

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় দুই লাখ ৮৩ হাজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৪১.২ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৬৭ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ২২০৬ জনৰ মৃত্যু হৈছে । অসমতো ৬৩জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে দুজনৰ মৃত্যু হৈছে ।
এনে সময়তে ক’ৰনা ভাইৰাছ সম্বন্ধীয় বিভিন্ন বাতৰি ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে । বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমেও কিছু ভুৱা বা ভুল বাতৰি পৰিবেশন কৰি আহিছে ।
এনে সময়তে জি প্লাছ নামৰ অসমৰ এক নিউজ পৰ্টেলে ১১ মে’, ২০২০ তাৰিখে ‘গুৱাহাটী মহানগৰীক ৰে’ড জ’ন ঘোষণা কৰা হৈছে’ বুলি শিৰোনামা দি এক বাতৰি প্ৰকাশ কৰিছে ।

বাতৰিটো ফেচবুক আৰু টুইটাৰত ভাইৰেল হৈ পৰিছে ।
কিন্তু সঁচাকৈ গুৱাহাটী মহানগৰীক ৰে’ড জ’ন ঘোষণা কৰা হৈছে নেকি? এই সম্পৰ্কে আমি ফেক্ট চেক কৰাৰ সিদ্ধান্ত ললোঁ ।
প্ৰণালী
আমি এই বিষয়ে অসম চৰকাৰৰ চীফ চেক্ৰেটেৰী কুমাৰ সঞ্জয় কৃষ্ণৰ সৈতে যোগাযোগ কৰিলোঁ । তেখেতে নিশ্চিত কৰিলে যে এনে ধৰণৰ কোনো ভাষ্য তেওঁ দিয়া নাই আৰু এই সম্পৰ্কীয় কোনো বিভাগীয় যোগাযোগ তেওঁলোকৰ লগত হোৱা নাই । তেওঁ লগতে জনালে যে ‘জি প্লাছক’ তেওঁ এনে ধৰণৰ কোনো বক্তব্য কৰা বুলি লিখাৰ পৰা বিৰত থাকিবলৈ ইতিমধ্যে কৈছে ।
আমি এই বিষয়ে গুগল চাৰ্ছ কৰিলোঁ আৰু আমি জানিব পাৰিলোঁ যে ভাৰতত নতুনকৈ ক’ৰনা ভাইৰাছ সম্পৰ্কীয় জ’নবোৰৰ বিভাজনৰ বিষয়ে কোনো ঘোষণা বৰ্তমানলৈকে প্ৰকাশ হোৱা নাই । আটাইতকৈ শেহতীয়া ঘোষণাটোৰ বিষয়ে ১ মে’, ২০২০ তাৰিখে বিভিন্ন নিউজ ৱেবছাইটত প্ৰকাশ হৈছিল আৰু সেই ঘোষণাত অসমৰ এখনো ঠাই ৰে’ড জ’নত নাছিল । বিতংকৈ ইয়াত পঢ়ক ।


আমি এই বিষয়ে আৰু নিশ্চিত হবলৈ নিত্যানন্দ ৰায়, ৰাজ্যিক মন্ত্ৰী – গৃহ মন্ত্ৰালয়, সৈতে যোগাযোগ কৰিলোঁ আৰু তেখেতে আমাক জনালে যে এনে ধৰণৰ কোনো নতুন লিষ্ট বৰ্তমানলৈকে ওলোৱা নাই কিন্তু আজি দেৰিকৈ বা কাইলৈ (মে’ ১২, ২০২০) এনে ধৰণৰ এক নতুন লিষ্ট ওলাব ।
অসমৰ জনসংযোগ বিভাগে এই বিষয়ে ইতিমধ্যে তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এক টুইট কৰিছে আৰু উক্ত বাতৰিটো ভুৱা বুলি স্পষ্ট কৰিছে ।
ফলাফল
গুৱাহাটী মহানগৰীক ৰে’ড জ’ন ঘোষণা কৰা হোৱা নাই আৰু এনে ধৰণৰ জ’নৰ বিভাজন সম্পৰ্কে নতুনকৈ কোনো ঘোষণা ভাৰত চৰকাৰে শেহতীয়াকৈ কৰা নাই ।

Title:গুৱাহাটী মহানগৰীক ৰে’ড জ’ন ঘোষণা কৰা হৈছে নেকি?
Fact Check By: Manjori BorkotokyResult: False Headline