অসমৰ ডিব্ৰুগড় ৰেলৱে ষ্টেচনত চাৰিজন মানুহৰ দেহত ক’ৰনা ভাইৰাছ ৰোগৰ বীজাণু ধৰা পৰিছে নেকি?

Coronavirus False Medical

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে যিহেতু এশজনতকৈ অধিক ৰোগী এতিয়ালৈকে চিনাক্ত হৈছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে । 

এই ধৰণৰ এক হোৱাটচ এপ্প ফৰৱাৰ্ড অসমত ভাইৰেল হব ধৰিছে । অসমৰ ডিব্ৰুগড় ৰেলৱে ষ্টেচনত চাৰিজন মানুহৰ দেহত ক’ৰনা ভাইৰাছ ৰোগৰ বীজাণু ধৰা পৰিছে বুলি এক বাতৰিৰ স্ক্ৰিনশ্বট হোৱাটচ এপ্পৰ যোগেদি বহুল ভাৱে শ্বেয়াৰ হৈছে । বাতৰিটোত আৰু লিখা আছে যে উক্ত ৰোগীবোৰ ডিব্ৰুগড় আৰু যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈছে । 

যিসময়ত সমগ্র ভাৰতবৰ্ষতে ক’ৰনা ভাইৰাছ ৰোগ বিভিন্নজনৰ দেহত ধৰা পৰিছে অসমত এনে ধৰণৰ ভাইৰেল হোৱাটচ এপ্প ফৰৱাৰ্ডে আতংকৰ সৃষ্টি কৰিছে । সঁচাকৈ অসমৰ ডিব্ৰুগড় ৰেলৱে ষ্টেচনত চাৰিজন মানুহৰ দেহত ক’ৰনা ভাইৰাছ ৰোগৰ বীজাণু ধৰা পৰিছে নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমতে আমি ভাইৰেল স্ক্ৰিনশ্বটতো ভালদৰে লক্ষ্য কৰিলোঁ আৰু দেখিলোঁ যে উক্ত বাতৰিটোত ইক’ন’মিক টাইমছ বুলি লিখা আছে । আমি ইক’ন’মিক টাইমছৰ অসমৰ সাংবাদিক বিকাশ সিংৰ লগত এই সম্পৰ্কে যোগাযোগ কৰিলোঁ । তেওঁ আমাক জনালে যে অসমৰ পৰা বাতৰি প্ৰকাশ পালে তেওঁৰ বাইলাইন থাকে বা কোনো নিউজ এজেঞ্চিৰ নামত প্ৰকাশ হয় । উক্ত বাতৰিটোত দুয়োটাই নাই যেতিয়া সেই বাতৰি কোনো লোকে মিছাকৈ এডিত কৰা বাতৰিটোও হব পাৰে । 

WhatsApp Image 2020-03-18 at 15.49.24.jpg

আমি এই সম্পৰ্কে গুগলত চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে বৰ্তমানলৈকে অসমৰ কোনো লোকৰ দেহত ক’ৰনা ভাইৰাছৰ বীজাণু ধৰা পৰা নাই । এই সম্পৰ্কে ইণ্ডিয়া টুডেইৰ ৱেবচাইটত প্ৰকাশিত এক বাতৰি আমাৰ দৃষ্টিগোচৰ হ’ল য’ত অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শর্মায়ে স্পষ্ট কৰিছে যে এতিয়ালৈকে সন্দেহবশত বহুতোলোকৰ তেজ পৰীক্ষা কৰা হৈছে যদিয়ো সকলো নিগেটিভ পোৱা গৈছে । এই সম্পৰ্কে পঢ়ক ইয়াত ।  

Dibrugarh 1.png

এই সম্পৰ্কে ইষ্টম’জ’ নামৰ এক আঞ্চলিক নিউজ পৰ্টেলত এক বাতৰি আমাৰ দৃষ্টিগোচৰ হ’ল য’ত লিখা আছে যে এতিয়ালৈকে এজনৰ তেজ পৰীক্ষা ৰিপৰ্ট আহিব বাকী আছে আৰু বাকী সকলোৰে ৰিপৰ্ট নিগেটিভ পোৱা গৈছে । এই সম্পৰ্কে পঢ়ক ইয়াত । 

Dibrugarh 2.png

ফলাফল

অসমৰ ডিব্ৰুগড় ৰেলৱে ষ্টেচনত চাৰিজন মানুহৰ দেহত ক’ৰনা ভাইৰাছ ৰোগৰ বীজাণু ধৰা পৰিছে বুলি ভাইৰেল হোৱা স্ক্ৰিনশ্বটতো মিছা আৰু জনসাধাৰণৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰিছে । বৰ্তমানলৈকে অসমত এজনৰো দেহত ক’ৰনা ভাইৰাছ ৰোগৰ বীজাণু ধৰা পৰা নাই । 

Avatar

Title:অসমৰ ডিব্ৰুগড় ৰেলৱে ষ্টেচনত চাৰিজন মানুহৰ দেহত ক’ৰনা ভাইৰাছ ৰোগৰ বীজাণু ধৰা পৰিছে নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *