
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৭৪ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু লাখ লাখ মানুহ আক্রান্ত হৈ আছে ।
বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে চাৰিহেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ১১১ জনৰ মৃত্যু হৈছে । অসমতো ২৬জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে ।
এই সময়তে ক’ৰনা ভাইৰাছ ৰোগৰ লগত সম্বন্ধ থকা বিভিন্ন মেছেজ ফেচবুকৰ যোগেদি বহুল ভাৱে শ্বেয়াৰ হৈ ভাইৰেল হৈ পৰিছে আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই ।
ভাৰতত ইতিমধ্যে ২১ দিনৰ লক ডাউন ঘোষণা কৰা হৈছে আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলোকে এই লক ডাউন মানি চলিবলৈ কঠোৰ ভাবে নিৰ্দেশ চৰকাৰে দিছে । এই লক ডাউন ১৪ এপ্ৰিল তাৰিখে অন্ত পৰিব । এই সময়তে হোৱাটচ এপ্প আৰু ফেচবুকত এক মেছেজ বহুল ভাৱে শ্বেয়াৰ হৈছে য’ত লিখা আছে যে বিশ্ব স্বাস্থ্য সংস্থায়ে আন এক লক ডাউন ঘোষণা কৰিছে আৰু ইয়াৰ বাবে কিছু প্ৰট’কলও লগতে ঘোষণা কৰা হৈছে । মেছেজটোত লিখা আছে যে এই প্ৰট’কলৰ সূচীৰ মতে বৰ্তমানৰ ২১ দিনৰ লক ডাউনৰ সমাপ্তিৰ পাছত পাঁচ দিন ৰেহাই দি আকৌ আন এক ২৮ দিনীয়া লক ডাউন ঘোষণা কৰা হব । মেছেজটোত আৰু দাবী কৰিছে যে ভাৰতে এতিয়ালৈকে এই সূচীৰ মতেই লক ডাউন ঘোষণা কৰি আছে ।
এই মেছেজটো ফেচবুকত ডাক্তৰ অজিত কুমাৰ পটংগীয়া নামৰ অসমৰ এজন লোকে এপ্ৰিল ৪, ২০২০ তাৰিখে আপলোড কৰিছে আৰু উক্ত পোষ্টটো ১১ বাৰ শ্বেয়াৰ হৈছে আৰু ধীৰে ধীৰে ভাইৰেল হব ধৰিছে । পোষ্টটোত বিভিন্নজনে কমেণ্ট কৰাও দেখা গৈছে ।
সঁচাকৈ ভাইৰেল মেছেজটোত লিখাৰ দৰে বিশ্ব স্বাস্থ্য সংস্থায়ে আন এক লক ডাউন ঘোষণা কৰিছে আৰু ইয়াৰ বাবে কিছু প্ৰট’কলও লগতে ঘোষণা কৰিছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি উক্ত মেছেজটোৰ লগত সম্পৰ্ক থকা কিছুমান সাধাৰণ কীৱৰ্ডছলৈ গুগলত চাৰ্ছ কৰিলোঁ আৰু এই সম্পৰ্কে বিশ্ব স্বাস্থ্য সংস্থা দক্ষিণ-পূব এছিয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই সম্পৰ্কে ৫ এপ্ৰিল, ২০২০ তাৰিখে এক স্পষ্টীকৰণ টুইট কৰা দেখা পালোঁ । তেওঁলোকে স্পষ্ট কৰি দিছে যে উক্ত ভাইৰেল মেছেজটো সম্পূৰ্ণৰূপে ভুৱা হয় আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ এনে কোনো লক ডাউনৰ প্ৰট’কল নাই ।
ইয়াৰ পাছত পিআইবি ফেক্ট চেকৰ ফালৰ পৰা এই সম্পৰ্কে এক টুইট কৰা আমাৰ দৃষ্টিগোচৰ হ’ল য’ত স্পষ্ট কৰি দিয়া আছে যে বিশ্ব স্বাস্থ্য সংস্থায়ে ভাৰতৰ লক ডাউনৰ সম্পৰ্কীয় কোনো প্ৰট’কল ঘোষণা কৰা নাই ।
আমি এই সম্পৰ্কে গুগল চাৰ্ছ কৰি বিভিন্ন মূলসুঁতিৰ নিউজ গোষ্ঠীৰ ৱেবচাইটবোৰত এই সম্পৰ্কে কোনো বাতৰি প্ৰকাশ পোৱা নেদেখিলোঁ ।
ফলাফল
ভাইৰেল মেছেজটো ভুৱা হয় আৰু বিশ্ব স্বাস্থ্য সংস্থায়ে এনে কোনো ঘোষণা কৰা নাই । লক ডাউনৰ বিষয়ে ভুৱা মেছেজ ভাইৰেল কৰি সাধাৰণ মানুহৰ মাজত আতংকৰ সৃষ্টি কৰা হৈছে ।

Title:বিশ্ব স্বাস্থ্য সংস্থায়ে লক ডাউন বঢ়োৱাৰ সম্পৰ্কে কিছু প্ৰট’কল ঘোষণা কৰিছে নেকি?
Fact Check By: Manjori BorkotokyResult: False