
যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন ঠাইত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে, দিল্লীৰ শ্বাহীন বাগ নামৰ ঠাইখনত হৈ থকা প্ৰতিবাদৰ এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
উক্ত ফটোখনত মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ এটা দলক এখন বন্ধ হৈ থকা দোকানৰ সন্মুখত থিয় হৈ থকা দেখা গৈছে । তেওঁলোকৰ পাছফালে বন্ধ দোকানখনৰ আগত এখন বেনাৰ দেখা গৈছে য’ত লিখা আছে, “ফিক্সড ৰেট ৫০০ টকা/এদিন.. গধূলি ৭ বজাৰ পৰা ৰাতি ১২ বজালৈকে.. শ্বাহীন বাগ” ।
ফটোখনৰ পৰা বুজোৱা গৈছে যে দিল্লীৰ শ্বাহীন বাগত হৈ থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ অংশগ্ৰহণকাৰী সকলে ৫০০ টকা/এদিন হিচাবত ঘোচ লৈছে । উক্ত ফটোখন অসমতো হোৱাটচ এপ্পৰ জৰিয়তে বহুল ভাৱে শ্বেয়াৰ হৈছে । আমাক এই বিষয়ে অৱগত কৰি বিভিন্নজনে ইয়াৰ ফেক্ট চেক কৰিবলৈ অনুৰোধ জনালে ।
উল্লেখযোগ্য যে নতুন দিল্লীৰ শ্বাহীন বাগ নামৰ অঞ্চলত হৈ থকা ‘কা’, এনআৰচি আৰু এনপিআৰ বিৰোধী ধৰ্ণা প্রতিবাদে সমগ্ৰ দেশৰ লগতে বিশ্বতে চৰ্চিত বিষয় হৈ পৰিছে । যোৱা ডিচেম্বৰ ১৫, ২০১৯ তাৰিখে আৰম্ভ হোৱা এই প্ৰতিবাদ আজিও অবিৰত ভাৱে চলি আছে । জামিয়া মিলিয়া ইউনিভাৰ্চিটিত পুলিচ সোমোৱাৰ পাছৰেই পৰা এই প্ৰতিবাদ আৰম্ভ হৈছে আৰু এই আন্দোলন মূলত মুছলিম মহিলাসকলে গুৰি ধৰিছে ।
গতিকে ভাইৰেল হোৱা ফটোখন সঁচা নে কম্পিউটাৰ ছফ্টৱেৰ ব্যৱহাৰ কৰি মৰ্ফ কৰা? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে উক্ত ফটোখন যোৱা জানুৱাৰী ৭, ২০২০ তাৰিখে হাফিংটন পোষ্ট ইণ্ডিয়া নামৰ এটা নিউজ ৱেবছাইটৰ বাতৰিৰ সৈতে প্ৰকাশ হৈছিল ।

আমি আৰু অনুসন্ধান কৰি পালোঁ যে উক্ত ফটোখন আচলতে এএফপি’ৰ মণি শর্মায়ে তুলিছিল জেত্তি ইমেজেছৰ কাৰণে ।

এই ফটোখন ভালকৈ লক্ষ্য কৰি আমি দেখিলোঁ যে প্ৰকৃত ফটোখনৰ বেনাৰখনত “চিএএ আৰু এনআৰচি উঠাই লব লাগে” বুলি লিখা আছে আৰু “ফিক্সড ৰেট ৫০০ টকা/এদিন.. গধূলি ৭ বজাৰ পৰা ৰাতি ১২ বজালৈকে.. শ্বাহীন বাগ” বুলি লিখা নাই । প্ৰকৃত ফটোখন ফটোশ্বপ কৰা হৈছে, সেইয়া স্পষ্ট হৈ পৰিছে ।
ইয়াৰ পাছত আমি এই বিষয়ে গুগলত আৰু চাৰ্ছ কৰিলোঁ আৰু এনডিটিভি নামৰ ৰাষ্ট্ৰীয় নিউজ চেনেলটোৰ ৱেবছাইটত এই বিষয়ে এটা বাতৰি প্ৰকাশ হোৱা দেখা পালোঁ ।

যোৱা জানুৱাৰী ১৯, ২০২০ তাৰিখে প্ৰকাশ হোৱা এই বাটৰিটোত ৰিপৰ্ট কৰা হৈছে যে শ্বাহীন বাগৰ আন্দোলনকাৰী সকলে তেওঁলোকৰ কিছুৱে তাত পইচা লৈ আন্দোলন কৰিছে বুলি মিছা ফটো/ফেচবুক পোষ্ট, আদি ভাইৰেল হোৱাৰ পাছত আন্দোলন স্থলীত বিভিন্ন পোষ্টাৰ লগাইছে যে কোনো পইছা তাত লোৱা নহয় । “নৌ কেচ, নৌ পেয়টিয়েম” পোষ্টাৰে ভৰি পৰিছে শ্বাহীন বাগ বুলি উক্ত বাতৰিটোত প্ৰকাশ পাইছে ।
ইয়াৰ উপৰিয়ো আমি মূলসুঁতিৰ বিভিন্ন নিউজ গোষ্ঠীৰ ৱেবছাইটত এই বিষয়ে চাৰ্ছ কৰিছিলোঁ কিন্তু ক’তো এনে ধৰণৰ বাতৰি দেখা নাপালোঁ ।
ফলাফল
শ্বাহীন বাগৰ আন্দোলনকাৰীয়ে দিনে ৫০০ টকা লৈ ধৰ্ণাত অংশ লৈছে বুলি যিখন ফটো শ্বেয়াৰ কৰা হৈছে সেইয়া ভুৱা হয় আৰু ফটোশ্বপ কৰা হয় । আচল ফটোখনত বেনাৰখনত “চিএএ আৰু এনআৰচি উঠাই লব লাগে” বুলি লিখা আছে আৰু এডিট কৰা ফটোখনৰ দৰে “ফিক্সড ৰেট ৫০০ টকা/এদিন.. গধূলি ৭ বজাৰ পৰা ৰাতি ১২ বজালৈকে.. শ্বাহীন বাগ” বুলি লিখা নাই ।

Title:শ্বাহীন বাগৰ ফটোশ্বপ কৰা ছবি ব্যৱহাৰ কৰি মিছাকৈ প্ৰতিবাদকাৰীয়ে টকা লৈ ধৰ্ণাত অংশ লৈছে বুলি প্ৰচাৰ কৰা হৈছে!
Fact Check By: Manjori BorkotokyResult: False