ইজৰাইলৰ গেডেৰাৰ এখন ধ্বংসপ্ৰাপ্ত বিদ্যালয়ৰ ফটো ইজৰাইলৰে নেৱাটিম বিমানঘাটিৰ বুলি দাবী কৰি ফেচবুকত প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ইজৰাইলৰ নেৱাটিম বিমানঘাটিত হোৱা বিমান আক্ৰমণৰ পাছৰ ফটো। পোষ্টটোত সেই ফটোখন নেৱাটিম বিমানঘাটি বুলি দাবী কৰি লিখিছে- ইৰাণৰ ভয়াবহ মিছাইল আক্ৰমণত ইজৰাইলৰ নেৱাতিম বিমানবন্দৰ সম্পূৰ্ণৰূপে ধ্বংস। যুদ্ধৰ বাবে সাজু কৰি ৰখা পাঁচখন অত্যাধুনিক এফ – ৩৫ বিমান জ্বলি ছাই হোৱা খবৰ। […]

Continue Reading

অন্ধ্ৰপ্ৰদেশৰ পুৰণি ভিডিঅ’ কটন বিশ্ববিদ্যালয়ৰ ধ্ৰুৱজ্য়োতি বৰ্মন হত্যাকাণ্ড বুলি অসমৰ হোৱাটছএপত ভাইৰেল।

২ অক্টোবৰ ২০২৪ বুধবাৰে ৰাতিপুৱা প্ৰায় ৭.৩০ বজাত অসমৰ ৰাজধানী গুৱাহাটীৰ গাতে লাগি থকা যোৰাবাটত এটা ঘটনা সংঘটিত হয়। খবৰ অনুসৰি কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনক ৰডেৰে মৰিয়াই হত্যা কৰে কোনো ট্ৰাক চালকে। তাৰ পাছতে বিয়লিৰ ভাগলৈ অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰে। বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত ব্যৱহাৰকাৰীৰ হোৱাটছএপতো বিয়পি পৰা […]

Continue Reading

মহাত্মা গান্ধীৰ সম্পাদিত ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল।

যোৱা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত মহাত্মা গান্ধীৰ বিভিন্ন ফটো ভাইৰেল হোৱা দেখা গৈছে। তেনে এখন ফটো আমাৰ দৃষ্টিগোচৰ হ’ল য’ত মহাত্মা গান্ধীক এগৰাকী মহিলাৰ সৈতে দেখা গৈছে।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ […]

Continue Reading

শ্বেইখ হাছিনাই দিল্লীত ৰন্ধা-বঢ়া কৰা দাবীটো অসত্য। ফটোখন প্ৰায় ৯ বছৰো অধিক কাল পুৰণি আৰু সেয়া বাংলাদেশৰ ফটো।  

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ এখন ফটো আপলোড কৰা হৈছে। ৰান্ধনীশালত খাদ্য প্ৰস্তুত কৰি থকা অৱস্থাত তোলা ফটোখন আপলোড কৰি দাবী কৰা হৈছে যে ফটোখন শেহতীয়া আৰু শ্বেইখ হাছিনাই এইদৰে ভাৰতৰ ৰাজধানী দিল্লীত খাদ্য প্ৰস্তুত কৰি আছে। লিখা হৈছে- দিল্লীত সুস্বাদু ব্যঞ্জন বনাই থকা অৱস্থাত।বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা। Facebook […]

Continue Reading

এমাজনৰ মিষ্ট্ৰীবক্স উপহাৰৰ ভাইৰেল লিংকটো ভুৱা। ইয়াৰ কোনো সত্যতা নাই।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ লিংক ফৰৱাৰ্ড কৰি দাবী কৰা হৈছে যে ই-কমাৰ্ছ প্ৰতিস্থান এমেজনে মিষ্ট্ৰী বক্স নামৰ এক বিশেষ সুবিধা প্ৰদান কৰিছে। আমাৰ ওচৰলৈয়ো সেই লিংকটো আহিল।  Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে সেই লিংকটোক ক্লিক কৰি […]

Continue Reading

TRAIৰ নামত ভুৱা ফোনকল আৰু চাইবাৰ অপৰাধ। আপোনাৰ কৰণীয় কি? জানক।

শেহতীয়াকৈ অসমৰ বিভিন্ন লোকলৈ বিভিন্ন নম্বৰৰ পৰা একোটা বিশেষ ফোন আহিছে, য’ত কোৱা হয় যে সেই নিৰ্দিষ্ট ব্যৱহাৰকাৰীগৰাকীৰ মোবাইল নম্বৰটো অচিৰেই বন্ধ কৰি দিয়া হ’ব। Telecom Regulatory Authority of India চমূকৈ TRAIৰ তৰফৰ পৰা কৰা বুলি দাবী কৰি সেই প্ৰী-ৰেকৰ্ডেড ফোনকলবোৰ আহে। বহুলোকে এনেকুৱা ফোনকল লাভ কৰিছে আৰু আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰকৃততে কি […]

Continue Reading

বাংলাদেশৰ মহিলা উপাধ্যক্ষৰ লগত দুৰ্ব্যৱহাৰৰ ভিডিঅ’ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এগৰাকী মহিলাক চকীত বহি থকা অৱস্থাত কেইবাগৰাকীও পুৰুষে আগুৰি তৰ্ক-বিতৰ্ক কৰি আছে আৰু এজন পুৰুষে মহিলাগৰাকীক টনা-আজোৰা কৰি চকীৰ পৰা উঠিবলৈ বাধ্য কৰিছে। দাবী কৰা হৈছে যে ভিডিঅ’টো বাংলাদেশৰ আৰু চকীত বহি থকা মহিলাগৰাকী এগৰাকী অধ্যক্ষ আৰু তেওঁক বলপূৰ্বকভাৱে অপসাৰণ কৰা হৈছে যিহেতু তেওঁ […]

Continue Reading

তিৰুপতি মন্দিৰ প্ৰসাদ বিতৰ্কত অভিযুক্ত ঘিঁউ যোগানকাৰীৰ সৈতে মিছাকৈ জড়িত পাক কোম্পানীৰ কৰ্মচাৰীৰ প্ৰফাইলৰ স্ক্ৰীণশ্বট।

তিৰুপতি মন্দিৰ প্ৰসাদ বিতৰ্কৰ সৈতে জড়িত কোম্পানী এটাৰ কৰ্মচাৰীৰ নামৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই কোম্পানীয়েই তিৰুপতি মন্দিৰৰ প্ৰসাদৰ বাবে ঘিঁউ যোগান ধৰিছিল। ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা হৈছিল এই কেপশ্বনেৰে,”তিৰুপতি মন্দিৰত ঘিঁ যোগান ধৰা কোম্পানী এ আৰ ফুডছৰ বিষয়ববীয়াৰ নাম এয়া”। […]

Continue Reading

পেজাৰ,লেবাননত পেজাৰ বিস্ফোৰণ আৰু আক্ৰমণ। এক সবিস্তাৰ আলোচনা।

পেজাৰ কি? পেজাৰ হৈছে এনেকুৱা এক যন্ত্ৰ,যাৰ জৰিয়তে মূলতঃ বাৰ্তা প্ৰেৰণ কৰা হয়। সম্প্ৰতি বিশ্বত এই যন্ত্ৰ বা ডিভাইচটোৰ ব্যৱহাৰ তেনেই তাকৰ যদিও কোনো কোনো প্ৰান্তত এতিয়াও পেজাৰ ব্যৱহাৰ কৰা হয়। এক নিৰ্দিষ্ট নম্বৰৰ জৰিয়তে এটাৰ সৈতে আনটো পেজাৰে সংযোগ স্থাপন কৰে আৰু নিৰ্দিষ্ট বাৰ্তা প্ৰেৰণ কৰে।  হিজবুল্লাহৰ পেজাৰ ব্যৱহাৰ বিংশ শতিকাৰ শেষৰ ফালে পেজাৰ […]

Continue Reading

হায়দৰাবাদৰ ভাগ্যলক্ষ্মী মন্দিৰত মুছলমানে আক্ৰমণ কৰি জুই লগাই দিয়া নাই। দাবীটো মিছা।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক একাউণ্টৰ পৰা এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে হায়দৰাবাদৰ ভাগ্যলক্ষ্মী মন্দিৰত মুছলমানে অগ্নিসংযোগ কৰি আক্ৰমণ কৰিছে। ভিডিঅ’টোত অগ্নিকাণ্ডৰ দৃশ্য দেখা গৈছে। ছাৰমিনাৰৰ সমীপত এই অগ্নিকাণ্ড দেখা গৈছে ভিডিঅ’টোত। পোষ্টটোত লিখা হৈছে- মুছলমানে #ভাগ্যলক্ষ্মী_মন্দিৰত অগ্নিসংযোগ কৰি আক্ৰমণ কৰিলে … হায়দৰাবাদত। #মিলাদ_নবী নে কিবা দিন উদযাপনৰ আনন্দ কৰিবলৈ #হিন্দুৰ_মন্দিৰ_আক্ৰমণ Facebook Link […]

Continue Reading