এইখন তেলেংগানাৰ বলাতকাৰ ঘটনাৰ অভিযুক্তক পুলিচে পিটি থকা ফটো নহয়!

False Social

শেহতীয়াকৈ তেলেংগানাৰ এগৰাকী ২৬ বছৰীয়া যুৱতী ভেটেৰিনেৰী ডক্টৰক নিৰ্মম ভাৱে বলাতকাৰ কৰি হত্যা কৰি পাছত জ্বলাই দিয়া ঘটনাই গোটেই দেশকে জোকাৰি গৈছে । চাৰি অভিযুক্তই যুৱতী গৰাকীৰ গাড়ীৰ চকা ফুটাৰ পাছত সহায় কৰাৰ চলেৰে কাষলৈ আহি পাছত আক্ৰমণ কৰে । 

ইয়াৰ মাজতেই, এখন ফটো সমগ্ৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত এজন মানুহক কেইজনমান পুলিচে পিটি থকা দেখা গৈছে । দাবী কৰা হৈছে যে মাৰ খাই থকাজন 

তেলেংগানাৰ সেই চাৰি অভিযুক্তৰ মাজৰ এজন হয় । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন বহুল ভাৱে শ্বেয়াৰ হৈছে । ফটোখনৰ লগত লিখা হৈছে “এইটো তেলেংগানা ঘটনাৰ ৰেপিষ্ট… পুলিচে খুব পিটিছে… ইহঁতক এনেকুৱাই কৰিব লাগে…”

কিন্তু ফটোখনত দেখা পোৱা মানুহজন সঁচাকৈ তেলেংগানাৰ সেই চাৰি অভিযুক্তৰ মাজৰ এজন হয় নে?  সত্যতা কি? জানোঁ আহক । 

প্ৰণালী

আমি ৰিভাৰছ ইমেজ চাৰ্চৰ সহায়ত পালোঁ যে উক্ত ফটোখন তেলেংগানাৰ নহয় বৰঞ্চ অন্ধ্ৰ প্ৰদেশৰ চিত্তৰ জিলাৰ হয় । এই মানুহটোৰ বিপক্ষে এজনী ক্লাছ ৫ত পঢ়া ছোৱালীক যোৱা নৱেম্বৰ ২৪ তাৰিখে বলাতকাৰ কৰাৰ অভিযোগ আছে । 

ৰিভাৰছ ইমেজ চাৰ্চৰ ফলত আমি এই বিষয়ে ৰাষ্ট্ৰীয় নিউজ পেপাৰ ‘দা হিন্দু’ত নৱেম্বৰ ২৭ তাৰিখে প্ৰকাশ হোৱা এটা বাতৰি দেখা পালোঁ ।  বাতৰিটো পঢ়ক ইয়াত । 

rape beating 3.png

আমি ফটোখনৰ সৈতে সাদৃশ্য থকা ইউটিউবৰ এটা তেলেগু নিউজ চেনেলৰ লিংকও দেখা পালোঁ আৰু অনুবাদ কৰোঁতে বাতৰিটোৰ শিৰোনামা “দহ বছৰীয়া ছোৱালী এজনীক বলাতকাৰ কৰা এই মানুহজনক পুলিচে পিটন দিছে” । 

rape beating 2.png

ইউটিউব লিংক | সংৰক্ষিত লিংক

ফলাফল

ভাইৰেল ফটোখন তেলেংগানাৰ নহয় বৰঞ্চ ফটোখন অন্ধ্ৰ প্ৰদেশৰ আন এটা বলাতকাৰ ঘটনাৰ হয় । ফটোখন তেলেংগানাৰ হয় বুলি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে ।

Avatar

Title:এইখন তেলেংগানাৰ বলাতকাৰ ঘটনাৰ অভিযুক্তক পুলিচে পিটি থকা ফটো নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *