Fact Check: অসমত বৰ্তমানলৈকে ব্ৰিটেইনৰ নতুন প্ৰজাতিৰ ক'ৰনা ভাইৰাছ ধৰা পৰা নাই!
যিসময়ত বিভিন্ন ৰাষ্ট্ৰত ক'ৰনা ভাইৰাছৰ নতুন ধল আৰম্ভ হোৱাৰ ফলত ৰাষ্ট্ৰসমুহত কঠোৰ ব্যৱস্থা গ্ৰহন কৰিছে, সেই সময়তে ছ'চিয়েল মিডিয়াত এই সম্পৰ্কত বিভিন্ন ধৰণৰ পোষ্টৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। সত্যতা নিৰূপনকাৰীসকলে তাৰে ভিতৰত কিছুমান এনেকুৱা পোষ্ট ধৰা পেলাইছে, যিসমুহৰ সত্যতাৰ ক্ষেত্ৰত প্ৰশ্নৰ উদয় হৈছে আৰু ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মাজত আতংকৰ এক পৰিবেশো সৃষ্টি কৰিছে ।
তেনেকুৱা এটা পোষ্ট অসমৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে । যিটো পোষ্ট ১৩২বাৰ শ্বেয়াৰ হোৱাৰ লগতে ১৫০টা কমেন্ট আৰু ৯৫০টা ৰিয়েকচন আহিছে। সেই পোষ্টটো Prag News নামৰ ফেচবুক পেজটোৰ পৰা দিয়া হৈছিল ২০২০চনৰ ২৫ডিচেম্বৰত ১২বাজি ৩২মিনিটত আৰু তাত গ্ৰাফিক্সত লিখা হৈছিল লণ্ডনৰ পৰা অসমত সোমাল নতুন প্ৰজাতিৰ ক'ৰনা ভাইৰাছ । লণ্ডনৰ পৰা অহা ব্যক্তিৰ শৰীৰত ক'ৰনা, সম্প্ৰতি হাস্পতালত চিকিতসাধীন ব্যক্তিজন। নিশ্চিত কৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই। লণ্ডনৰ পৰা অহা লোকক লৈ নতুন আশংকা। পোষ্টটোত কেপছন হিচাপে লিখা হৈছে—
" #NewsFlash
লণ্ডনৰ পৰা অসমত সোমাল নতুন প্ৰজাতিৰ কৰ’না
লণ্ডনৰ পৰা অহা ব্যক্তিৰ শৰীৰত কৰ’না
সম্প্ৰতি হাস্পতালত চিকিত্সাধীন হৈ আছে লোকজন
#coronavirus #CoronaVirusUpdates #CoronavirusPandemic #CoronavirusPandemic".
Original Post- Facebook | Archived Link
Fact Crescendo Assameseএ জানিব পাৰিলো যে এই পোষ্টটো ভূৱা। আমি কিদৰে সত্যতা নিৰুপন কৰিলো সেইয়া তলত দিয়া হৈছে ।
পদ্ধতি
প্ৰথমতে আমি গুগলত ছাৰ্চ কৰি কোনো আগশাৰীৰ সংবাদ প্ৰতিস্থানে এইধৰণৰ কোনো বাতৰি কৰিছে নেকি চালো। আমি অসমত নতুন ক'ৰনা ভাইৰাছৰ ধল অহা বুলি কৰা কোনো বাতৰি নেদেখিলোঁ ।
এইখিনি অনুসৰণ কৰি, Fact Crescendo Assamese এ এনএইএম,অসমৰ মিছন ডাইৰেক্টৰ ড. লক্ষ্মনন এছৰ সৈতে যোগাযোক কৰিছিলো। তেওঁ নিশ্চিত কৰিছে যে নতুন কৰ'নাভাইৰছৰ ধল অসমত ধৰা পৰা নাই।
ফলাফল
অসমত নৱোন্মেসিত ক'ৰনা ভাইৰাছৰ ধল ধৰা পেলোৱা বুলি কৰা দাবীটো মিছা । Fact Crescendo Assamese এ অনুৰোধ জনাম যে অসমৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে যাতে এইধৰণৰ মিছা খবৰ প্ৰচাৰ নকৰে। যদি আপুনি যিকোনো সন্ধিগ্ধ পোষ্ট তথা ফৰৱাৰ্ড মেছেজ লাভ কৰে তেনেহলে আমাৰ সাতোটা দিনে ২৪ঘন্টাই খোলা থকা ফেক্টলাইন নম্বৰ 904905 3770লৈ হোৱাটছএপ কৰি তাৰ প্ৰকৃত সত্যটো নিৰূপন কৰি লব।
Title:অসমত বৰ্তমানলৈকে ব্ৰিটেইনৰ নতুন প্ৰজাতিৰ ক'ৰনা ভাইৰাছ ধৰা পৰা নাই!
Fact Check By: Manjori BorkotokyResult: False