শেহতীয়াকৈ অসমৰ এক ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সূৰ্যৰ প্ৰকোপত পৃথিবী ধ্বংস হৈ যাব। তেওঁলোকে কৈছে যে বিজ্ঞানীসকলে পৃথিবী ধ্বংস হোৱাৰ সঠিক সময় নিৰ্ধাৰণ কৰি উলিয়াইছে। ৫বিলিয়ন বছৰ পাছত সূৰ্য বিষ্ফোৰণ ঘটি পৃথিৱী ধ্বংস কৰি পেলাব বুলি বিজ্ঞানী সকলো জানিব পৰা বুলি এই ভিডিঅ’টোত কোৱা হৈছে। কেপছনত লিখিছে- সাৱধান পৃথিৱীবাসী !! সূৰ্য্য বিস্ফোৰিত হৈ শেষ হৈ যাব পৃথিৱী বিজ্ঞানীয়ে প্ৰকাশ কৰিলে ধ্বংসৰ সময়

Facebook Link । Archived Link

কিন্তু প্ৰকৃততে সত্যটো নো কি? জানো আহক

এই বিষয়টোৰ অনুসন্ধানৰ আৰম্ভনীতে আমি সেই বিষয়ৰ প্ৰাসংগিক কী-ৱৰ্ড লৈ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি একাধিক ইউটিউৱ ভিডিঅ’ৰ লিংক পালোঁ য’ত ২০২৫চনত এক বিশেষ মহাজাগতিক পৰিঘটনাৰে সূৰ্যৰ বিষ্ফোৰণৰ কথা বহলাই বুজাই দিয়া হৈছে। ভিডিঅ’ত কোৱা হৈছে ১৮৫৯চনৰ ১ চেপ্তেম্বৰৰ ৰাতিপুৱা ১১বাজি ১৮ মিনিটত এক বিশেষ পৰিঘটনা সংঘটিত হৈছিল। ব্ৰিটিছ মহাকাশ বিজ্ঞানী ৰিছাৰ্ড কেৰিংটনে নিজৰ টেলিস্কোপেৰে সূৰ্য়ৰ গতিবিধি পৰ্যবেজ্ঞন কৰি আছিল।তেতিয়াই তেওঁ এক মাত্ৰাধিক সৌৰৰশ্মি বিকিৰণ দেখা পাইছিল। কিছু সময়ৰ বাবে তেওঁ চকুৰে নেদেখা হৈ গৈছিল। সেই সময়ত তেওঁ সেয়া কোনো সাধাৰণ ঘটনা বুলি আওহেলা কৰিছিল। কিন্তু সেয়া আছিল সূৰ্যৰ পৰা নিগৰিত এক ভয়ংকৰ ৰশ্মি বিকিৰণ। সেই ৰশ্মিয়ে পৃথিৱীৰ চৌপাশে থকা চুম্বকীয় আৱৰণত স্পৰ্শ কৰি ২ চেপ্তেম্বৰ অৰ্থাত পাছদিনা সমগ্ৰ বিশ্বকে চুইছিল। সেই ৰশ্মিৰ শক্তি ইমান বেছি আছিল সেই সময়ত পৃথিৱীত থকা বিদ্যুতৰ ট্ৰান্সফৰ্মাৰবোৰত জুই লাগি গৈছিল। টেলিগ্ৰাফ ব্যৱস্থা তথা বৈদ্যুতিক সাধন সমুহ বিকল হৈ পৰিছিল। মানুহৰ শৰীৰত বৈদ্যুতিক শ্বক লাগি বহু মানহৰ মৃত্যু ঘটিছিল। সমগ্ৰ পৃথিৱী অন্ধকাৰত ডুবি গৈছিল।

১৮০০ শতিকাত বিদ্যুতৰ আৱিস্কাৰ হৈছিল হে মাথোঁ। সেই সময়ত পৃথিৱীত বৈদ্যুতিক সামগ্ৰী তথা বৈদ্যুতিক ব্যৱস্থাৰ বিশেষ প্ৰসাৰ হোৱা নাছিল। সেইবাবে ধ্বংসৰ পৰিমান কিছু নিয়ন্ত্ৰনত আছিল। কিন্তু বৰ্তমান ৮৭শতাংশ পৃথিৱী বৈদ্যুতিক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। আৰু বৰ্তমান যদি তেনেকুৱা এক বিকিৰণ বা বিষ্ফোৰণ ঘটে, তেনেহ’লে ক্ষতিৰ পৰিমান বেহিচাপ হোৱাৰ সম্ভাৱনা আছে। কাৰণ সূৰ্যৰ গতিবিধি পৰ্যবেক্ষণৰ বাবে নিয়োজিত এডভান্সড কম্পোজিছন এক্সপ্লোৰাৰ নামৰ কৃত্ৰিম উপগ্ৰহটোৱে সেই তথ্য পৃথিৱীলৈ প্ৰেৰণ কৰাৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে মাত্ৰ ত্ৰিছ মিনিট সময় হে লাভ কৰিব পৃথিৱীবাসীয়ে। কিন্তু এই ভিডিঅ’ত ইয়াকো কোৱা হৈছে যে এই বিষ্ফোৰণৰ ফলত জন্মলাভ কৰা কাৰ্বনডাই অক্সাইডে গছ বিৰিখ সালোক সংশ্লেষণত সহায় কৰি জীৱৰ নৱ-উন্মেষো ঘটাব পাৰে। ইয়াৰ দ্বাৰা পৃথিৱীৰ ক্ৰমবিকাশৰ এক নব্য ধাৰাৰ আৰম্ভনীও হ’ব পাৰে। অৰ্থাত ই হয়তো অভিশাপৰ ৰূপত এক আশীৰ্বাদো হ’ব পাৰে।

অনুৰূপ ধৰণৰ বৰ্ণনাৰে এই অবিৰল মহাজাগতিক পৰিঘটনাৰ সবিশেষ আন এটা ইউটিউৱ ভিডিঅ’ত।

Archived Link

Archived Link

ইয়াৰ পাছত আমি ৫ বিলিয়ন বৰ্ষৰ অন্তত পৃথিৱী সূৰ্যৰ প্ৰকোপত ধ্বংস হৈ যাব নেকি, সেই কথা সন্দৰ্ভত আৰু অধিক অনুসন্ধান কৰিলোঁ। তেতিয়া আমি আন কিছুমান লেখা লাভ কৰিলোঁ। The Sun Will Destroy Earth In Five Billion Years শীৰ্ষক এক বিশেষ লেখাত একোটা নক্ষত্ৰ বা বৃহত তৰাই তাৰ চৌপাশে নিৰ্দিষ্ট কক্ষপথত বাৰ্ষিক গতিত পৰিভ্ৰমণ কৰি থকা গ্ৰহ একোটাক কিদৰে নিজৰ মাজত সমাহিত কৰি লয়, সেই সম্পৰ্কে লিখা হৈছে। উল্লেখ কৰা হৈছে যে হয়তো পৃথিৱীৰো ভৱিতব্য তেনেকুৱা হ’ব পাৰে প্ৰায় ৫ বিলিয়ন বৰ্ষৰ অন্তত। কিন্তু এই সম্পৰ্কে কোনো নিশ্চিত তথ্য বিজ্ঞানীৰ উদ্ধৃতিৰে সেই লেখাত দিয়া হোৱা নাই।

আনহাতে আমি লাভ কৰা New Clues for What Will Happen When the Sun Eats the Earth শীৰ্ষক আন এক বিজ্ঞানভিত্তিক প্ৰৱন্ধত কোৱা হৈছে যে হয়তো ৫ বিলিয়ন বৰ্ষৰ অন্তত সূৰ্যটো এতিয়াতকৈয়ো বিশাল এক তৰালৈ ৰূপান্তৰিত হৈ পৰিব আৰু মৃত্যুমুখি তৰাই নিজৰ প্ৰান্তীয় গ্ৰহক গিলি পেলোৱাৰ দৰে আমাৰ পৃথিৱীকো গিলি পেলাব পাৰে। কিন্তু সেই সময়ত নিজৰ কক্ষপথৰ পৰা চিটিকি গৈ পৃথিৱীয়ে আন নক্ষত্ৰ বা তৰাৰ কক্ষপথত স্থিতি লৈ ইয়াৰ পৰা ৰক্ষা পৰিবও পাৰে।

হয়তো ৰক্ষা পৰিব পৃথিৱী!

এইক্ষেত্ৰত আন এক সুখৰ খবৰো নথকা নহয়। ইটালীৰ Silvotti of the Observatorio Astronomico di Capodimonte in Naplesৰ এদল আন্তঃৰাষ্ট্ৰীৰ মহাকাশ বিশেষজ্ঞ গৱেষকৰ নেতৃত্ব বাহক Roberto Silvotti এইক্ষেত্ৰত গৱেষণাৰ অন্তত জানিবলৈ দিছে যে ৫ বিলিয়ন বৰ্ষৰ অন্তত হ’ব বুলি আশংকা কৰা সূৰ্য বিষ্ফোৰণৰ পৰা আমাৰ পৃথিৱীখনে হাত সাৰি যোৱাৰ সম্ভাৱনাও আছে। পেগাছাচ সৌৰমণ্ডলৰ ভি ৩৯১ পেগাছি নামৰ মৃত্যুমুখি কিন্তু সূৰ্য সদৃশ নক্ষত্ৰটোৰ পৰা ১৫০ মিলিয়ন মাইল দূৰত্বত তাৰ কক্ষপথৰে ঘুৰি থকা বৃহস্পতিতকৈ তিনিগুণ ডাঙৰ এক গ্ৰহই পেগাছিৰ বিস্ফোৰণৰ সময়ত প্ৰায় ৯০ মিলিয়ন মাইল দূৰত অৱস্থান কৰিব। সেয়া পৃথিৱী আৰু সূৰ্য মাজৰ দূৰত্বৰ সমান। Roberto Silvottiয়ে গৱেষণা কৰি কৈছে যে এইক্ষেত্ৰত পৃথিৱী ৰক্ষা পৰাৰ সম্ভাৱনায়ে অধিক। তদুপৰি নাছাৰ Ames Research Center in California ৰ মহাকাশ গৱেষক Jonathan Fortneyয়ে কৈছে যে এক ব্যৱস্থাৰে তেওঁলোকে সূৰ্যসদৃশ নক্ষত্ৰৰ বাৰ্ধক্য আৰু সেই নক্ষত্ৰৰ চৌপাশে থকা গ্ৰহৰ পৰিনতি সম্পৰ্কত নতুন তথ্য লাভত সহায় কৰিছে। এইসকল বিশেষজ্ঞ মহাকাশ গৱেষকৰ অধ্যয়নে নতুন আশাৰ সঞ্চাৰ কৰিছে। হয়তো ৰক্ষা কৰিব পৃথিৱী। এই সম্পৰ্কে এক বিস্তাৰিত লেখা নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছে। লেখাটোৰ শিৰোনাম-Scientists’ Good News: Earth May Survive Sun’s Demise in 5 Billion Years

এইধৰণ বিভিন্ন সূত্ৰৰ তথ্যৰ পৰা আমি এক সিদ্ধান্তত উপনিত হৈছোঁ যে সূৰ্য হয়তো এদিন বিষ্ফোৰিত হৈ যাব। সেই সময়ত সূৰ্যই নিজৰ মাজত নিজৰ গ্ৰহসমুহক সমাহিত কৰি ল’বও পাৰে। সেই ঘটনা হয়তো প্ৰায় ৫ বিলিয়ন বৰ্ষ পাছত ঘটিবও পাৰে। সেইধৰণ ঘটনাৰ পৰা পৃথিৱী ৰক্ষা পৰি যোৱাৰ সম্ভাৱনাও আছে। কিন্তু তেনেকুৱা ঘটনা যে ঘটিবয়ে তাৰ কোনো নিশ্চিত তথ্য নাই বা নিশ্চিত দিয়া নাই কোনেও। গতিকে ৫ বিলিয়ন বৰ্ষ পাছত পৃথিৱী সূৰ্যৰ বিষ্ফোৰণত ধ্বংস হৈ যাব বুলি কোৱা কথাটো নিশ্চিত নহয়। ফেচবুক পেজটোৱে ভিডিঅ’টোৰে কৰা দাবীটো একেবাৰে শুদ্ধ নহয়। কিছু পৰিমানে ই বিভ্ৰান্তিকৰ।

তেনেহ’লে কেতিয়া নো ধ্বংস হ’ব পৃথিৱী? সঁচাকৈয়ে হ’ব নেকি ধ্বংস?

এই কথাটোৰ নিশ্চিতি লাভৰ বাবেই আমাৰ দেশৰ তথা সমগ্ৰ বিশ্বৰে মহাকাশ বিজ্ঞানীসকলে অহৰহ গৱেষণা অব্যাহত ৰাখিছে। ওপৰোক্ত আলোচনাৰ পৰা তথা লাভ কৰা তথ্যাৱলীৰ পৰা এটা সিদ্ধান্ত পাব পাৰি যে পাৰাপাৰহীন ৰহস্যৰে ভৰি থকা বিশ্ব ব্ৰহ্মাণ্ডত প্ৰতিদিনেই নতুন নতুন পৰিঘটনা ঘটি আছে। তদপৰি মানৱ সভ্যতাই অধ্যয়ন তথা গৱেষণাৰে জানিব পাৰিছে যে কিছুমান পৰিঘটনা বিৰল আৰু কিছুমান পৰিঘটনা অবিৰল তথা পুনৱাবৃত্তি ঘটে। বিভিন্ন মহাজাগতিক পৰিঘটনাৰ ফলত আমাৰ পৃথিৱীত ক্ৰমবিৱৰ্তনৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰিৱৰ্তন সাধন হৈছে। তদুপৰি আন বহু নক্ষত্ৰ মৰি যোৱাৰ দৰে সূৰ্যৰো এদিন হয়তো অন্ত আহিব। হয়তো এদিন পৃথিৱী ধ্বংস হ’ব অথবা নতুন ৰূপ ল’ব। কিন্তু সেই দিনটোৰ নিশ্চিতি এতিয়াও কোনো মানুহৰে হাতত নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পৃথিৱী ধ্বংসৰ খবৰৰ সত্যতা কি? ৫ বিলিয়ন বৰ্ষৰ অন্তত ধ্বংস হোৱাৰ নিশ্চিতি আছেনে?

Fact Check By: Pranjal Sharma

Result: Insight