মণিপুৰৰ বৰ্বৰ নাৰী নিৰ্যাতনৰ মূল অভিযুক্তৰ নাম আব্দুল হালিম হয়নে? সত্যটো কি?    

শেহতীয়াভাৱে মণিপুৰত সংঘটিত জঘন্য, বৰ্ৰব নাৰী নিৰ্যাতনৰ ঘটনাৰ পাছত সমগ্ৰ দেশতে ইয়াক লৈ ধিক্কাৰ ধ্বনি শুনা গৈছে। সৰ্বত্ৰ কেৱল দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন হৈছে। তেনে পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ তথ্য ভুলে শুদ্ধই বিয়পাই দিয়া দেখা গৈছে। একেবাৰে শেহতীয়াভাৱে ঘটনাটোৰ মূল দোষীজনক আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পাছত দোষীৰ নাম আৰু ধৰ্মক লৈয়ো বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ […]

Continue Reading

শাৰী,মংগলসূত্ৰ পিন্ধা এইসকল মহিলা চন্দ্ৰযান-৩ৰ বিজ্ঞানী হয়নে? সত্যটো কি?

শেহতীয়াকৈ ইছৰ’ই চন্দ্ৰযান-৩ উৎক্ষেপণ কৰিলে। ইয়াৰ বাবেই সমগ্ৰ দেশত এক সুখৰ পৰিবেশ বিৰাজ কৰিছে। এই বিষয়ে বহু ভিডিঅ’ আৰু ছবি ইণ্টাৰনেটত ভাইৰেল হৈ আছে। এনে পৰিপ্ৰেক্ষিতত এটা পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। পোষ্টটোত এখন ছবি সংলগ্ন কৰা হৈছে। সেই ছবিখনত কেইগৰাকীমান মহিলা আৰু পুৰুষে উদযাপন কৰা দেখা গৈছে। এই ছবিখন শ্বেয়াৰ কৰি […]

Continue Reading

অষ্ট্ৰেলীয়াৰ সাগৰ তীৰত চন্দ্ৰযান-৩ৰ খহি পৰা অংশ উদ্ধাৰ হৈছে নেকি? সত্যটো কি?    

শেহতীয়াভাৱে চন্দ্ৰযান-৩এ উৎক্ষেপনৰ পৰায়ে বাতৰিৰ শিৰোনাম দখল কৰিছে। এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। ফটোখনত এটা ডাঙৰ তামৰঙী চিলিণ্ডাৰৰ দেখা গৈছে, যিটো অষ্ট্ৰেলিয়াৰ সাগৰ তীৰত উদ্ধাৰ হৈছে। এই ফটোখন শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে, “এইখন জুলাই মাহত ভাৰতে উৎক্ষেপণ কৰা চন্দ্ৰযান-৩ অভিযানৰ মহাকাশযানৰ এটা খণ্ড।” অসমৰ একাধিক ফেচবুক পেজৰ পৰা এই […]

Continue Reading

মণিপুৰত বিজেপি সমৰ্থকে ৩০০ বছৰ পুৰণি গীৰ্জা জ্বলাই দিছে নেকি? সত্যটো কি?

শেহতীয়াভাৱে মণিপুৰত কুকি আৰু মেইটেইৰ মাজত চলি থকা সংঘাতৰ সাক্ষী হৈছে সমগ্ৰ দেশ তথা বিশ্ব। এই সংঘাতত এতিয়ালৈকে ১৫০ জনতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে। এই প্ৰেক্ষাপটত এটা বৃহৎ অগ্নিকাণ্ডত জ্বলি থকা গীৰ্জাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু এই ঘটনা মণিপুৰত সংঘটিত হোৱা বুলি দাবী কৰা হৈছে৷ দাবীটোত এইটোও কোৱা হৈছে যে প্ৰতিবাদৰ […]

Continue Reading

পাকিস্তানত এগৰাকী পিতৃয়ে নিজ কন্যাক চতুৰ্থ পত্নীৰূপে গ্ৰহণ কৰিলে নেকি?

পাকিস্তানত এগৰাকী ছোৱালীয়ে নিজ পিতৃক বিয়া কৰাইছিল বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। ভিডিঅ’টোত মহিলাগৰাকীয়ে কোৱা দেখা গৈছে যে, “ৰবিয়া নামটো চতুৰ্থ কন্যাৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু দ্বিতীয় কন্যা হোৱাৰ বাবে তাই চতুৰ্থ পত্নী হোৱাৰ কথা ভাবিছিল”, যিটো ছ’চিয়েল মিডিয়াত একাংশ লোকে বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰিছিল , ‘পিতৃৰ সৈতে কন্যাৰ বিবাহ’ […]

Continue Reading

হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা ফেচবুক পোষ্ট ভাইৰেল। ২০২৪ নিৰ্বাচনত জয়ী কৰাবনে সুধিছে বুলি দাবী।

অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই নিজৰ কামকাজসমুহ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজক জনাই আহিছে। কেৱল কামকাজেই নহয়, বিভিন্ন নতুন আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন নিৰ্দেশ তথা ঘোষণাও তেখেতৰ ফেচবুক, টুইটাৰ আদি একাউণ্টৰ জৰিয়তে ৰাইজক অৱগত কৰি আহিছে। মুখ্যমন্ত্ৰীগৰাকীৰ ছ’চিয়েল মিডিয়া পৰিচালনা কৰাৰ বাবে এটা নিৰ্দিষ্ট কৰ্মীৰ দলো নিয়োজিত হৈ আছে। তেওঁলোকে মুখ্যমন্ত্ৰীৰ প্ৰতিটো গতিবিধি, প্ৰতিটো […]

Continue Reading

ফিলিপাইনছৰ এটা ডাকঘৰৰ পুৰণি ভিডিঅ’ ফ্ৰান্সৰ আলকাজাৰ লাইব্ৰেৰী বুলি ভাইৰেল কৰা হৈছে।

২০২৩ চনৰ ২৭ জুনত ফ্ৰান্সত নাহেল মেৰজুক নামৰ যুৱকক এগৰাকী আৰক্ষী বিষয়াই হত্যা কৰাৰ পাছত ধাৰাবাহিকভাৱে নাগৰিকৰ দ্বাৰা অশান্তিকৰ পৰিবেশ আৰম্ভ হয়। নান্টেৰেত ২৭ জুনত আৰক্ষী মুখ্য কাৰ্যালয়ৰ বাহিৰত স্থানীয় একাংশ বাসিন্দাই প্ৰতিবাদ আৰম্ভ কৰে আৰু যিটো প্ৰতিবাদ পাছলৈ সংঘৰ্ষলৈ ৰূপান্তৰিত হয়। বিক্ষোভকাৰীসকলে গাড়ী জ্বলাই দিয়ে, বাছ ষ্টপ ধ্বংস কৰে আৰু আৰক্ষীক লক্ষ্য কৰি আতচবাজী […]

Continue Reading

এটা ২৫০ টকীয়া যন্ত্ৰই বিদ্যুতৰ বিল আধাতকৈয়ো কম কৰি দিব পাৰে নেকি? সঁচানে?

  অসমত স্মাৰ্ট মিটাৰৰ প্ৰচলন আৰম্ভ হোৱাৰ পাছৰে পৰা অধিক হাৰৰ বিজুলী মাচুলে সাধাৰণ জনতাক আহুকালত পেলোৱা দেখা গৈছে। তাকে লৈ চ’ছিয়েল মিডিয়াতো বহুতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে সংবাদ মাধ্যমতো এই সম্পৰ্কত বিভিন্ন বাতৰি দেখা গৈছে।  তেনেকুৱা সময়তে ASSAMPRIME24 নামৰ এটা ৱেবচাইটত প্ৰকাশিত এক প্ৰতিবেদনে একাংশ লোকৰ দৃষ্টি আকৰ্শন কৰিছে। তেওঁলোকে প্ৰকাশ কৰা প্ৰতিবেদন মতে […]

Continue Reading

জে.পি. নাড্ডাই প্ৰধানমন্ত্ৰী মোদীক নীচ,সাপ,বৃশ্চিক,নিৰক্ষৰ,চাহ বেপাৰী বুলি কৈছে নেকি? সত্যটো কি?

শেহতীয়াভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডাৰ ভাষণৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰা দেখা গৈছে। তাত আপুনি দেখিব যে নাড্ডাই কৈছে -”মোদী তুমি নীচ, মোদী তুমি সাপ, মোদী তুমি বৃশ্চিক, মোদী তুমি অশিক্ষিত, মোদী তুমি চাহ বেপাৰী”। দাবী কৰা হৈছে যে প্ৰধানমন্ত্ৰী মোদীক লৈ এই সকলোবোৰ কৈছে স্বয়ং সভাপতি জে.পি.নাড্ডাই। টুইটাৰত ভাইৰেল হোৱা ভিডিঅ’টোৰ লগত গিৰিশ […]

Continue Reading

প্ৰধানমন্ত্ৰী মোদীক শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত দৰ্শকে অশ্লীল ভাষাৰে গালি-গালাজ কৰিছিল নেকি? সত্যটো কি?

শেহতীয়াভাৱে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঞ্চত কেইবাজনো লোকৰ সৈতে হাত মিলাই থকা এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত সেই অনুস্থানত উপস্থিত থকা একাংশ লোকে মোদীৰ প্ৰতি লক্ষ্য কৰি গালি-গালাজ কৰিছিল বুলি দাবী কৰি এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত মোদীয়ে মঞ্চত থিয় হৈ থকা দেখা গৈছে আৰু তাত […]

Continue Reading