ফটোখনত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ সৈতে এয়া কুলৱিন্দৰ কৌৰ নহয়। সেইগৰাকী ৰাজস্থানৰ কংগ্ৰেছ সাংসদ বিদ্যা মাদেৰ্না হে। 

শেহতীয়াভাবে অসমত এখন ফটো বিয়পি পৰিছে । ফটোত দেখা গৈছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ মাজত এগৰাকী মহিলা থিয় হৈ আছে। ফটোখনত হিন্দীতে লিখি দাবী কৰা হৈছে যে সেইগৰাকী হৈছে কুলৱিন্দৰ কৌৰ যিয়ে কংগনা ৰানাৱতক শাৰীৰিক আক্ৰমণ কৰিছিল।  এগৰাকী ব্যৱহাৰকাৰীয়ে সেইখন আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি সেয়া […]

Continue Reading

ৰাহুল গান্ধীয়ে নিজৰ গাড়ীৰ টিভিত নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা চাই থকা নাছিল। ভিডিঅ’টো সম্পাদিত। 

শেহতীয়াভাবে অসমত এটা ভিডিঅ’ বিয়পিছে । ভিডিঅ’টোত দেখা গৈছে যে শেহতীয়া ১৮ সংখ্যক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন নেশ্বনেল ডেমক্ৰেটিক এলায়েঞ্চে চৰকাৰ গঠন কৰিব পৰাকৈ জনাদেশ লাভ কৰি  নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি থকা দৃশ্যটো কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে নিজৰ গাড়ীত সংলগ্ন টিভিত চাই আছে। সেই ভিডিঅ’টো আমাৰ 24/7 ফেক্টলাইন নম্বৰ […]

Continue Reading

কেৰালাৰ ত্ৰিশূৰ সমষ্টিৰ সাংসদ সুৰেশ গোপীয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিব বিচাৰিছে নেকি?

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কেৰেলাৰ ত্ৰিশূৰ সমষ্টিৰ সাংসদ সুৰেশ গোপী সম্পৰ্কে এটা খবৰ ব্যাপকভাৱে ভাইৰেল হৈছে। দাবী কৰা হৈছে যে শপত গ্ৰহণৰ এদিন পাছতে অভিনয়ৰ বাবে মন্ত্ৰীত্ব এৰিব বিচাৰিছে সাংসদ সুৰেশ গোপীয়ে। চিনেমাৰ শ্বুটিঙৰ বাবে তেওঁ মন্ত্ৰীত্বৰ দায়িত্ব এৰিব বিচাৰিছে বুলি দাবী কৰা হৈছে।  ফেচবুকত বহু অসমীয়া নিউজ প’ৰ্টেলে এই খবৰ প্ৰকাশ কৰিছে। Facebook Link | […]

Continue Reading

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত এইদৰে কন্দা নাছিল বিজেপি নেত্ৰী নৱনীত ৰানাই।

শেহতীয়াভাবে অসমত এটা ভিডিঅ’ বিয়পিছে । ভিডিঅ’টোত দেখা গৈছে যে শেহতীয়া ১৮ সংখ্যক লোকসভা নিৰ্বাচনত অমৰাৱতী সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ হৈ প্ৰতিদ্বন্দ্বীতা কৰি পৰাজয় বৰণ কৰা প্ৰাৰ্থী নৱনীত ৰাণাই হাস্পতালৰ বিচনা এখনত বহি কান্দি আছে আৰু তেওঁক তেওঁৰ স্বামীয়ে সান্তনা প্ৰদান কৰিছে। ভিডিঅ’টো ফেচবুকত পোষ্ট কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে- ইলেকচনত হাৰি কান্দি তত পোৱা […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন তেওঁৰ খুৰাক বুলি কৈছিল নেকি?

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা ভিডিঅ’ ক্লিপ ভাইৰেল হৈছে এই দাবীৰে যে গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন প্ৰধানমন্ত্ৰী মোডীৰ খুৰাক আছিল বুলি তেওঁ কৈছিল। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা হৈছিল সত্যতা নিৰূপণৰ বাবে। Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading

২০২৪ চনৰ ৪ জুনৰ পাছত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি ৰাহুল গান্ধীয়ে কোৱা নাছিল। ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা যায়,”২০২৪ ৰ ৪ জুনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব” (२०२४, ४ जून, नरेंद्र मोदी हिंदुस्तान के प्रधानमंत्री रहेंगे)। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ইমান সচা কথা কোৱা মানুহ এই পৃথিৱীত দ্বিতীয় এজন নাই ।” Facebook Link | Archived […]

Continue Reading

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত হোৱা ভোটগ্ৰহণৰ অনিয়মৰ ঘটনা শেহতীয়া সাধাৰণ নিৰ্বাচনৰ বুলি ভাইৰেল।

শেহতীয়াকৈ এটা পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দাবীৰে যে অসমৰ ডিমা হাছাও জিলাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত মাত্ৰ ৯০ জন ভোটাৰ আছিল, কিন্তু ইভিএমত ১৭১ টা ভোট পোৱা গৈছে। নিৰ্বাচন আয়োগৰ পাঁচজন বিষয়াকো নিলম্বন কৰা হৈছে।  এই সম্পৰ্কে কৰা এটা টুইটৰ স্ক্ৰীণশ্বট আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল আৰু ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে সঁচাকৈয়ে […]

Continue Reading

মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ দলটো মৰি গৈছে, শেষ হৈ গৈছে বুলি সঁচাকৈ কৈছিল নেকি? সত্যতা জনক। 

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ এটা মন্তব্য আপলোড কৰি প্ৰচাৰ কৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে মাল্লিকাৰ্জুন খাৰ্গেই কৈছে যে “কংগ্ৰেছ পাৰ্টী শেষ হৈ গ’ল, কংগ্ৰেছ পাৰ্টী মৰি গ’ল,কংগ্ৰেছক এতিয়া আৰু কোনেও বচাব নোৱাৰে।” সেই ভিডিঅ’টো আপলোড কৰি ব্যৱহাৰকৰ্তাই কেপছন লিখিছে- এইটো আকৌ কি কলে Facebook Link । Archived […]

Continue Reading

ৰাহুল গান্ধীয়ে ৱায়ানাডৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰা নাই। দাবীটো ভুৱা।

ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি খবৰ নিশ্চিত হোৱাৰ পাছৰেপৰা ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীক কটাক্ষ কৰি বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বৰ্তমান পৰিৱেশ টোৱে ৰাজনীতিৰ হয়। গতিকে যিফালে চাওঁ ৰাজনীতিৰে কথা। কালি দেখিলো আমেঠীত স্মৃতি ইৰাণীৰ লগত প্ৰতিযোগিতা কৰি ২০১৯ পৰাস্ত হোৱা ৰাহুল গান্ধীয়ে […]

Continue Reading

মক প’ল ভিডিঅ’ প্ৰকৃত ভোটগ্ৰহণৰ ভিডিঅ’ বুলি ভাইৰেল।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ৰ অন্ত পৰিল। ১৯ এপ্ৰিলৰ পৰা প্ৰথম পৰ্যায় আৰম্ভ হৈছিল, তাৰ পিছত ২৬ এপ্ৰিলৰ পৰা দ্বিতীয় পৰ্যায়। তৃতীয় পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন ৭ মে’ত অনুষ্ঠিত হ’ব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচন সম্পৰ্কীয় বহুতো ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে। ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত […]

Continue Reading