২০২২ চনৰ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বিচনাৰ ফটোকে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ শোৱাপাটি বুলি ভাইৰেল কৰা হৈছে। 

শেহতীয়াভাবে চাকৰিৰ সংৰক্ষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ পাছত সোমবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশ এৰি পলায়ন কৰে। দেওবাৰে সমগ্ৰ দেশতে সংঘটিত হোৱা সংঘৰ্ষত প্ৰায় ১০০ জন লোকৰ মৃত্যু হোৱাৰ পাছত সোমবাৰে ছাত্ৰ কৰ্মীসকলে ৰাজধানী ঢাকালৈ পদযাত্ৰাৰ আহ্বান জনাইছিল। আনকি বিক্ষোভকাৰীয়ে ৰাষ্ট্ৰপতিৰ বাসগৃহতো লুটপাত কৰে। ছ’চিয়েল মিডিয়াত ঢাকাৰ বৰ্তমানৰ অনিশ্চিত পৰিস্থিতি দেখুওৱা বুলি কিছুমান ফটো […]

Continue Reading

বাংলাদেশৰ ক্ৰিকেট দলৰ খেলুৱৈ লিটন দাসৰ ঘৰ প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ এটা বিশেষ পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। পোষ্টটোত সংলগ্ন ক’লাজখনৰ এখন ফটোত দেখা গৈছে জুইত জ্বলি থকা এটা ঘৰৰ কাষত একাংশ লোক থিয় হৈ আছে আৰু আনখন ফটোত বাংলাদেশৰ ক্ৰিকেট খেলুৱৈ লিটন দাসক দেখা গৈছে। দাবী কৰা হৈছে যে বাংলাদেশৰ ক্ৰিকেট দলৰ খেলুৱৈ লিটন দাসৰ ঘৰ এইটো আৰু প্ৰতিবাদকাৰীয়ে তেওঁৰ […]

Continue Reading

মিছা খবৰ এয়া। ইংলেণ্ডৰ ছাউথপোৰ্টত শৰণাৰ্থী জিহাদী মুছলমানে দুটি ইংৰাজ খৃষ্টীয়ান শিশুক চোকা অস্ত্ৰৰে কাটি হত্যা কৰা নাই। 

শেহতীয়াভাবে ইংলণ্ডত সংঘটিত হোৱা এটা হত্যাৰ ঘটনাক লৈ সমগ্ৰ বিশ্বতেই বিভিন্ন সঁচা-মিছা বাতৰি বিয়পি পৰিছে। আনকি সেই ঘটনাটোৰ সৈতে সাম্প্ৰদায়িক দিশ এটা জৰিত কৰিও বিভিন্ন বাৰ্তা প্ৰচাৰ হৈছে। আনকি অসমতো এটা বাৰ্তা বিয়পি পৰিছে যে ইংলণ্ডৰ চাউথপোৰ্টত শৰনাৰ্থী মুছলমানে দুটি শিশুক চোকা অস্ত্ৰেৰে কাটি হত্যা কৰিছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি সেই […]

Continue Reading

চীন দেশৰ গৌৱাংগঙৰ বানপানীৰ দৃশ্য অসমৰ ডিব্ৰুগড়ৰ বুলি ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে কোনো এটা ঘৰৰ সমুখভাগত থকা এখন তোৰণ ক্ৰমাগতভাৱে বানপানীৰ কবলত পৰি ডুবি গৈছে। এই টাইমলেপছ ভিডিঅ’টো অসমৰ ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনৰ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে। আনকি আমাৰ ফেক্টলাইন নম্বৰ 9049053770 লৈয়ো একেধৰণে ভিডিঅ’টো প্ৰেৰণ কৰি সেয়া ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনৰ  দৃশ্য নেকি জানিব […]

Continue Reading

পাকিস্তানৰ শিক্ষানুষ্ঠানৰ পুৰণি ভিডিঅ’কো অসমৰ ধুবুৰীৰ মাদ্ৰাছাত শিশু নিৰ্যাতন বুলি ভাইৰেল কৰা হৈছে। 

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এটি শিশুক ভৰিত বান্ধি ওলোটাকৈ ওলোমাই দিয়া হৈছে। শিশুটিয়ে চিঞৰি আছে। দাবী কৰা হৈছে যে সেইটো অসমৰ ধুবুৰীৰ কোনো এখন মাদ্ৰাছাৰ দৃশ্য। ধুবুৰীৰ মাদ্ৰাছাত তেনেকৈ শিশুক ওলোমাই কোৰাণৰ শিক্ষা দিয়া হয় নেকি বুলি প্ৰশ্ন উত্থাপনেৰে সেই ভিডিঅ’টো অসমৰ বিভিন্নজন লোকৰ হোৱাটছএপত ভাইৰেল হৈ […]

Continue Reading

২০২৩ চনৰ জানুৱাৰীত পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা দুৰ্ঘটনাৰ ভিডিঅ’কে ত্ৰিভুৱন বিমান বন্দৰৰ শেহতীয়া দুৰ্ঘটনাৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এক বিমান দুৰ্ঘটনাৰ ৭ চেকেণ্ডৰ ভিডিঅ’টো অতি শেহতীয়াকৈ যোৱা ২৪ জুলাই ২০২৪ত নেপালৰ ত্ৰিভূৱন বিমান বন্দৰত হোৱা দুৰ্ঘটনাৰ ভিডিঅ’ বুলি দাবী কৰি হোৱাটছএপৰ জৰিয়তে অসমত বিয়পাই দিয়া হৈছে। বিভিন্নজনে সেই ভিডিঅ’টো হোৱাটছযোগে ইজনৰ পৰা সিজনলৈ প্ৰেৰণ কৰিছে। আমালৈয়ো তেনেকৈ সেই ভিডিঅ’টো আহি পৰিছে।  তদুপৰি আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈয়ো […]

Continue Reading

নাহৰফুটুকী বাঘৰ দৰে মাছ উদ্ধাৰ হোৱা নাই ক’তো। সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। অৰ্থাত ই AI Generated. 

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ ওদালগুৰি জিলাত যোৱা ৭ জুলাইত ৰমেশ বড়ো নামৰ লোক এজনে এটা আচৰিত ধৰণৰ মাছ উদ্ধাৰ কৰা বুলি দাবীৰে ভাইৰেল হোৱা ৭ চেকেণ্ডৰ ভিডিঅ’টোত দেখা গৈছে যে এজন লোকে পথাৰৰ মাজত এটা পাত্ৰত বিশেষ মাছ এটা লৈ আছে। মাছটোৰ গোটেই গাটো নাহৰফুটুকী বাঘৰ দৰে বৰণৰ আৰু মুখখনো […]

Continue Reading

এই ফটোখনত থকা ব্যক্তিজন সম্ৰাট আকবৰ নহয়।

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ (৯০৪৯০৫৩৭৭০) এখন বিশেষ ফটো ফ’ৰৱাৰ্ড কৰা হৈছিল। ফটোখনত দুজন ব্যক্তিৰ ফটো আছিল। সেই দুজনৰ এজন আছিল বলীউডৰ অভিনেতা হৃত্ত্বিক ৰোশন আৰু হৃত্ত্বিক ৰোশনৰ ফটোখনৰ ওপৰত “Reel” বুলি লিখা আছিল। ফটোত থকা আনজন ব্যক্তিৰ ওপৰত “Real” বুলি লিখা আছিল। ফটোখন ফ’ৰৱাৰ্ড কৰি ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে বাওঁফালে থকা এই ব্যক্তিজন প্ৰকৃত মোগল […]

Continue Reading

সামুদ্ৰিক গৰুৰ দৰে প্ৰাণী উদ্ধাৰ হোৱা নাই ক’তো। সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। অৰ্থাত ই AI Generated. 

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এক সমুদ্ৰতীৰত এটা অদ্ভুত জীৱ, যাৰ মুৰটো এটা গৰুৰ আৰু দেহৰ বাকী অংশ এক জলচৰ প্ৰানীৰ। সেই ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশ ব্যৱহাৰকাৰীয়ে ঈশ্বৰৰ নামত ভিডিঅ’টো শ্বেয়াৰ কৰাৰ আহ্বান কৰিছে। সাগৰত এই জীৱবিধ উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছে ভিডিঅ’টোত। Facebook Link । […]

Continue Reading

ৰাজপথৰ মাজত প্ৰকাণ্ড গাঁত থকা এই ফটোখন গুজৰাটৰ নহয়।

বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত হোৱা বৰষুণৰ পৰিপ্ৰেক্ষিতত বাট-পথৰ শোচনীয় অৱস্থাৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। তেনে এখন ভাইৰেল ফটোত গাঁতেৰে ভৰা পথত দেখা গৈছে একাংশ শিশু-মহিলাক। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এটা জৰাজীৰ্ণ পথৰ এই ভাইৰেল ছবিখন গুজৰাটৰ। একেখন ফটো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা হৈছিল সত্যতা নিৰূপণৰ বাবে। […]

Continue Reading