সাধাৰণ মানুহৰ এটা চিৰাচৰিত প্ৰকৃতি হৈছে বিনামূল্যে লাভ কৰা সামগ্ৰী বা সেৱাৰ প্ৰতি আগ্ৰহ। যিকোনো লোকেই কোনো দোকান-পোহাৰ, কোনো কোম্পানী আনকি চৰকাৰেও যদি কিবা সামগ্ৰী বা সেয়া কোনো মূল্য ব্যয় নকৰাকৈ লাভ কৰাৰ কোনো খবৰ বিয়পি কৰে, তেনেহ’লে সাধাৰণ লোকে আগ নুগুনি, নুগুনি পাছ, সেই বিষয়টোত জপিয়াই পৰে।

অতি শেহতীয়াকৈ আপোনালোকে হয়তো মন কৰিছে যে অসমৰ হোৱাটছএপত এটা বিশেষ লিংক ভাইৰেল হৈছে। তাত কোৱা হৈছে যে ভেলেণ্টাইন ডে’ অৰ্থাত প্ৰেমৰ দিন উপলক্ষে বিখ্যাত চকলেট কোম্পানী কেডবেৰীয়ে প্ৰথম ১০০০জন গ্ৰাহকক এটি বিশেষ অফাৰ প্ৰদান কৰিব।

Archived Link

ইয়াৰ পূৰ্বেও এইদৰে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কিছুমান বিশেষ কোম্পানীৰ নামত লিংক কিছুমান বিয়পি পৰে। মূৰকত গৈ সেই লিংকৰ পৰা কোনো গ্ৰাহকে একো লাভ নকৰে। বৰং কিছুমান এপৰ সৈতে সংযুক্ত হোৱাৰ বাট হে সেই লিংকে মুকলি কৰি দিয়ে।

কেডবেৰী কোম্পানীৰ নামত এই লিংকটো ভাইৰেল হৈ আমালৈয়ো আহিল। প্ৰতিবাৰৰ দৰে এইবাৰো আমি ইয়াৰ সত্যাসত্য নিৰূপণৰ ব্যৱস্থা কৰিলোঁ। প্ৰথমে আমি সেই লিংকটো ক্লিক কৰি চালোঁ। কিন্তু বহুবাৰ ক্লিক কৰাৰ পাছতো তাত 404 Not found বুলি এটা প্ৰম্প্ট আহিল।

ইয়াৰ পাছত আমি কেডবেৰী কোম্পানীৰ ৱেবচাইটটো পৰীক্ষা কৰিলোঁ। তাত আমি তেনেকুৱা ধৰণৰ কোনো অফাৰৰ উল্লেখ কৰা নেদেখিলোঁ। তাৰ পাছত পৰ্যায়ক্ৰমে কেডবেৰীৰ ফেচবুক পেজ, ইনষ্টাগ্ৰাম হেণ্ডেল আৰু এক্স(পূৰ্বৰ টুইটাৰ) হেণ্ডেল পৰীক্ষা কৰিলোঁ। অনুৰূপভাৱে সৱতে আমি ভেলেণ্টাইন ডে’ উপলক্ষে কোম্পানীটোৱে ১০০০ জন গ্ৰাহকৰ বাবে কোনো ধৰণ গিভ এৱেই(Give away) অৰ্থাত উপহাৰ দিয়াৰ ব্যৱস্থা থকাৰ উমান নাপালোঁ।

ইয়াৰ পৰায়ে প্ৰতিবাৰৰ দৰে এইবাৰো প্ৰমান হ’ল যে এইদৰে ভাইৰেল হোৱা লিংকবোৰৰ কোনো ভিত্তি নাথাকে। সৰহ সময়ত কিছুমান বিশেষ এপৰ প্ৰচাৰৰ বাবে এইদৰে প্ৰতিস্থিত কোম্পানীৰ নামত উপহাৰ বা অভাৰৰ লিংক কিছুমান সৃষ্টি কৰি ভাইৰেল কৰা হয় আৰু বহু সময়ত কোনো ধৰণৰ ভিত্তি নথকা লিংক কিছুমান অজ্ঞাত কাৰণত ভাইৰেল হয়।

যেতিয়াই এইধৰণৰ কোনো লিংক ভাইৰেল হৈছে, তেতিয়াই আমি তাৰ সত্যতা নিৰূপণ কৰিছোঁ আৰু আপোনালোকক প্ৰকৃত সত্যৰ সৈতে পৰিচয় কৰোৱাই দিছোঁ। উদাহৰণ স্বৰূপে-

ফ্লিপকাৰ্টে সঁচাকৈ বিগ বিলিয়ন ডে উপলক্ষে বিনামূলীয়া পুৰস্কাৰ দিছে নেকি?

এমাজনে সঁচাকৈ বিনামূলীয়া উপহাৰ দিছে নেকি?

এয়াৰ ইণ্ডিয়াই দুজন যাত্ৰীৰ বাবে গ্ৰীষ্মকালীন বিনামূলীয়া বিমান সেৱা দিছে নেকি সঁচাকৈ?

সঁচাকৈয়ে প্ৰধানমন্ত্ৰীয়ে ২৩৯ টকাৰ বিনামূলীয়া ৰিছাৰ্জ দিছে নেকি?

আদি লেখা পঢ়িলে আপোনালোকে এইধৰণৰ ভাইৰেল লিংকৰ সত্যাসত্যৰ উমান পাব আৰু এই সম্পৰ্কে কিছু সম্যক জ্ঞান লাভ কৰিব পাৰিব।

ইয়াৰ অৰ্থ হৈছে যদি কোনো কোম্পানীয়ে তেওঁলোকৰ গ্ৰাহকলৈ কোনো বিশেষ সুবিধা প্ৰদান কৰে, তেনেহ’লে তেওঁলোকে তাৰ বিধিসন্মত বিজ্ঞাপনৰ ব্যৱস্থা কৰিব। বিজ্ঞাপন প্ৰচাৰৰ ভিন্ন মাধ্যম, যেনে টিভি, ৰেডিঅ’, বাতৰি কাকত, ছোচিয়েল মিডিয়াৰ বিভিন্ন ভিডিঅ’ত ব্যৱহৃত বিজ্ঞাপন আদিৰে সেই কথা কোম্পানীটোৱে প্ৰচাৰ কৰিব। তদুপৰি সেই বিশেষ সুবিধাৰ কথা তেওঁলোকৰ অফিচিয়েল ৱেবচেইট তথা ভেৰিফাইড ছোচিয়েল মিডিয়া হেণ্ডেলত উপলব্ধ হ’ব।

পাঠক সকলোলৈ অনুৰোধ

উৰাবাতৰিত বিশ্বাস নকৰিব। পৰীক্ষা নকৰা তথ্য শ্বেয়াৰ বা প্ৰচাৰ নকৰিব, আৰু যিকোনো বাতৰি বা দাবীক সত্য বুলি গ্ৰহণ কৰাৰ আগতে সদায় ইয়াৰ সত্যতা পৰীক্ষা কৰিব। সঠিক আৰু পৰীক্ষিত তথ্যহে প্ৰকাশ আৰু প্ৰচাৰ কৰিব।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভেলেণ্টাইন ডে’ উপলক্ষে কেডবেৰী চকলেট কোম্পানীয়ে দিয়া অফাৰৰ সত্যতা কিমান? জানো আহক।

Written By: Pranjal Sharma

Result: Insight