চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক'ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৮২ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু লাখ লাখ মানুহ আক্রান্ত হৈ আছে ।

বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক'ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে চাৰিহেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ১২৪ জনৰ মৃত্যু হৈছে । অসমতো ২৮জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে ।

এই সময়তে ক'ৰনা ভাইৰাছ ৰোগৰ লগত সম্বন্ধ থকা বিভিন্ন মেছেজ ফেচবুকৰ যোগেদি বহুল ভাৱে শ্বেয়াৰ হৈ ভাইৰেল হৈ পৰিছে আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই ।

এনে এক মেছেজ ফেচবুক মেচেঞ্জাৰ জৰিয়তে ভাইৰেল হৈ পৰিছে য'ত দাবী কৰা হৈছে যে ক'ৰনা ভাইৰাছ চীনৰ এক বায়' এটেক হয় আৰু এই সংক্ৰান্তত এজন বষ্টন ইউনিভাৰ্চিটিৰ প্ৰফেছৰ, যোনে চীনৰ ইউনিভাৰ্চিটি আৰু ৱুহান গৱেষণাগাৰৰ লগত সম্পৰ্ক ৰাখিছিল, আটক কৰা হৈছে । এই সম্পৰ্কে এক ভিডিঅ'ও মেছেজটোৰ সৈতে গাঠি দিয়া আছে । ইয়াৰ উপৰিয়ো মেছেজটোত আৰু দাবী কৰা হৈছে যে গৰম পানীৰ ভাঁপ ললে ক'ৰনা ভাইৰাছৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব পাৰি ।

ভাইৰেল মেছেজটোৰ সত্যতা পৰীক্ষা কৰোঁ আহক ।

প্ৰণালী

প্ৰথমে আমি ভাইৰেল মেছেজটোৰ সৈতে দিয়া ভিডিঅ'টো ভালদৰে লক্ষ্য কৰিলোঁ আৰু আমি ভিডিঅ'টোৰ ক'তো ক'ৰনা ভাইৰাছৰ বিষয়ে একো উল্লেখ কৰা নেদেখিলোঁ । ইয়াৰ পাছত আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ'টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু জানিব পাৰিলোঁ যে উক্ত ভিডিঅ'টো জানুৱাৰী ২৮, ২০২০ তাৰিখে বষ্টনত অনুষ্ঠিত এক প্ৰেছ মিটৰ হয় আৰু ক'ৰনা ভাইৰাছৰ লগত কোনো সম্পৰ্ক নাই । উক্ত প্ৰেছ মিটত বষ্টন ইউনিভাৰ্চিটিৰ প্ৰফেছৰ আৰু দুজন চীনা লোকক আটক কৰাৰ সম্পৰ্কত প্ৰেছ ব্ৰিফিং দিয়া হৈছে কিন্ত এইয়া স্পষ্ট যে উক্ত ঘটনাটো অলপ পুৰণি হয় আৰু ক'ৰনা ভাইৰাছৰ লগত কোনো সম্পৰ্ক নাই । এই সম্পৰ্কে বিতংকৈ পঢ়ক ইয়াত

harvard.png

ক'ৰনা ভাইৰাছ যে বায়' ৱেপন নহয় বা মানুহে বনোৱা নহয় বৰঞ্চ প্ৰাকৃতিক ভাৱে হোৱা এক ভাইৰাছ বা ৰোগ হয় সেইয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে । ভাইৰেল মেছেজটোত ক'ৰনা ভাইৰাছ এক বায়' এটেক বুলি যি দাবী কৰা হৈছে তাৰ কোনো ভিত্তি নাই । এই সম্পৰ্কে পঢ়ক ইয়াত

harvard1.png

ভাইৰেল মেছেজটোত আন এটা দাবী কৰা হৈছে যে গৰম পানীৰ ভাঁপ ললে ক'ৰনা ভাইৰাছৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব পাৰি । এনে ধৰণৰ দাবীৰ কোনো বৈজ্ঞানিক ভিত্তি নাই আৰু ইয়াৰ আগতেও ক'ৰনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ গৰম পানী, নিমখ পানী, নহৰু পানী আদি বিভিন্ন ঘৰুৱা দিহাৰ মেছেজ ভাইৰেল হৈছে আৰু ফেক্ট ক্ৰেছচেণ্ডৰ ফালৰ পৰা এই মেছেজবোৰৰ সত্যতা পৰীক্ষা কৰি ভুৱা বুলি নিৰূপণ কৰা হৈছে । এই সম্পৰ্কে পঢ়ক ইয়াত আৰু ইয়াত

harvard2.png
harvard3.png

ফলাফল

ভাইৰেল মেছেজটো ভ্রান্তিজনক আৰু এক পুৰণি প্ৰেছ মিটৰ ভিডিঅ' ভাইৰেল কৰি ক'ৰনা ভাইৰাছৰ লগত সম্পৰ্ক আছে বুলি মিছাতে প্ৰচাৰ কৰা হৈছে । গৰম পানীৰ ভাঁপ ললে ক'ৰনা ভাইৰাছৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব পাৰি বুলি কৰা আনটো দাবীৰো কোনো বৈজ্ঞানিক ভিত্তি নাই ।

Avatar

Title:ক'ৰনা ভাইৰাছ চীনৰ এক বায়'এটেক হয় আৰু এই সংক্ৰান্তত এজন বষ্টন ইউনিভাৰ্চিটিৰ প্ৰফেছৰক আটক কৰা হৈছে বুলি ভাইৰেল হোৱা মেছেজটো ভুৱা হয়!

Fact Check By: Manjori Borkotoky

Result: Misleading