্বাস্থ্যৰ গুৰুতৰ অৱনীতি ঘটাত ডেহৰাডুনৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে বুলি উক্ত ৰিপৰ্টটোত লিখা আছে । এই সম্পৰ্কে পঢ়ক ইয়াত ।

এই সম্পৰ্কে আনি অনলাইন আৰু বিচাৰ খোচাৰ কৰাত যোগ গুৰু জনৰ মুখপাত্ৰ তিজাৰাৱালায়ে টুইটাৰত এই বিষয়ে এক স্পষ্টীকৰণ দিয়া দৃষ্টিগোচৰ হ’ল । মাৰ্চ ৫, ২০২০ তাৰিখে প্ৰকাশ পোৱা টুইটটোত তেওঁ ৰামদেৱে গো-মূত্ৰ বেছিকৈ খোৱাৰ বাবে অসুখ হৈ হস্পিটেলত ভৰ্তি হৈছে বুলি ভাইৰেল হোৱা বাতৰিটো নাকচ কৰে । এই সম্পৰ্কে আৰু প্ৰমাণ দিবলৈ তেওঁ যোগ গুৰু জনে শেহতীয়াকৈ বিভিন্ন নিউজ চেনেলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰোঁতে তোলা ফটো আপলোড কৰে । ইয়াৰ বাদেও তেওঁ জনাই যে ৰামদেৱ শেহতীয়াকৈ বাংগালুৰুলৈ গৈছে আৰু তেওঁৰ বিমানৰ বৰ্ডিং পাছখন শ্বেয়াৰ কৰে ।

ফলাফল
উক্ত ভাইৰেল ফটোখনৰ ক’ৰনা ভাইৰাছ আৰু গো-মূত্ৰৰ লগত কোনো সম্পৰ্ক নাই । এইখন আচলতে এখন পুৰণি ফটো আৰু তোলা হৈছিল যেতিয়া ৰামদেৱে ক’লা টকাৰ বিৰুদ্ধে অনশন কৰিছিল আৰু পাছত স্বাস্থ্যৰ গুৰুতৰ অৱনীতি হোৱাৰ বাবে অনশন ভাঙিব লগীয়া হৈছিল আৰু দেহৰাডুনৰ এখন হস্পিটেলত ভৰ্তি হবলগীয়া হৈছিল ।

Title:এইখন ক’ৰনা ভাইৰাছৰ পৰা বাচিবলৈ ৰামদেৱে বেছিকৈ গোবৰ আৰু গো-মূত্ৰ খোৱাৰ ফলত এইমছ্ হস্পিটালত ভৰ্তি হওঁতে তোলা ফটো নেকি?
Fact Check By: Manjori BorkotokyResult: False