
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে দুই লাখতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ২৯.৭ লাখ মানুহ আক্রান্ত হৈ আছে ।
বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২৬ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৮২৬ জনৰ মৃত্যু হৈছে । অসমতো ৩৬জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু এজনৰ মৃত্যু হৈছে ।
এই ভয়ানক ৰোগৰ সংক্ৰমণ ৰোধিবলৈ ভাৰতত ২১ দিনৰ লক ডাউন ঘোষণা কৰা হৈছিল যি যোৱা ১৪ এপ্ৰিল, ২০২০ তাৰিখে সমাপ্ত হ’লহেঁতেন কিন্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইয়া ৩ মে’, ২০২০ পৰ্য্যন্ত বঢ়াই দিছে । এনে সময়তে ক’ৰনা ভাইৰাছ আৰু লক ডাউন সম্বন্ধীয় বিভিন্ন ফেচবুক পোষ্ট আৰু হোৱাটচ এপ্প মেছেজ ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে ।
এনে এক ৱেবলিংক/বাতৰি হোৱাটচ এপ্প ফৰৱাৰ্ডৰ জৰিয়তে সমগ্র দেশৰ লগতে অসমতো ভাইৰেল হৈ পৰিছে । বাতৰিটোত দাবী কৰা হৈছে যে ক’ৰনা ভাইৰাছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ বয়স ৫০ বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে । এই সিদ্ধান্তৰ কাৰণ হিচাবে বিভিন্ন কথা বাতৰিটোত বিস্তাৰিত ভাৱে লিখা আছে । উক্ত বাতৰিটোৱে অসমত চাঞ্চল্যৰ সৃষ্টি কৰিছে । দা সেন টাইমছ নামৰ ৱেব পৰ্টেলটোত এই বাতৰিটো ২৫ এপ্ৰিল, ২০২০ তাৰিখে প্ৰকাশ পাইছিল ।
সঁচাকৈ ভাৰত চৰকাৰে হঠাৎ ইমান বৃহৎ সিদ্ধান্ত লৈছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি এই বিষয়ে সাধাৰণ কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি অনলাইন চাৰ্ছ কৰিলোঁ আৰু পিআইবি’ৰ অফিচিয়েল ফেক্ট চেক টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে এক স্পষ্টীকৰণ দিয়া দেখিলোঁ ।
টুইটটোত স্পষ্টকৈ লিখা আছে যে ভাৰত চৰকাৰে চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ বয়স ৫০ বছৰলৈ হ্ৰাস কৰাৰ সম্পৰ্কে কোনো প্লেন কৰা নাই বা কোনো আলোচনাও কৰা নাই । উক্ত ভাইৰেল বাতৰিটো ভুৱা বুলি স্পষ্টকৈ টুইটটোত লিখা আছে ।
আমি এই বিষয়ে কীৱৰ্ডছ ব্যৱহাৰ কৰি আৰু গুগল চাৰ্ছ কৰাত ইক’নমিক টাইমছ নামৰ ৰাষ্ট্ৰীয় বাতৰি কাকতৰ ৱেবচাইটত এই সম্পৰ্কে ২৭ এপ্ৰিল, ২০২০ তাৰিখে প্ৰকাশিত এক বাতৰি দেখা পালোঁ । বাতৰিটোত লিখা আছে যে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিংৰ বক্তব্য মতে চৰকাৰে এনে কোনো সিদ্ধান্ত লোৱা নাই বা আলোচনাও কৰা নাই । ক’ৰনা ভাইৰাছ ৰোগৰ আতংকৰ সময়ত কিছুমান মানুহে উদ্দেশ্যেপ্ৰণোদিত ভাৱে এনে মিছা বাতৰি প্ৰচাৰ কৰি থকাটো দুৰ্ভাগ্যজনক বুলি তেওঁ লগতে মন্তব্য কৰে । বাতৰিটো সম্পূৰ্ণ ৰূপত পঢ়ক ইয়াত ।
ফলাফল
উক্ত ভাইৰেল বাতৰিটো ভুৱা হয় আৰু ভাৰত চৰকাৰে এনে কোনো সিদ্ধান্ত লোৱা নাই বা আলোচনাও কৰা নাই । কিছুমান মানুহে উদ্দেশ্যেপ্ৰণোদিত ভাৱে এনে মিছা বাতৰি প্ৰচাৰ কৰিছে ।

Title:ক’ৰনা ভাইৰাছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ বয়স ৫০ বছৰলৈ হ্ৰাস কৰিব নেকি?
Fact Check By: Manjori BorkotokyResult: False