
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৪৫ হাজাৰ মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৫৪ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে এক লাখ ৩৯ হাজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৪০২১ জনৰ মৃত্যু হৈছে । অসমতো প্ৰায় ৪০০ ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে পাঁচজনৰ মৃত্যু হৈছে ।
যিসময়ত ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে আৰু ভাৰতত লক ডাউন ৩১ মে’, ২০২০ তাৰিখ পৰ্য্যন্ত বঢ়াই দিয়া হৈছে, সেই সময়তে লক ডাউন আৰু লক ডাউনৰ সময়ত বিভিন্ন সাহায্য সম্পৰ্কীয় বিভিন্ন ফটো/ভিডিঅ’/বাৰ্তা হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হব ধৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে ।
শেহতীয়াকৈ ভাইৰেল হোৱা এক বাৰ্তাত দাবী কৰা হৈছে যে প্ৰত্যেকজন নাগৰিকক ৫০০০ টকা সাহায্য হিচাবে দিবলৈ সিদ্ধান্ত লোৱা হৈছে । এই সম্পৰ্কে এক ৱেবলিংকও বাৰ্তাটোত শ্বেয়াৰ কৰা হৈছে । বাৰ্তাটোত লগতে দাবী কৰা হৈছে যে এই সুযোগ মাত্ৰ এবাৰহে দিয়া হৈছে ।
সঁচাকৈ প্ৰত্যেকজন নাগৰিকক ৫০০০ টকা সাহায্য হিচাবে দিবলৈ সিদ্ধান্ত লোৱা হৈছে নেকি ? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি বাৰ্তাটোত থকা লিংকটোত ক্লিক কৰিলোঁ আৰু দেখিলোঁ যে ৱেবচাইটটোত সকলো সময়তে ১৯৩৬টা লক ডাউন পেকেজ বাকী থকা দেখাই আছে । এই সংখ্যাটো সলনি নাই হোৱা । গতিকে ৱেবচাইটটোত যে কিবা এক বিসংগতি আছে বা ভুৱা হব পাৰে সেইয়া আমি নিশ্চিত হলোঁ ।

ইযাৰ পাছত আমি ছাৰ্ভেইটোৰ শেষ অংশলৈ গলো আৰু দেখিলোঁ যে ইয়াত ফেচবুকৰ দৰে এক কমেণ্টছ চেক্সন আছে আৰু বহুতো কমেণ্টছ আছে য’ত লিখা আছে যে তেওঁলোকে বাৰ্তাটোত দাবী কৰাৰ দৰে সাহায্যবোৰ পাইছে । কিন্তু আমি দেখিলোঁ যে আমি যিমানবাৰ ৱেবচাইটটোলৈ গৈছোঁ, সিমানবাৰেই সমগ্ৰ কমেণ্টছ চেক্সনটো একেই আছে, আনকি সময়ৰ সলনিও হোৱা নাই, লাইক আৰু শ্বেয়াৰ সংখ্যাবোৰ একেই আছে, গতিকে এইয়া ভুৱা হয় বুলি আমি নিশ্চিত হলোঁ ।

ইয়াৰ পাছত আমি কীৱৰ্ডছ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত বাৰ্তাটো কেনিয়াটো ভাইৰেল হৈছে আৰু ভাৰতত ভাইৰেল হোৱা বাৰ্তাটোত ৫০০০ টকা বুলি ভাইৰেল হৈছে আৰু কেনিয়াত ভাইৰেল হোৱা বাৰ্তাটোত ১০,০০০ কেনিয়ান মুদ্ৰা বুলি ভাইৰেল হৈছে ।

আনি এই বিষয়ে ভাৰত চৰকাৰৰ বিভিন্ন অফিচিয়েল টুইটাৰ আৰু ফেচবুক প্ৰফাইল আৰু হেণ্ডেলবোৰ চালোঁ আৰু আমি ক’তো এনেধৰণৰ কোনো আপডেট দেখা নাপালোঁ । গতিকে আমি নিশ্চিত হলোঁ যে উক্ত ভাইৰেল বার্তাটো ভুৱা হয় ।
ফলাফল
ভাইৰেল হোৱাটচ এপ্প বাৰ্তাটো ভুৱা হয় আৰু এনে কোনো সাহায্যৰ অস্তিত্ব বৰ্তমান নাই । এনে ধৰণৰ বাৰ্তা প্রচাৰ কৰি জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে ।

Title:প্ৰত্যেক নাগৰিকক ৫০০০ টকা সাহায্য দিয়া হব বুলি ভুৱা হোৱাটচ এপ্প মেছেজ ভাইৰেল হৈছে!
Fact Check By: Manjori BorkotokyResult: False