FACT CHECK: গুৱাহাটী বিশ্ববিদ্যালয়ে ইয়াৰ স্নাতক পৰ্যায়ৰ পৰীক্ষা বাতিল কৰিছে বুলি ভুৱা জাননী ভাইৰেল হৈছে!

False Social

ৰাজ্যখনত কোভিড পৰিস্থিতিৰ অৱনতি ঘটাৰ লগে লগে বিভিন্ন শিক্ষানুস্থানে তেওঁলোকৰ বিভিন্ন পৰীক্ষাসমুহ বাতিল কৰিছে বা পিছুৱাই দিছে। শেহতীয়াভাৱে এখন জাননী ছ’চিয়েল মিডিয়াত, বিশেষকৈ হোৱাটছএপত ভাইৰেল হৈ পৰিছে, য’ত কোৱা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ৰ প্ৰথম, তৃতীয় আৰু পঞ্চম সান্মাসিক পৰীক্ষা বাতিল কৰিছে পৰৱৰ্তী জাননী নহালৈকে। এই জাননীখন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিপুলভাৱে প্ৰচাৰ হৈছে আৰু ইয়াৰ বিশ্বাসযোগ্যতাৰ বিষয়ে বিভ্ৰান্তিৰ সৃষ্টি হৈছে ।

এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ 24×7 ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ত সেই জাননীখন প্ৰেৰণ কৰি ইয়াৰ সত্যতা জানিবলৈ বিচাৰিছিল। Archived Link

সেইহেতু আমি ইয়াৰ সত্যতা নিৰূপনৰ সিদ্ধান্ত গ্ৰহন কৰিলো। আমি অৱশেষত জানিব পাৰিলো যে সেই জাননীখন ভুৱা আৰু এতিয়ালৈ গুৱাহাটী বিশ্ববিদ্যালয়ে তেনেকুৱা কোনোধৰণৰ জাননী জাৰি কৰা নাই।

সত্যতা নিৰূপন পদ্ধতি

আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডিজে চৌধুৰীৰ সৈতে যোগাযোগ কৰিলো,যাৰ চহী জাননীখনত থকা যেন দেখা গৈছিল।তেখেতে স্পষ্ট কৰি দিলে যে তেখেতে তেনেকুৱা কোনো জাননীত চহী কৰা নাই আৰু সেই জাননীখন ভূৱা।

আমি এই সম্পৰ্কত আন এক আনুষ্ঠানিক জাননী পালো,য’ত উল্লেখ কৰা হৈছে যে বিশ্ববিদ্যালয়ে এই বিষয়টো সম্পৰ্কত এতিয়ালৈ কোনো সিদ্ধান্ত গ্ৰহন কৰা নাই আৰু সোনকালে এই সম্পৰ্কৰ জাননী প্ৰকাশ কৰা হ’ব। লগতে ইয়াকো কোৱা হৈছে যে যিসমুহ পৰীক্ষা ইতিমধ্যে আৰম্ভ হৈছে সেইসমুহ  কোনো ধৰণ বা পদ্ধতিৰ পৰিৱৰ্তন নোহোৱাকৈ অব্যাহত থাকিব।

b8169c26a9f0de2901c72eacb18d4eaa.jpg

ফলাফল

ভাইৰেল হোৱা জাননীখন ভুৱা। গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ৰ সান্মাসিকৰ কোনো ধৰণৰ পৰীক্ষা বাতিল কৰা নাই। যিসমুহ পৰীক্ষা ইতিমধ্যে আৰম্ভ হৈছে সেইসমুহ  কোনো ধৰণ বা পদ্ধতিৰ পৰিৱৰ্তন নোহোৱাকৈ অব্যাহত থাকিব।

Avatar

Title:গুৱাহাটী বিশ্ববিদ্যালয়ে ইয়াৰ স্নাতক পৰ্যায়ৰ পৰীক্ষা বাতিল কৰিছে বুলি ভুৱা জাননী ভাইৰেল হৈছে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *