এআই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱজ্ঞা কৰা নাছিল। এয়া বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে অলপতে ফ্ৰান্সত হৈ যোৱা এআই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱজ্ঞা কৰি অন্য দেশপ্ৰধানসকলৰ সৈতে সৌহাৰ্দ্যমূলক আচৰণ প্ৰদৰ্শন কৰে। এটা পোষ্টত লিখিছেঃ বৰ দুখ পালো ∆∆∆∆∆ ফ্ৰাঞ্চত অনুষ্ঠিত তৃতীয় এ.আই. সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি এমানুৱেল মাক্ৰনে […]

Continue Reading

২০২৩ চনত গীতৰ প্ৰচাৰৰ বাবে বাৰানসীত উপস্থিত হোৱা ছানী লিয়নীৰ ভিডিঅ’ শেহতীয়া মহাকুম্ভৰ গংগা স্নানৰ বুলি মিছাকৈ ভাইৰেল কৰা হৈছে।  

শেহতীয়াভাবে অসমৰ একাংশ হোৱাটছএপ ব্যৱহাৰকাৰীৰ মাজত এটা বিশেষ ভিডিঅ’ বহুলভাৱে প্ৰচাৰিত হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগতভাৱেও সেই ভিডিঅ’টো প্ৰেৰণ কৰি দাবী কৰা হৈছে যে অভিনেত্ৰী ছানী লিয়নীয়ে মহাকুম্ভ মেলাত গংগানদীত স্নান কৰিছে। “কুম্ভমেলাত গংগা স্নান কৰিলে ছানী লিয়নে, মহাকুম্ভত পূণ্য অৰ্জন কৰিবলৈ এয়া ছানী লিওনী” আদি কেপছনেৰে ছানী লিয়নীৰ সেই ভিডিঅ’টো প্ৰচাৰ কৰা হৈছে। […]

Continue Reading

আমাৰ দেশৰ সংসদ আৰু সাংসদৰ নিৰাপত্তা ব্যৱস্থা আৰু অসমৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত চলা আক্ৰমণ প্ৰসংগত কিছু আলোচনা।

প্ৰস্তাৱনা শেহতীয়াকৈ যোৱা ২০ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ ৰূপহী নামৰ ঠাইটুকুৰাত সংঘটিত এটা ঘটনাই সমগ্ৰ অসমতেই চৰ্চা আৰু সমালোচনাৰ কাৰক হোৱাৰ সমান্তৰালকৈ ৰাজ্য আৰু দেশৰ সংবাদ মাধ্যমৰো মুখ্য বাতৰি হিচাপে পৰিগণিত হৈছে। সেয়া হৈছে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ, অসমৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ওপৰত হোৱা শাৰীৰিক আক্ৰমণ। নিজ পুত্ৰ তথা ৰাজনীতিক তাঞ্জিল হুছেইন তথা অন্য […]

Continue Reading

KIIT বিশ্ববিদ্যালয়ৰ বিতৰ্কঃ নেপালী ছাত্ৰীৰ আত্মহত্যা; কৰ্তৃপক্ষৰ কাৰ্য-ব্যৱস্থা আৰু শেহতীয়া স্থিতি। 

প্ৰস্তাৱনা দেশৰ বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত ছাত্ৰ বা ছাত্ৰীৰ আত্মহত্যাৰ খবৰে মাজে সময়ে সংবাদ শিৰোণাম দখল কৰি অহা পৰিলক্ষিত হয়। আনকি আমাৰ অসমৰো বিভিন্ন প্ৰতিষ্ঠানত এইধৰণ ঘটনাৰ খবৰ পূৰ্বেও চৰ্চা লাভ কৰিছিল। আনকি আইআইটি গুৱাহাটীত এইধৰণে ছাত্ৰই আত্মহত্যা কৰাৰ খবৰ আমি লাভ কৰিছিলোঁ। শিক্ষা প্ৰতিষ্ঠান একোখনত বিভিন্ন কাৰণত মানসিক কষ্ট লাভ কৰি ছাত্ৰ বা ছাত্ৰীয়ে […]

Continue Reading

বৰ্ধিত উষ্ণতা, বৰ্ষাহীনতা আৰু অসমৰ ভৱিষ্যতঃ এক আলোচনা

প্ৰস্তাৱনা ২০৪০ চনলৈ অসমৰ জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন হ’ব বুলি আশংকা কৰা হৈছে, যাৰ ফলত ৰাজ্যখনৰ অৰ্থনীতি, পৰিৱেশ তন্ত্ৰ আৰু জনস্বাস্থ্যৰ প্ৰতি যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব। এই শংকা প্ৰকাশ কৰিছে বেংগালুৰুৰ আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষমতা বিদ্যালয়ে । পূৰ্বাভাস অনুসৰি ভাগ-বতৰা কৰা আৰ্থ-সামাজিক পথ (shared socio-economic pathway) ২-৪.৫ পৰিস্থিতিৰ যি মধ্যমীয়া নিৰ্গমন, তাৰ বৰ্তমান […]

Continue Reading

প্ৰয়াগৰাজৰ ওপৰেৰে আন্তঃৰাষ্ট্ৰীয় বিমান উৰি যোৱাৰ সময়ৰ পাইলটৰ ঘোষণাৰ ভিডিঅ’টো প্ৰকৃত ঘোষণা নহয়। সেয়া কণ্টেণ্ট ক্ৰিয়েটৰে সৃষ্টি কৰা ভিডিঅ’হে। 

শেহতীয়াভাবে যোৱা ১০ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে প্ৰয়াগৰাজৰ মহা কুম্ভমেলাৰ ওপৰেৰে উৰি যোৱা বিমান এখনৰ পাইলটে মহাকুম্ভৰ বৰ্ণনাৰে বিমান ঘোষণা কৰিছে। ভিডিঅ’টোত মহা কুম্ভমেলাৰ দৃশ্যৰে সৈতে এটা বিশেষ ঘোষণা শুনা গৈছে।  ভিডিঅ’টোৰ ওপৰত লিখা হৈছে যে সেয়া ২০২৫ৰ মহাকুম্ভ আৰু যেতিয়া আন্তঃৰাষ্ট্ৰীয় বিমান প্ৰয়াগৰাজলৈ আহে,তেতিয়া […]

Continue Reading

আমেৰিকাৰ পৰা বিতাড়িত অন্য দেশৰ নাগৰিকৰ ফটোকে ভাৰতীয় নাগৰিকৰ ফটো বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে যোৱা ৪ ফেব্ৰুৱাৰী ২০২৫ত আমেৰিকাৰ পৰা ১০৪গৰাকী ভাৰতীয় লোকক বিতাড়ন কৰা হৈছিল। তাৰে পৰিপ্ৰেক্ষিতত কিছুমান ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি কৰিছে। দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বিতাড়িত ভাৰতীয়সকলৰ। ইতিমধ্যে তেনেকুৱা একাধিক ফটো আৰু ভিডিঅ”ৰ সত্যতা নিৰূপণ আমি কৰিছো।  যোৱা ৬ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজত দুখন ফটো আপলোড কৰি […]

Continue Reading

আৱামী লীগৰ নেতা মিৰ্জা আলমৰ ঘৰত জুই জ্বলোৱা ফটো মহম্মদ আলীৰ ঘৰৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে প্ৰচাৰ। 

শেহতীয়াভাবে যোৱা ৭ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি সেইখন বাংলাদেশৰ আৱামী লীগৰ নেতা মহম্মদ আলীৰ ঘৰত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰা বুলি দাবী কৰিছে। পোষ্টটোত লিখিছেঃ-বাংলাদেশত এফালৰ জ্বলিছে আৱামী লীগৰ নেতা সদস্যৰ ঘৰ। মহম্মদ আলী নামৰ এজন নেতাৰ গৃহ আজি জ্বলাই প্ৰতিবাদকাৰীৰ সমদল। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

হেণ্ডকাফ আৰু ভৰি-ককালৰে শিকলি বন্ধা বিতাড়িত লোকসকল ভাৰতীয় নহয়। তেওঁলোক অন্য দেশৰ।

শেহতীয়াভাবে ২০২৫ চনৰ ৪ ফেব্ৰুৱাৰীত সামৰিক বিমানেৰে কমেও ১০৪ জন ভাৰতীয় নাগৰিকক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছিল। এই পটভূমিত সশস্ত্ৰ বাহিনীৰ উপস্থিতিত হাতত হেণ্ডকাফ আৰু ককালত শিকলি বান্ধি একাংশ লোকক বিমানত উঠোৱা তথা বিমানত বহুৱাই ৰখা কিছুমান ফটো ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানে পৰিবেশন কৰা বাতৰিৰ ভিডিঅ’ত তেনেকুৱা দুখন ফটো ব্যৱহাৰ […]

Continue Reading

হাতত হেণ্ডকাফ আৰু ভৰি-ককালত শিকলি লগোৱা এইসকল বিতাড়িত লোক ভাৰতীয় নহয়। জানক সবিশেষ।

শেহতীয়াভাবে ২০২৫ চনৰ ৪ ফেব্ৰুৱাৰীত সামৰিক বিমানেৰে কমেও ১০৪ জন ভাৰতীয় নাগৰিকক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছিল। এই পটভূমিত সশস্ত্ৰ বাহিনীৰ উপস্থিতিত হাতত হেণ্ডকাফ আৰু ককালত শিকলি বান্ধি একাংশ লোকক শাৰী পতাই বিমানত উঠোৱা এটা ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এইসকল ভাৰতীয় নাগৰিক যিসকলক আমেৰিকাৰ […]

Continue Reading