এখন মালবাহী ৰেলৰ এটা ব'গিত আদানী বুলি লিখা এখন ফটো অসমত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে ভাৰতীয় ৰেলৱেৰ মালবাহী ৰেলৰ নাম সলনি কৰি আদানী কৰা হৈছে। দাবী কৰা মতে ব্যক্তিগতকৰণৰ হেতু ভাৰতীয় ৰেলৱেৰ নাম সলনি কৰি আদানী বুলি মালবাহী ৰেলত লিখা হৈছে।

Adani Train fb.png

Original post- Facebook | Archived Link

Original post- Facebook | Archived Link

Original post- Facebook | Archived Link

ফেক্ট ক্ৰেছেণ্ডোৰ সত্যতা নিৰূপনত প্ৰতিয়মান হৈছে যে এই দাবী ভূৱা।

সত্যতা নিৰূপন পদ্ধতি

সৰ্ব প্ৰথমে আমি কিছুমান প্ৰাসংগিক শব্দৰে গুগল ছাৰ্চ কৰি চালো আৰু বহুকেইটা অনুৰূপ পোষ্ট পালো, আনকি অন্যান্য প্লেটফৰ্মতো তেনেকুৱা পোষ্ট দেখিবলৈ পোৱা গল।

WhatsApp Image 2020-12-29 at 09.44.28.jpeg

Search Link

আমি আনকি ২০২০চনৰ ৪ মাৰ্চত দ্য ফিনান্সিয়েল এক্সপ্ৰেছক ৱেবচাইটত প্ৰকাশ হোৱা এটা বাতৰিৰো লিংক লাভ কৰিলো, যত শীৰোনাম দিয়া হৈছিল “Indian Railways earns big revenue from Adani, Haldiram’s branded locomotives; details here”(ভাৰতীয় ৰেলৱেই আদানী আৰু হালদিৰামৰ ব্ৰেণ্ডেড লোকোমোটিভৰ পৰা শকত ৰাজহ লাভ কৰে,সৱিশেষ ইয়াত)। বাতৰিটোত আদানী ৱিলমাৰলৈ আৱন্তন দিয়া লোকোমোটিভৰ পৰা প্ৰো-ৰেটা হিচাপত লাভ কৰা ৰাজহৰ বিষয়ে কোৱা হৈছে।

WhatsApp Image 2020-12-29 at 09.44.07 (1).jpeg

Original Link- Financial Express | Archived Link

এই বিষয়ত আৰু অধিক অধ্যয়নত জানিব পৰা গল যে বহুজাতিক কোম্পানী আদানী লজিষ্টিকৰ সৰ্বভাৰতীয় কন্টেইনাৰ লাইচেন্স ২০০৬ চনৰে পৰা আছে। ইকোনমিক টাইমছৰ মতে ভাৰতীয় ৰেলৱেই ২০০৭চনৰ জানুৱাৰীতে আদানী লজিষ্টিককে ধৰি ব্যক্তিগত আন কোম্পানীক কন্টেইনাৰ ট্ৰেইনৰ ব্যৱসায়ৰ সুবিধা প্ৰদান কৰি থৈছে।

লাইভ মিন্টৰ মতে ২০০৭চনৰ নৱেম্বৰৰে পৰা আদানী লজিষ্টিকে ভাৰতত কন্টেইনাৰ ট্ৰেইনৰ ব্যৱসায় চলাই আছে। Original Link- Live Mint | Archived Link

২০১৮চনত, ভাৰতীয় ৰেলৱেই জিপিডব্লিউআইচিৰ অধিনত আদানী আৰু টাটা ষ্টিলকে ধৰি ছয়টা কোম্পানীক অনুমতি প্ৰদান কৰা বুলি বিজনেছ ষ্টেণ্ডাৰ্ডে উল্লেখ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ১০৯টা ব্যস্ত পথত ১৫১খন ব্যক্তিগত ৰেল চলাতল কৰোৱাৰ পৰিকল্পনা হাতত লৈছে। সেয়া দেশত চলি থকা ৰেলৰ হিচাপত মাত্ৰ ৫শতাংশহে। Original Link- Business Standard | Archived Link

আমি আদানী গ্ৰুপৰ দ্বাৰা চলোৱা কন্টেইনাৰ ট্ৰেইনৰ এটা ইউটিউৱ ভিডিঅ’ও দেখা পালো। তেনেকুৱা এটা ভিডিও ইয়াত এম্বেদ কৰা হৈছে, যিটো ২০১৩চনৰ ৭এপ্ৰিলত আপলোড কৰা হৈছিল।

ওপৰোক্ত ভিডিওটোত আমি ব'গিত আদানী বুলি লিখা দেখা পাওঁ।

আমি ভাৰতীয় ৰেলৱেৰ নাম সলনি কৰা সন্দৰ্ভত কিবা বাতৰি পাওঁ নেকি বিচাৰি চালো, কিন্তু তেনেকুৱা একোৱেই নাপালো। এইটো স্পষ্ট হৈ পৰিল যে আদানী লজিষ্টিকে আন ১৪টা কোম্পানীৰ লগতে যোৱা প্ৰায় এটা দশক ধৰি ব্যক্তিগত কন্টেইনাৰ চলাচল কৰোৱাই আছে।

২০২০চনৰ চেপ্টেম্বৰ ত মহাৰাষ্ট্ৰতো অনুৰূপ এটা দাবী ভাইৰেল হৈ পৰিছিল। সেই দাবীৰ সত্যতা নিৰূপন কৰিছিল ফেক্ট ক্ৰেছেণ্ডো মাৰাঠীয়ে। ইয়াত সেয়া দিয়া আছেঃ Original Link- Fact Crescendo Marathi

FC Marathi Adani Train.png

ফলাফল

ভাৰতীয় ৰেলৱেক আদানী গ্ৰুপলৈ বিক্ৰী কৰি তাৰ নাম সলনি কৰা দাবীটো সত্য নহয়। ২০০৭চনৰ পৰা আদানী গ্ৰুপ আৰু আন ১৪টা কোম্পানীক ব্যক্তিগত কন্টেইনাৰ চলাচল কৰোৱাৰ অনুমতি প্ৰদান কৰি থোৱা আছে।

Avatar

Title:FACT CHECK: ভাৰতীয় ৰেলৱেৰ নাম আদানীলৈ সলনি হ'ল বুলি দাবী কৰা ভুৱা পোষ্ট অসমত ভাইৰেল হৈ পৰিছে

Fact Check By: Manjori Borkotoky

Result: False