
শেহতীয়াকৈ জনপ্ৰিয় ছচিয়েল মিডিয়া এপ্প টিকটক আমেৰিকাত নিষিদ্ধ কৰি দিয়া হৈছে আৰু ভাৰততো অচিৰেই এই এপ্পটোক নিষিদ্ধ কৰা হব বুলি ছচিয়েল মিডিয়াত বিভিন্ন পোষ্ট/ফটো/ভিদিঅ’ ভাইৰেল হৈ পৰিছে । অসমতো এই ধৰণৰ ছচিয়েল মিডিয়া পোষ্ট ভাইৰেল হব ধৰিছে ।
মানস মৰম নামৰ ফেচবুক প্ৰফাইল এটাৰ পৰা এনেধৰণৰ এক পোষ্ট ৫ মে’, ২০২০ তাৰিখে, “এটা বেয়া খবৰ ভাৰতবৰ্ষত বন্ধ হ’ব Tik Tok, আমেৰিকাত ইতিমধ্যে বন্ধ কৰিছে Tik Tok, ইয়াৰ কাৰণ কি জানিবলৈ তলত দিয়া Link তে ক্লিক কৰি video তো চাওক, আৰু Tik Tok ব্যৱহাৰকাৰী সকলক Share কৰক” বুলি শিৰোনামা দি আপলোড কৰা হৈছে । উক্ত পোষ্টটো বিভিন্নজনে শ্বেয়াৰ কৰিছে আৰু ভাইৰেল কৰি তুলিছে ।
টিকটক নামৰ এপ্পটো বেইজিঙৰ বাইটডেন্স নামৰ এক কোম্পানীৰ হয় আৰু এই এপ্পটোত ইউজাৰে নিজৰ গান গাই থকা, নচা আদি ভিডিঅ’ আপলোড কৰিব পাৰে । ২০১৯ চনত ভাৰতত টিকটকৰ ৮১ মিলিয়ন ইউজাৰ আছিল আৰু পৃথিৱীৰ ভিতৰত চীনৰ পাছত ভাৰততে সৰ্বাধিক ইউজাৰ আছে ।
সঁচাকৈ টিকটক এপ্পটো আমেৰিকাত নিষিদ্ধ কৰি দিয়া হৈছে আৰু ভাৰততো অচিৰেই এই এপ্পটোক নিষিদ্ধ কৰা হব নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
আমি প্ৰথমে ‘টিকটক আমেৰিকাত নিষিদ্ধ কৰা হৈছে’ বুলি ভাইৰেল হোৱা দাবীটোৰ বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু জানিব পাৰিলোঁ যে টিকটক আমেৰিকাত নিষিদ্ধ হোৱা নাই । আচলতে কেইটামান চৰকাৰী বিভাগে নিজৰ বিভাগৰ চৰকাৰী চাকৰিয়াল সকলক নিৰাপত্তাৰ ক্ষেত্ৰত কিছু সুৰুঙা থকা বুলি একাংশই মত দিয়াৰ বাবে এই এপ্পটো ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছিল । এই সম্পৰ্কে পঢ়ক ইয়াত ।
ইয়াৰ উপৰিয়ো আমেৰিকান ছেনেটৰ জ’চ হ’লিয়ে সকলো ফেডাৰেল চাকৰিয়ালৰ চৰকাৰী মোবাইল ফোনত এই এপ্পটো নিষিদ্ধ কৰিবৰ বাবে এক নতুন আইন প্ৰণয়ন কৰিবলৈ বিচাৰিছে । এই আইনখনে কিন্তু আমেৰিকাত টিকটক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাটো বিচৰা নাই ।
আমি ভাৰতত টিকটকৰ নিষিদ্ধকৰণৰ সমন্ধে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰি দেখিলোঁ যে টিকটক ভাৰতত খুব জনপ্ৰিয় যদিয়ো, বিভিন্ন সময়ত বিভিন্ন জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে । যোৱা বছৰ, এপ্ৰিল ৩ – ২০১৯ তাৰিখে, মাদ্ৰাজ হাই কোর্টে এই এপ্পটোৰ নতুন ডাউনলোড নিষিদ্ধ কৰিছিল আৰু কেইসপ্তাহমানৰ পাছত ইয়াক উঠাই লোৱা হৈছিল । এই সম্পৰ্কে পঢ়ক ইয়াত আৰু ইয়াত।
ইয়াৰ পাছটো বিভিন্ন সাংসদে এই এপ্পটোক নিষিদ্ধ কৰিবলৈ দাবী জনাইছে কিন্ত বৰ্তমানলৈকে এনে ধৰণৰ কোনো ঘোষণা চৰকাৰে কৰা নাই ।
ফেক্ট ক্ৰেছচেণ্ডৰ ফালৰ পৰা টিকটকৰ সৈতে এই সম্পৰ্কে যোগাযোগ কৰা হৈছিল । এই বিষয়ে কোনো সঁহাৰি ফালে ইয়াত আপডেট কৰা হব ।
ফলাফল
টিকটক এপ্পটো আমেৰিকাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা নাই আৰু মাত্ৰ চৰকাৰী চাকৰিয়ালৰ মোবাইলতহে ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰিব বিচৰা হৈছে । বৰ্তমান আমেৰিকাৰ কেইটামান চৰকাৰী বিভাগেহে নিজৰ বিভাগৰ মানুহক এই এপ্পটো ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে । ভাৰতত এনে ধৰণৰ কোনো নিৰ্দেশনা বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে দিয়া নাই আৰু মাজতে মাদ্ৰাজ হাই কোর্টে এই এপ্পটোৰ নতুন ডাউনলোড নিষিদ্ধ কৰিছিল কিন্তু কেইসপ্তাহমানৰ পাছত এই নিৰ্দেশনা উঠাই লৈছিল । গতিকে ভাইৰেল পোষ্টটো আংশিকভাৱে মিছা ।

Title:সঁচাকৈ টিকটক এপ্পটো আমেৰিকাত নিষিদ্ধ কৰি দিয়া হৈছে নেকি আৰু ভাৰততো অচিৰেই নিষিদ্ধ কৰা হব নেকি?
Fact Check By: Manjori BorkotokyResult: Partly False