শেহতীয়াকৈ অসমৰ বিভিন্ন লোকলৈ বিভিন্ন নম্বৰৰ পৰা একোটা বিশেষ ফোন আহিছে, য’ত কোৱা হয় যে সেই নিৰ্দিষ্ট ব্যৱহাৰকাৰীগৰাকীৰ মোবাইল নম্বৰটো অচিৰেই বন্ধ কৰি দিয়া হ’ব। Telecom Regulatory Authority of India চমূকৈ TRAIৰ তৰফৰ পৰা কৰা বুলি দাবী কৰি সেই প্ৰী-ৰেকৰ্ডেড ফোনকলবোৰ আহে। বহুলোকে এনেকুৱা ফোনকল লাভ কৰিছে আৰু আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰকৃততে কি এই ফোনকল আৰু ইয়াৰ পৰা কিদৰে সাৱধানে থাকিব পাৰি, সেই সম্পৰ্কে এক বিশ্লেষণাত্মক লেখা ইয়াত প্ৰস্তুত কৰা হৈছে।

কি হৈছে অসমত?

প্ৰথমতে এটা ফোনকল আহে। মোবাইল ব্যৱহাৰকাৰীয়ে ফোনটো ৰিচিভ কৰাৰ লগে লগে প্ৰী-ৰেকৰ্ডেড কণ্ঠই কিছুমান নিৰ্দেশ প্ৰদান কৰে। বিভিন্ন নম্বৰ দবাবলৈ সেই নিৰ্দেশ প্ৰদান কৰা হয়। মূলতঃ প্ৰৱঞ্চনাৰ এখন জাল পেলাবলৈ সেই ফোনকলবোৰ আহে। এইক্ষেত্ৰত সচেতনতা নথবা বিভিন্ন মোবাইল ব্যৱহাৰকাৰীয়ে সেই ৰেকৰ্ডেড কণ্ঠৰ নিৰ্দেশ পালন কৰি এসময়ত প্ৰৱঞ্চনাৰ চিকাৰ হয় আৰু বিপদত পৰে। এইধৰণ ফোনকল শেহতীয়া সময়ত উদ্বেগজনকভাৱে বৃদ্ধি হোৱা দেখা গৈছে। Telecom Regulatory Authority of India চমূকৈ TRAIৰ তৰফৰ পৰা সেই ফোন কৰা বুলি দাবী কৰা বাবে বিভিন্ন লোক এইদৰে প্ৰৱঞ্চকৰ জালত ভৰি দিয়ে।

TRAI কি?

TRAI বা Telecom Regulatory Authority of India(ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষ) হৈছে এনেকুৱা এক সংস্থা যিহে ভাৰতবৰ্ষত প্ৰচলিত বিভিন্ন টেলিকম সেৱাৰ নীতি নিৰ্ধাৰণ কৰাৰ পৰা আৰম্ভ কৰি টেলিকম সেৱাৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ লগতে নিয়ন্ত্ৰণ কৰে। এই সংস্থাৰ নীতি উলংঘা কৰি কোনো মোবাইল সেৱা প্ৰদানকাৰী কোম্পানীয়ে কাম কৰিব নোৱাৰে। এই সংস্থাই ধাৰ্য কৰি দিয়া নিয়ম আৰু ব্যৱস্থাৰ মাজেৰেহে আমাৰ দেশত বিভিন্ন কোম্পানীয়ে মোবাইল সেৱাৰ ব্যৱসায় কৰিব পাৰে। দেশৰ টেলিকমিউনিকেচন উদ্যোগৰ বৃদ্ধিৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰাৰ লগতে বিশ্বৰ তথ্য সমাজৰ অংশ হোৱাৰ উদ্দেশ্যে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি (TRAI) গঠন কৰা হৈছিল। ই এক বিধিগত সংস্থা আৰু দেশৰ দূৰসংযোগ খণ্ডক ই নিয়ন্ত্ৰণ কৰে। ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষ (TRAI) ১৯৯৭ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সংসদৰ আইনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হয়, যাক ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষ আইন, ১৯৯৭ বুলি কোৱা হয়।

কিদৰে কাম কৰে TRAIএ আৰু ইয়াৰ ক্ষমতা কি?

এই সংস্থাৰ বিভিন্ন কৰ্ম আৰু ক্ষমতা আছে। সেইবোৰ হৈছে ক্ৰমেঃ

(ক)নতুন এক টেলিকম সেৱা প্ৰদানকাৰীক অনুজ্ঞাপত্ৰৰ চৰ্ত আৰু নিয়মসমূহ প্ৰৱৰ্তনৰ প্ৰয়োজনীয়তা আৰু সময়ৰ পৰামৰ্শ দিয়া।

(খ)বিভিন্ন টেলিকম সেৱা প্ৰদানকাৰীৰ মাজত কাৰ্যকৰী হোৱা সামঞ্জস্য আৰু আন্তঃসংযোগ নিশ্চিত কৰা আৰু তেওঁলোকৰ ৰাজহ-ভাগ-বতৰাৰ ব্যৱস্থা নিয়ন্ত্ৰণ কৰা।

(গ)অনুজ্ঞাপত্ৰৰ চৰ্তসমূহ মানি চলা আৰু অমান্যতাৰ ক্ষেত্ৰত পুনৰ মূল্যায়ন নিশ্চিত কৰা।

(ঘ)দীৰ্ঘ দূৰত্ব আৰু হ্ৰস্ব দূৰত্বৰ চাৰ্কিট প্ৰদানৰ বাবে এটা সময়সীমা নিৰ্ধাৰণ আৰু নিশ্চিত কৰা।

(ঙ)টেলিকম সেৱাৰ বৃদ্ধিৰ বাবে প্ৰতিযোগিতাৰ সুবিধা প্ৰদান কৰা আৰু কাৰ্য্যকলাপত দক্ষতা বৃদ্ধি কৰা।

(চ)গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰা, সেৱাৰ মান নিৰীক্ষণ কৰা , নেটৱৰ্কত ব্যৱহৃত সঁজুলিসমূহ পৰিদৰ্শন কৰা আৰু এনে সঁজুলিৰ বিষয়ে পৰামৰ্শ দিয়া।

(ছ)আন্তঃসংযোগ চুক্তিৰ পঞ্জী ৰখা আৰু ইয়াক পৰিদৰ্শনৰ বাবে মুকলি কৰি ৰখা আৰু এই ক্ষেত্ৰত সেৱা প্ৰদানকাৰীসকলৰ মাজত বিবাদ নিষ্পত্তি কৰা।

(জ)টেলিকম উদ্যোগৰ লগত জড়িত যিকোনো বিষয়ত চৰকাৰক পৰামৰ্শ দিয়া। সেৱাৰ বাবে মাচুল আৰু চাৰ্জ আৰোপ কৰা আৰু সাৰ্বজনীন সেৱাৰ বাধ্যবাধকতাসমূহ মানি চলাটো নিশ্চিত কৰা আৰু

(ঝ)কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত ন্যস্ত কৰা আন যিকোনো প্ৰশাসন আৰু বিত্তীয় কাম-কাজ সম্পাদন কৰা।

TRAIএ মোবাইল সংযোগ কাটি দিয়ে নেকি?

TRAIএ মেছেজৰ জৰিয়তে বা অন্য কোনো উপায়েৰে মোবাইল নম্বৰ বিচ্ছিন্ন কৰাৰ সন্দৰ্ভত গ্ৰাহকৰ সৈতে যোগাযোগ নকৰে। ট্ৰাইয়ে কোনো তৃতীয় পক্ষৰ সংস্থাকো এনে উদ্দেশ্যৰ বাবে গ্ৰাহকৰ সৈতে যোগাযোগ কৰিবলৈ অনুমোদন দিয়া নাই। গতিকে ট্ৰাইৰ বুলি দাবী কৰি মোবাইল নম্বৰ বিচ্ছিন্ন কৰাৰ ভাবুকি দিয়া যিকোনো ধৰণৰ যোগাযোগ (কল, মেছেজ বা জাননী) সম্ভাৱ্য প্ৰৱঞ্চনামূলক প্ৰচেষ্টা বুলি গণ্য কৰা উচিত আৰু ইয়াক গুৰুত্ব দিয়া উচিত নহয়।

বিলিং, কে ৱাই চি বা অপব্যৱহাৰৰ বাবে যিকোনো মোবাইল নম্বৰৰ সংযোগ বিচ্ছিন্ন কৰাটো নিজ নিজ টেলিকম সেৱা প্ৰদানকাৰীয়ে (টি এছ পি) কৰে। এই ক্ষেত্ৰত নাগৰিকসকলক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু সন্দেহযুক্ত প্ৰৱঞ্চকৰ পৰা সাবধানে থকা উচিত। তেওঁলোকক নিজ নিজ টি এছ পিৰ অনুমোদিত কল চেণ্টাৰ বা গ্ৰাহক সেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি এনে কলসমূহ ক্ৰছ ভেৰিফাই কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

অৰ্থাত মোবাইল সংযোগ কাটি দিয়া কমটো নিৰ্দিষ্ট চাৰ্ভিছ প্ৰোভাইডাৰ বা সেৱা প্ৰদানকাৰীয়েহে কৰিব পাৰে।

TRAIএ এই ক্ষেত্ৰত কি বিবৃতি প্ৰকাশ কৰিছে?

TRAIএ শেহতীয়াকৈ এইধৰণৰ প্ৰৱঞ্চনামূলক ফোনকলৰ পয়োভৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিটত এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে। তাত কেইবাটাও বিষয় উল্লেখ কৰা হৈছে। বিবৃতিত কোৱা হৈছে ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ জাননীলৈ অনা হৈছে যে ট্ৰাইৰ বুলি দাবী কৰা নাগৰিকসকললৈ বহুত প্ৰি-ৰেকৰ্ডিং ফোন কৰা হৈছে। অতি সোনকালে নাগৰিকক তেওঁলোকৰ নম্বৰ ব্লক কৰা হ’ব বুলি ভাবুকি দিয়া হৈছে, আৰু তেওঁলোকক কিছুমান ব্যক্তিগত তথ্য দিবলৈ কোৱা হৈছেঃ

ইয়াৰ দ্বাৰা জনোৱা হ’ল যে ট্ৰাইয়ে মেছেজৰ জৰিয়তে বা অন্য কোনো উপায়েৰে মোবাইল নম্বৰ বিচ্ছিন্ন কৰাৰ সন্দৰ্ভত গ্ৰাহকৰ সৈতে যোগাযোগ নকৰে। ট্ৰাইয়ে কোনো তৃতীয় পক্ষৰ সংস্থাকো এনে উদ্দেশ্যৰ বাবে গ্ৰাহকৰ সৈতে যোগাযোগ কৰিবলৈ অনুমোদন দিয়া নাই। গতিকে ট্ৰাই বুলি দাবী কৰি মোবাইল নম্বৰ বিচ্ছিন্ন কৰাৰ ভাবুকি দিয়া যিকোনো ধৰণৰ যোগাযোগ (কল, মেছেজ বা জাননী) সম্ভাৱ্য প্ৰৱঞ্চনামূলক প্ৰচেষ্টা বুলি গণ্য কৰা উচিত আৰু ইয়াক গুৰুত্ব দিয়া উচিত নহয়।

বিলিং, কে ৱাই চি বা অপব্যৱহাৰৰ বাবে যিকোনো মোবাইল নম্বৰৰ সংযোগ বিচ্ছিন্ন কৰাটো নিজ নিজ টেলিকম সেৱা প্ৰদানকাৰীয়ে (টি এছ পি) কৰে। নাগৰিকসকলক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু সন্দেহযুক্ত প্ৰৱঞ্চকৰ চিকাৰ নহ’বলৈ সচেতন হৈ থকা উচিত। তেওঁলোকক নিজ নিজ টি এছ পিৰ অনুমোদিত কল চেণ্টাৰ বা গ্ৰাহক সেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি এনে কলসমূহ ক্ৰছ ভেৰিফাই কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

চাইবাৰ অপৰাধ আৰু আৰ্থিক জালিয়াতিৰ বাবে টেলিকম সেৱাৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ নাগৰিকসকলক টেলিকমিউনিকেচন বিভাগৰ সঞ্চাৰ সাথী প্লেটফৰ্মত চাক্ষু সুবিধাৰ(Chakshu facility) জৰিয়তে সন্দেহযুক্ত প্ৰৱঞ্চনামূলক যোগাযোগৰ খবৰ দিবলৈ উৎসাহিত কৰা হয়। এই প্লেটফৰ্ম https://sancharsaathi.gov.in/sfc/ ত উপলব্ধ। চাইবাৰ অপৰাধৰ নিশ্চিত দৃষ্টান্তৰ বাবে ভুক্তভোগীয়ে নিৰ্দিষ্ট চাইবাৰ অপৰাধ হেল্পলাইন নম্বৰ ‘1930’ত বা https://cybercrime.gov.in/ ত অফিচিয়েল ৱেবছাইটৰ জৰিয়তে এই কাণ্ডৰ বিষয়ে অৱগত কৰিব লাগে।




চাইবাৰ অপৰাধৰ ক্ষেত্ৰত বিশেষজ্ঞই কি কয়?

এই সন্দৰ্ভত অধিক স্পষ্টতাৰ বাবে আমি অসম আৰক্ষীৰ চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ বিভাগৰ পৰিদৰ্শক দীপক দাসৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেখেতে আমাক জানিবলৈ দিয়ে যে ভাৰতৰ বিভিন্ন স্থানৰ পৰা একাংশ অতি উন্নত প্ৰযুক্তিৰে সমৃদ্ধ চাইবাৰ অপৰাধীয়ে এইধৰণে এখন জাল তৈয়াৰ কৰি লৈছে। তেওঁলোকৰ লক্ষ্য সহজ সৰল নাগৰিক। যিসকল উপভোক্তাই মোবাইল সেৱাৰ জটিলতাসমুহ নাজানে বা বুজি নাপায় অথবা চাইবাৰ অপৰাধৰ ক্ষেত্ৰত সচেতন নহয়, তেনেকুৱা লোক এই জালত সহজেই পৰে। এইক্ষেত্ৰত সজাগতা বৃদ্ধিৰ প্ৰয়োজন আছে। সময়ে সময়ে অসম আৰক্ষীৰ তৰফৰ পৰা সমাজিক মাধ্যমযোগে এইক্ষেত্ৰত সজাগতামূলক আৰু সতেনতা মূলক প্ৰচাৰ কৰি অহা হৈছে বুলি তেখেতে উল্লেখ কৰি সংবাদ মাধ্যমৰো এইক্ষেত্ৰত যথেষ্ট কৰণীয় আছে বুলি কয়। যিকোনো ধৰণৰ সন্দেহজনক মেছজ বা ফোনকলৰ ক্ষেত্ৰত পোনপটীয়াকৈ সেয়া অনুসৰণ নকৰি এইক্ষেত্ৰত মোবাইল সেৱা প্ৰদানকাৰী কোম্পানীটোৰ কলচেণ্টাৰ সৈতে যোগাযোগৰ পোষকতা কৰি বিষয়াগৰাকীয়ে কয় যে চাইবাৰ অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীতকৈয়ো সাধাৰণ জনতাৰ সজাগতাৰ অধিক প্ৰয়োজন। যিকোনো ধৰণৰ অপৰাধমূলক গতিবিধি দৃষ্টিগোচৰ হ’লে আৰক্ষীৰ কাষ চপা উচিত বুলি তেখেতে কয়।

উপসংহাৰ

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অধ্যয়ন আৰু বিশ্লষণত এই কথা স্পষ্ট যে TRAIএ মেছেজৰ জৰিয়তে বা অন্য কোনো উপায়েৰে মোবাইল নম্বৰ বিচ্ছিন্ন কৰাৰ সন্দৰ্ভত গ্ৰাহকৰ সৈতে যোগাযোগ নকৰে। ট্ৰাইয়ে কোনো তৃতীয় পক্ষৰ সংস্থাকো এনে উদ্দেশ্যৰ বাবে গ্ৰাহকৰ সৈতে যোগাযোগ কৰিবলৈ অনুমোদন দিয়া নাই। গতিকে ট্ৰাই বুলি দাবী কৰি মোবাইল নম্বৰ বিচ্ছিন্ন কৰাৰ ভাবুকি দিয়া যিকোনো ধৰণৰ যোগাযোগ (কল, মেছেজ বা জাননী) সম্ভাৱ্য প্ৰৱঞ্চনামূলক প্ৰচেষ্টা বুলি গণ্য কৰা উচিত আৰু ইয়াক গুৰুত্ব দিয়া উচিত নহয়। এইক্ষেত্ৰত সজাগতা, সচেতনতা আৰু অপৰাধমূলক কোনো গতিবিধি নজৰলৈ আহিলে আৰক্ষীৰ সহায় লোৱা উচিত।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ